সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইউক্ৰেইনত আবদ্ধ ২০ হাজাৰ ভাৰতীয় : দেশলৈ উভতিল ৬ হাজাৰ , ২ হাজাৰক আনিলে চৰকাৰে

ইউক্ৰেইনত ক্ৰমাগতভাৱে সপ্তম দিনৰ বাবে আক্ৰমণ অব্যাহত ৰাখিছে ৷ তাৰ মাজতে বিদেশ ৰাজ্য মন্ত্ৰী বি মুৰলীধৰণে ঘোষণা কৰিছে যে ২০ হাজাৰ ভাৰতীয় ইউক্ৰেইনত আবদ্ধ হৈ আছে ৷ ২৪ ফেব্ৰুৱাৰী পৰ্যন্ত ৪০০০ লোক ভাৰতলৈ উভতি আহিছে ৷ মঙলবাৰ পৰ্যন্ত আৰু ২০০০ ভাৰতীয় নাগৰিক নিজ দেশত আহি উপস্থিত হৈছে ৷ বাকী নাগৰিকসকলক ৰোমানিয়া , পোলেণ্ড , হাংগেৰী , শ্লোভাকিয়া আৰু মালডোৱাৰ পথেৰে ভাৰতলৈ ওভতাই অনাৰ চেষ্টা চলাই থকা হৈছে বুলি বিদেশ ৰাজ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰে ৷ মন্ত্ৰীগৰাকীৰ মতে অপাৰেশ্যন গংগাৰ জড়িয়তে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ বায়ুসেনাৰ সহায় লোৱা হৈছে ৷ ইতিমধ্যে বায়ুসেনাৰ দুখন চি১৭ বিমান ৰাওনা হৈছে ৷ এই বিমানকেইখনে চাৰিশতাধিক ছাত্ৰ ছাত্ৰীক লৈ বুধবাৰে দিল্লীত উপস্থিত হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

Leave A Reply

Your email address will not be published.