সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পিতৃক গুৰু মানি বিশ্বনায়ক হ’ল মেছি

লিঅ’নেল আন্দ্ৰেছ মেছিয়ে খেলিবলৈ আৰম্ভ কৰিছিল দেউতাকৰ ক্লাবৰ পৰা।ফুটবলৰ প্ৰতি থকা প্ৰেমৰ বাবেই নিজ দেশ এৰিছিল মেছীয়ে।তেওঁ আৰ্জেণ্টিনা ফুটবলৰ ৰাজপুত্ৰ মহাতাৰকা লিঅ’নেল আন্দ্ৰেছ মেছি ।দেউতাকৰ ক্লাবৰ পৰা প্ৰথমখন ফুটবল মেচ খেলা, ফুটবলৰ বাবে নিজ দেশ এৰি অসুস্থতাৰ সৈতে যুঁজ দিয়া লিঅ’নেল মেছিৰ কাহিনী ৰূপকথাৰ কাহিনীতকৈ কোনো গুণে কম নহয়। ১৯৮৭ চনৰ ২৪ জুন তাৰিখে আৰ্জেণ্টিনাৰ ছাণ্টা ফে প্ৰদেশৰ ৰোজাৰিঅ’ত জন্ম গ্ৰহণ কৰা মেছিৰ নেতৃত্বতেই আৰ্জেণ্টিনাই ৩৬ বছৰৰ মূৰত জয়ী হয় বিশ্বকাপ ফুটবল।১৯৯৮ চনত জিএইচডি ৰোগত আক্ৰান্ত হৈছিল মেছি। জিএইচডি এনে এক ৰোগ য’ত শৰীৰৰ সঠিকভাৱে বিকাশ নহয়। উচ্চতা স্বাভাৱিক অনুপাতত নহয় বৃদ্ধি। কিন্তু এই ৰোগে সপোন দেখাত বাধা দিব নোৱাৰিলে মেছিক।’লিটল বয় ফ্ৰম ৰোজাৰিঅ’, ‘লিঅ’ আৰু ‘পুলগা’ নামেৰে জনাজাত মেছিয়ে দেশবাসীৰ আশাৰ দায়িত্ব কান্ধ পাতি সৰ্বোচ্চ উজাৰি দিলে কাটাৰ বিশ্বকাপ ফুটবলত।দেউতাকেই আছিল মহাতাৰকা গৰাকীৰ প্ৰথম গুৰু।লিঅনেল মেছিৰ ফুটবল যাত্ৰা আৰম্ভ হৈছিল মাত্ৰ ৫ বছৰ বয়সৰ পৰা। barcelona.com মতে, ১৯৯২ চনত মেছিয়ে দেউতাকৰ ফুটবল ক্লাব ‘গ্ৰেণ্ডোলি’ৰ সৈতে খেলিবলৈ আৰম্ভ কৰে ফুটবল। ১৯৯৫ চনত ‘নেৱেলৰ ওল্ড বয়জ ক্লাব’ৰ পৰা খেলে ফুটবল। ১১ বছৰ বয়সত জিএইচডি ৰোগত আক্ৰান্ত মেছিৰ অসুস্থতাৰ বাবে প্ৰতি মাহে ব্যয় হৈছিল ৪০ হাজাৰ টকা। যাৰবাবে ‘ৰিভাৰ প্লেট’ নামৰ ক্লাবটোৱে মেছিক ‘ৰিভাৰ প্লেট’ৰ হৈ খেলাবলৈ অস্বীকাৰ কৰিছিল।এফ চি বাৰ্চিলোনাৰ সহায়ক পৰিচালক কাৰ্লেছ ৰিক্সাচে গম পাইছিল মেছিৰ প্ৰতিভাৰ বিষয়ে। তেতিয়াই মেছিক বাৰ্চিলোনাৰ ক্লাবৰ হৈ মাতিছিল খেলিবলৈ। ক্লাবটোৱে স্পেইনলৈ যাবলৈ আৰু মেছিৰ চিকিৎসাৰ ব্যয়ো বহন কৰিছিল। লাহে-লাহে এটা নতুন জীৱন আৰম্ভ কৰিছিল মেছিয়ে৷ ইয়াৰ পৰা আৰম্ভ হৈছিল মেছিৰ নতুন ফুটবল যাত্ৰা। ১৩ বছৰ বয়সতে নিজৰ দেশ ত্যাগ কৰি বাৰ্চিলোনালৈ যোৱা লিঅ’নেল মেছিয়ে বাৰ্চিলোনাৰ বি দলৰ পৰা খেলি ৩৫ টা গ’ল কৰিছিল ৩০খন মেচত। ২০০৪ চনত মেছিয়ে তৃতীয় কনিষ্ঠতম খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰে বাৰ্চিলোনা দলৰ পৰা। ১৭ বছৰ, ১০ মাহ আৰু ৭ দিন বয়সত জ্যেষ্ঠ দলৰ হৈ প্ৰথমটো গ’ল কৰে লিঅ’নেল মেছিয়ে। লা লিগাত গ’ল কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিচিত হৈছিল লিঅ’নেল মেছি।লিঅ’নেল মেছিয়ে ২০০৮ চনত লাভ কৰিছিল ফিফাৰ বিশ্ব খেলুৱৈ সন্মান। ক্ৰিষ্টিয়ানো ৰোণাল্ডো আছিল প্ৰথম স্থানত। ২০০৯ চনত মেছিয়ে বাৰ্চিলোনাক ক্লাবৰ প্ৰথম “ট্ৰেবল” লা লিগা চেম্পিয়নশ্বিপ, কোপা ডেল ৰে আৰু চেম্পিয়নছ লীগ জয় কৰাত গুৰুতপূৰ্ণ ভূমিকা লৈছিল। সেই ছিজনত তেওঁ ৫১ খন মেচত গ’ল কৰিছিল ৩৮ টা। ২০১০ চনত ৱৰ্ল্ড প্লেয়াৰ অফ দা ইয়েৰ বঁটাও লাভ কৰিছিল। লিঅ’নেল মেছিয়ে ২০০৫ চনৰ ফিফা বিশ্ব যুৱ চেম্পিয়নশ্বিপত খেলিছিল আৰ্জেণ্টিনাৰ হৈ। ২০০৮ চনৰ বেইজিং অলিম্পিকৰ ৫ খন খেলত দুটা গ’ল কৰি মেছিয়ে আৰ্জেণ্টিনাৰ হৈ লাভ কৰিছিল সোণৰ পদক। ২০১০চনৰ ফিফা বিশ্বকাপত মেছিয়ে আৰ্জেণ্টিনাক কোৱাৰ্টাৰ ফাইনেলত উপনীত হোৱাত কৰিছিল সহায়। কিন্তু ছেমিফাইনেলত থমকিল আৰ্জেণ্টিনা।
২০১৪ চনৰ ফিফা বিশ্বকাপতো সুন্দৰ প্ৰদৰ্শন কৰিছিল মেছিয়ে। উক্ত বিশ্বকাপত মেছিয়ে আৰ্জেণ্টিনাৰ হৈ দিছিল চাৰিটা গ’ল। যাৰ সহায়ত আৰ্জেণ্টিনাই ২৪ বছৰৰ পিছত বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল। অৱশ্যে ফাইনেলত আৰ্জেণ্টিনা জাৰ্মানীৰ হাতত পৰাজিত হয় ১-০ গ’লত। আৰ্জেণ্টিনা পৰাজিত হলেও মেছিয়ে লাভ কৰিছিল গোল্ডেন বলৰ বঁটা। কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ তো মেছিয়ে ৭ টা গ’ল কৰি লাভ কৰিলে গোল্ডেন বলৰ বঁটা। তদুপৰি, যোৱা বছৰৰ কোপা আমেৰিকা কাপত আৰ্জেণ্টিনাক বিজয়ৰ দিশে লৈ যোৱাৰ ক্ষেত্ৰতো মেছিৰ আছিল গুৰুত্বপূৰ্ণ ভূমিকা। আৰু দেওবাৰে লিঅ’নেল মেছিয়ে দেশবাসীক দিলে বিশ্বকাপ ফুটবলৰ স্বৰ্ণ ট্ৰফী। লিঅ’নেল মেছিয়ে ফুটবলৰ জৰিয়তে আৰ্জেণ্টিনাক সকলো দিলে। আৰু ফুটবলৰ পৰা নিজেও সকলো পালে। এগৰাকী খেলুৱৈৰ বাবে জীৱনত ইয়াতকৈ আৰু বৃহৎ সফলতা একোৱেই হ’ব নোৱাৰে। এনে সফলতা সম্ভৱতঃ লিঅ’নেল মেছিৰ বাবেহে সম্ভৱ।কাৰণ লিঅ’নেল মেছি যে ফুটবলৰ ৰাজপুত্ৰ।

Leave A Reply

Your email address will not be published.