ইউক্ৰেইনৰ হাস্পতালতো ৰুছ সেনাৰ আক্ৰমণ

Share This Article

বিগত সাতদিন ধৰি ইউক্ৰেইনত অব্যাহত আছে ৰুছ সেনাৰ আক্ৰমণ ৷ এই আক্ৰমণত মূলত: লক্ষ্য কৰি লোৱা হৈছে ৰাজধানী কিয়েভ , খাৰ্কিবসহ কেবাখনো মুখ্য চহৰক ৷ আজি পুৱাই ৰুছ পেৰাছুটাৰ বাহিনীয়ে খাৰ্কিবৰ এখন চিকিৎসালয়ত আক্ৰমণ কৰে ৷ লগতে ৰুছ সেনাই খেৰ্ছোন চহৰতো আধিপত্য স্থাপন কৰিছে ৷ ইয়াৰ পূৰ্বে মঙলবাৰে ৰুছ সেনাই ৰাজধানী কিয়েভৰ এটা টিভি টাৱাৰতো আক্ৰমণ কৰিছিল ৷ মিছাইল আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ৫ জন লোকে ৷ লগতে ইহুদী গণহত্যাৰ স্মাৰক বেবিন হোলোকাষ্ট চেন্টাৰো ৰাছিয়াৰ সেনা বাহিনীয়ে ধ্বংস কৰি পেলায় ৷
ইফালে, ইউক্ৰেইন আক্ৰমণক লৈ কঠোৰ নিন্দাৰ সন্মুখীন হৈছে ৰাছিয়া ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত যেতিয়া ৰাছিয়াৰ বিদেশ মন্ত্ৰীয়ে কথা ক’বলৈ আৰম্ভ কৰিলে , তেতিয়া ১০০ ত কৈও অধিক কূটনীতিবিদে সদন ত্যাগ কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.