Investigative reporting with dedication.
Hello শব্দ ব্যৱহাৰত নিষেধাজ্ঞা

Hello শব্দ ব্যৱহাৰত নিষেধাজ্ঞা
চুপ,হেল্ল’বুলি নক’ব!
কোনো আত্মীয়তা নাই হেল্ল’ শব্দটোত
হেল্ল’ৰ পৰিবৰ্তে কওক ‘বন্দে মাতৰম’ ফোনটো উঠাই আৰু হেল্ল’ বুলি ক’ব নোৱাৰিব !
হয়,আপুনি যদি চৰকাৰী চাকৰিয়াল অথবা চৰকাৰী সাহাৰ্যপ্ৰাপ্ত অনুষ্ঠানৰ কৰ্মচাৰী,তেন্তে আপোনাৰ বাবেই এই নিৰ্দেশনা
চৰকাৰী ধনেৰে পৰিয়াল প্ৰতিপালন কৰিছে যেতিয়া আপুনি আৰু চৰকাৰৰ বিৰুদ্ধে গৈ হেল্ল’ উচ্চাৰণ কৰিব নোৱাৰিব৷
এই চৰকাৰী নিৰ্দেশনা জাৰি হৈছে মহাৰাষ্ট্ৰত
শনিবাৰে এই নিৰ্দেশ প্ৰদান কৰে মহাৰাষ্ট্ৰ চৰকাৰে৷
কেৱল সেয়াই নহয়,আপুনি কাৰোবাক সাক্ষাৎ কৰোঁতেও আপুনি হাই,হেল্ল’ৰ সলনি ব্যৱহাৰ কৰিব লাগিব ‘বন্দে মাতৰম’৷
মহাৰাষ্ট্ৰ চৰকাৰে নিৰ্দেশটোৰ সমৰ্থনত যুক্তি দৰ্শাই কয় যে হেল্ল’ হ’ল এটা ইংৰাজী শব্দ৷
এই শব্দটোৰ লগত কোনো আত্মিকতাৰ ভাৱ নাই৷’বন্দে মাতৰম’ এটা অনুভৱ যিটো অনুভূতি প্ৰতিগৰাকী ভাৰতবাসীয়ে অনুভৱ কৰা উচিত ৷সেয়ে আমি চৰকাৰী আৰু সকলো অৰ্ধ চৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মীক হেল্ল’ শব্দৰ পৰিবৰ্তে ‘বন্দে মাতৰম ‘শব্দ প্ৰয়োগৰ নিৰ্দেশ জাৰি কৰিছোঁ ৷ ”




