সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আকৌ উভতি আহিছে নিৰো…!

সম্ৰাট নিৰো ।৫৪ খ্ৰীষ্টাব্দত মাত্ৰ ১৬ বছৰ বয়সত বিশাল এখন দেশৰ সম্ৰাটৰ আসনত অধিষ্ঠিত হয় নিৰো। সেই সময়ত ৰোমৰ সীমা বিয়পি আছিল ব্ৰিটেইনৰ পৰা চিৰিয়ালৈ । নিৰোক ক্ষমতালৈ আনিছিল তেওঁৰ মাতৃ অগ্ৰিপীনাই । ক্ষমতাৰ বাবে ভোকাতুৰ মাতৃৰ কূটকৌশলৰ বাবেই ১৬ বছৰ বয়সত সিংহাসনত বহিছিল নিৰো । নিৰোৰ বলতেই মাক অগ্ৰিপীনা হৈ পৰিল ৰোমৰ হৰ্তা কৰ্তা ।ৰোমান মুদ্ৰাত নিৰোৰ লগতে ছপা হ’বলৈ ধৰিলে অগ্ৰপীনাৰ ফটো।কিন্তু শাসনলৈ অহাৰ ৫বছৰ পাছত খোদ নিৰোয়েই হত্যা কৰে নিজ মাতৃক ।কেৱল নিজৰ হাতত সকলো শক্তি সঞ্চিত কৰিবলৈকে নিৰোয়ে হত্যা কৰিছিল মাতৃক।মাকক হত্যা কৰাৰ প্ৰথম প্ৰচেষ্টাত অসফল হৈছিল নিৰো ।মাতৃক হত্যাৰ বাবে সমুদ্ৰ তীৰত এক বিশেষ সমাৰোহৰ আয়োজন কৰা হৈছিল।সেই সমাৰোহৰ পৰা মাকক ওভতাই পঠিয়াইছিল এখন জাহাজত ।বাটতেই মাকৰ জাহাজ সাগৰৰ পানীত জাহ যোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল নিৰোয়ে ।কিন্তু সেয়া ব্যৰ্থ হ’ল ৷ তাৰ পাছত ৰাজদ্ৰোহৰ অভিযোগত অভিযুক্ত কৰি নিজ মাতৃকেই হত্যা কৰিলে সম্ৰাট নিৰোয়ে ।সেইজনেই নিৰো । যিয়ে নিজৰ মাকক প্ৰতিদ্বন্দী বুলি ভাবিবলৈ লৈছিল আৰু হত্যা কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল।মাকেই নহয় , নিজৰ দুগৰাকী পত্নীকো হত্যা কৰিছিল সম্ৰাট নিৰোয়ে ।কোৱা হয় , নিৰোৰ শাসনৰ প্ৰথম পাঁচ বছৰ আছিল ৰোম সাম্ৰাজ্যৰ স্বৰ্ণযুগ । প্ৰাচীন ৰোমৰ প্ৰশাসনিক ব্যৱস্থাত আছিল চিনেটৰ লগতে প্ৰশাসন আৰু পৰামৰ্শদাতাৰ বিশেষ কমিটী । নিৰোয়ে চিনেটক অধিক শক্তিশালী কৰি তুলিলে , সেনাক সকলো সময়তে নিজৰ লগত ৰাখিলে । নাগৰিকৰ মাজৰ নানা ধৰণৰ খেল প্ৰতিযোগিতাৰ আয়োজন কৰি প্ৰজাৰ মাজতো বিপুল জনপ্ৰিয় হৈ পৰিল ।খেলৰ লগতে নিৰোয়ে জনসাধাৰণৰ বাবে আগবঢ়াই দিছিল মনোৰঞ্জনৰ বিপুল সম্ভাৰ । কিন্তু নিৰোৰ শাসনৰ শেষৰ ফালে হিংসা আৰু বৰ্বৰতাই চানি ধৰিছিল সমগ্ৰ দেশ ।আৰু ইতিহাসে সেইদৰেই মনত ৰাখিলে সম্ৰাট নিৰোক।চন ৬৪ ত সমগ্ৰ ৰোম জ্বলি ছাৰখাৰ হৈ গ’ল ।কোৱা হয় যে নিৰোয়ে নিজেই ৰোমত জুই জ্বলাই দিছিল ।সমগ্ৰ ৰোমক নিজৰ মতে সজাবলৈ , তাত নিজৰ বাবে সম্ভ্ৰান্ত গোল্ডেন ৰুম নিৰ্মান কৰিবলৈ অগ্নিকাণ্ডৰ সূত্ৰপাত কৰিছিল । সেইবাবেই ৰোম জ্বলি থকা সময়ত সম্ৰাট নিৰোয়ে নিজে বীণ বজাই আছিল । এই অগ্নিকাণ্ডৰ পাছত সমগ্ৰ দোষ জাপি দিয়া হৈছিল খ্ৰীষ্টান লোকসকলৰ ওপৰত ।শাস্তি হিচাপে খ্ৰীষ্টানসকলক ৰাজহুৱাভাৱে ফাঁচী দিয়া হৈছিল , জীৱন্তে জ্বলাই দিয়া হৈছিল আৰু এই দৃশ্য প্ৰত্যক্ষ কৰিবলৈ গণ সমাৰোহৰ আয়োজন কৰা হৈছিল ।নিৰোয়ে অগ্নিকাণ্ডৰ পাছতেই আৰম্ভ কৰে গোল্ডেন ৰুমৰ নিৰ্মান ।কোঠাই কোঠাই অভিজাত ফাৰ্ণিচাৰ , সুগন্ধি পাৰফিউমৰ বাবে বিশেষ পাইপৰ ব্যৱস্থা , দুৱাৰত অত্যাধুনিক কাৰুকাৰ্য । মাত্ৰাধিক ধন ব্যয়েৰে এই গোল্ডেন ৰুমৰ নিৰ্মান হৈ আছিল ৷ অসন্তুষ্ট জনতাক সন্তুষ্ট কৰিবলৈ কোৱা হৈছিল – নিৰ্মান সম্পূৰ্ণ হ’লেই এই ভৱন খেল আৰু মনোৰঞ্জনৰ বাবে মুকলি কৰি দিয়া হ’ব । কিন্তু অসম্পূৰ্ণ হৈ ৰ’ল নিৰোৰ সপোনৰ গোল্ডেন ৰুম ।নিৰোয়ে জনতা , সতীৰ্থ কাৰোৱে মতামতক অকনো গুৰুত্ব দিয়া নাছিল । তেওঁৰ চখ আছিল অভিনয় আৰু বাদ্যযন্ত্ৰ বজোৱা । নিজৰ চখ পূৰাবৰ বাবে এক বছৰৰ ছুটী লৈ গুছি গৈছিল য়ুনানলৈ। চিনেটৰ মতে এয়া আছিল ৰোমান নেতাৰ গৰিমা বিৰোধী কথা । কিন্তু চিনেটৰ কথা কিয় শুনিব নিৰোয়ে ? নাটকত তেওঁ প্ৰায়ে অভিনয় কৰে শোকাহত নায়িকাৰ । অভিনয়ৰ সময়ত পিন্ধি লয় দ্বিতীয় পত্নী পপিয়াৰ মুখা ।অনবৰত দেখুৱাবলৈ চেষ্টা কৰে যে দ্বিতীয়া পত্নীৰ মৃত্যুত তেওঁ ম্ৰিয়মান , শোকাহত , অপৰাধবোধত নিমজ্জিত ।এইজন আছিল নিৰো ৷ ৩০ বছৰ সম্পূৰ্ণ হোৱালৈ নিৰো জনতাৰ চকুত হৈ পৰিছিল বদনামী , মেজাজী সম্ৰাট । অৱশেষত চিনেটে ঘোষণা কৰি দিলে ‘নিৰো জনতাৰ শত্ৰু’।নিৰোৰ বুজিবলৈ বাকী নাছিল যে এয়া তেওঁৰ মৃত্যু পৰোৱানা । নিশাৰ আন্ধাৰত ৰাজপ্ৰসাদ এৰি নিৰোয়ে পলায়ন কৰে আৰু চহৰৰ বাহিৰত নিজৰেই অন্য এটা মহলত চিপ লৈ আত্মহত্যা কৰে ।

Leave A Reply

Your email address will not be published.