সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ইউক্ৰেইনৰ হাস্পতালতো ৰুছ সেনাৰ আক্ৰমণ

বিগত সাতদিন ধৰি ইউক্ৰেইনত অব্যাহত আছে ৰুছ সেনাৰ আক্ৰমণ ৷ এই আক্ৰমণত মূলত: লক্ষ্য কৰি লোৱা হৈছে ৰাজধানী কিয়েভ , খাৰ্কিবসহ কেবাখনো মুখ্য চহৰক ৷ আজি পুৱাই ৰুছ পেৰাছুটাৰ বাহিনীয়ে খাৰ্কিবৰ এখন চিকিৎসালয়ত আক্ৰমণ কৰে ৷ লগতে ৰুছ সেনাই খেৰ্ছোন চহৰতো আধিপত্য স্থাপন কৰিছে ৷ ইয়াৰ পূৰ্বে মঙলবাৰে ৰুছ সেনাই ৰাজধানী কিয়েভৰ এটা টিভি টাৱাৰতো আক্ৰমণ কৰিছিল ৷ মিছাইল আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ৫ জন লোকে ৷ লগতে ইহুদী গণহত্যাৰ স্মাৰক বেবিন হোলোকাষ্ট চেন্টাৰো ৰাছিয়াৰ সেনা বাহিনীয়ে ধ্বংস কৰি পেলায় ৷
ইফালে, ইউক্ৰেইন আক্ৰমণক লৈ কঠোৰ নিন্দাৰ সন্মুখীন হৈছে ৰাছিয়া ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত যেতিয়া ৰাছিয়াৰ বিদেশ মন্ত্ৰীয়ে কথা ক’বলৈ আৰম্ভ কৰিলে , তেতিয়া ১০০ ত কৈও অধিক কূটনীতিবিদে সদন ত্যাগ কৰে ৷

Leave A Reply

Your email address will not be published.