ইউক্ৰেইনত আবদ্ধ ২০ হাজাৰ ভাৰতীয় : দেশলৈ উভতিল ৬ হাজাৰ , ২ হাজাৰক আনিলে চৰকাৰে

Share This Article

ইউক্ৰেইনত ক্ৰমাগতভাৱে সপ্তম দিনৰ বাবে আক্ৰমণ অব্যাহত ৰাখিছে ৷ তাৰ মাজতে বিদেশ ৰাজ্য মন্ত্ৰী বি মুৰলীধৰণে ঘোষণা কৰিছে যে ২০ হাজাৰ ভাৰতীয় ইউক্ৰেইনত আবদ্ধ হৈ আছে ৷ ২৪ ফেব্ৰুৱাৰী পৰ্যন্ত ৪০০০ লোক ভাৰতলৈ উভতি আহিছে ৷ মঙলবাৰ পৰ্যন্ত আৰু ২০০০ ভাৰতীয় নাগৰিক নিজ দেশত আহি উপস্থিত হৈছে ৷ বাকী নাগৰিকসকলক ৰোমানিয়া , পোলেণ্ড , হাংগেৰী , শ্লোভাকিয়া আৰু মালডোৱাৰ পথেৰে ভাৰতলৈ ওভতাই অনাৰ চেষ্টা চলাই থকা হৈছে বুলি বিদেশ ৰাজ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰে ৷ মন্ত্ৰীগৰাকীৰ মতে অপাৰেশ্যন গংগাৰ জড়িয়তে ইউক্ৰেইনত আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ বায়ুসেনাৰ সহায় লোৱা হৈছে ৷ ইতিমধ্যে বায়ুসেনাৰ দুখন চি১৭ বিমান ৰাওনা হৈছে ৷ এই বিমানকেইখনে চাৰিশতাধিক ছাত্ৰ ছাত্ৰীক লৈ বুধবাৰে দিল্লীত উপস্থিত হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.