সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

যুদ্ধৰ সামৰণি পৰিবনে :আলোচনাৰ মেজত ইউক্ৰেইন – ৰাছিয়া

পাঁচটা দিনৰ নেৰানেপেৰা যুদ্ধৰ পাছত আৰম্ভ হৈছে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত আলোচনাৰ প্ৰক্ৰিয়া ৷ যুদ্ধৰ সামৰণি পেলাবলৈ বেলাৰুছত দুয়োখন দেশৰ প্ৰতিনিধি আলোচনাত মিলিত হৈছে ৷ এই আলোচনা সন্দৰ্ভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে এই আলোচনা সফল হোৱাৰ কোনো আশা নাই ৷ কিন্তু চেষ্টা কৰাৰো কোনো ত্ৰুটি ৰাখিব বিচৰা নাই ৷ আলোচনা আৰম্ভ হোৱাৰ পূৰ্বে ইউক্ৰেইনে সীমান্তৰ পৰা ৰুছ সেনা প্ৰত্যাহাৰৰ দাবী উত্থাপণ কৰিছে ৷ ইপিনে , বেলাৰুছে ৰাছিয়াৰ সহায়ৰ বাবে সেনা প্ৰেৰণৰ প্ৰস্তুতি চলাইছে ৷

Leave A Reply

Your email address will not be published.