বাজেয়াপ্ত হ’ব তাজমহলৰ সম্পত্তি!

Share This Article

বিশ্বৰ অন্যতম আশ্চৰ্য তাজমহললৈ এক কোটি টকাৰ কৰ আদায় দিয়াৰ জাননী প্ৰেৰণ কৰিছে আগ্ৰা পৌৰ নিগমে।নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰ পৰিশোধ নকৰিলে বাজেয়াপ্ত হ’ব পাৰে তাজমহলৰ সম্পত্তি! কেৱল তাজমহলেই নহয় আগ্ৰা ফ’ৰ্টলৈও কৰ আদায় দিয়াৰ কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰিছে আগ্ৰা পৌৰ নিগমে। তাজমহলৰ ৩৭০ বছৰীয়া ইতিহাসৰ ই এক আজৱ ঘটনা। তাজমহল আৰু আগ্ৰা ফ’ৰ্টলৈ বৃহৎ পৰিমাণৰ কৰ আদায় দিয়াৰ নিৰ্দেশ আহিল আগ্ৰা পৌৰ নিগমৰ তৰফৰ পৰা। কেৱল জাননী নহয় বান্ধি দিয়া হ’ল ১৫ দিনৰ সময়সীমা। নিৰ্ধাৰিত সময়ৰ ভিতৰত বকেয়া কৰ আদায় নিদিলে তাজমহলৰ সম্পত্তি বাজেয়াপ্ত কৰা হ’ব বুলিও দিয়া হয় জাননী। কি কি বিষয়ত কৰ আদায় দিয়াৰ নিৰ্দেশৰ জাননী জাৰি কৰা হ’ল তাজমহললৈ?সম্পত্তি আৰু পানীৰ কৰ আদায় দিবলৈ তাজমহললৈ জাননী প্ৰেৰণ কৰিছে বিভাগটোৱে।তাজমহল আৰু আগ্ৰা ফ’ৰ্টে ২০২১-২২ আৰু ২২-২৩ বিত্তীয় বৰ্ষৰ কৰ আদায় দিবলৈ বাকী থকা বুলি উল্লেখ কৰা হয় এই জাননীখনত। আগ্ৰা পৌৰ নিগমৰ এই জাননীৰ পাছতে হতবাক হৈ পৰিছে তাজমহলৰ তত্বাৱধানত থকা ভাৰতীয় সৰ্বক্ষণ বিভাগ চমুকৈ ASI। আগ্ৰা পৌৰ নিগমে প্ৰেৰণ কৰা বৃহৎ পৰিমাণৰ বকেয়া কৰৰ পৰিমাণ দেখি আশ্চৰ্য প্ৰকাশ কৰিলে এ এছ আইএ। এ এছ আইৰ দাবী তাজমহলৰ ৩৭০ বছৰীয়া ইতিহাসত প্রথমবাৰৰ বাবে কৰ আদায় দিয়াৰ জাননী লাভ কৰিছে তাজমহলৰ ক্ষেত্ৰত। উল্লেখযোগ্য যে কেৱল তাজমহল নহয় আগ্ৰা ফ’ৰ্টলৈও এই বৃহৎ পৰিমাণৰ বকেয়া কৰ আদায় দিয়াৰ নিৰ্দেশতো আশ্চৰ্য প্ৰকাশ কৰিছে এ এছ আইয়ে। ধাৰাবাহিক ভাবে তিনিখনকৈ জাননী প্ৰেৰণক লৈ আৰম্ভ হৈছে চৌদিশে প্ৰতিক্ৰিয়াৰ। এ এছ আইৰ শীৰ্ষ অধিকাৰী ৰাজকুমাৰ পেটেলে সংবাদ মাধ্যমক জনায় যে কিহৰ বাবে এই জাননী প্ৰেৰণ কৰা হ’ল সেই বিষয়ক লৈ সকলো হতবাক। এ এছ আইৰ মতে ক’ৰবাত আগ্ৰা পৌৰ নিগমৰ ভুল হৈছে। কাৰণ উত্তৰ প্ৰদেশ সহ অন্য ৰাজ্যৰ আইন অনুসৰি কোনো সমাধি ক্ষেত্ৰত সম্পত্তি কৰ প্ৰযোজ্য নহয়। বাণিজ্যিক কাৰণত পানী ব্যৱহাৰ নকৰা স্বত্বেও পানীৰ কৰ কিয় বিচৰা হ’ল সেই বিষয়কলৈও আশ্চৰ্য প্ৰকাশ কৰিছে এ এছ আইৰ শীৰ্ষ অধিকাৰীজনে। ইয়াৰ পূৰ্বে কণ্টেইনমেণ্ট ব’ৰ্ডে ৫ কোটি টকাৰ কৰ বিচাৰি জাননী দিছিল তাজমহলক। এক কোটি টকাৰ কৰ তাকো আকৌ সমাধিত ব্যৱহৃত পানীৰ বাবে আৰু লগতে সম্পত্তি কৰ আদায়ৰ বাবে দিয়া নিৰ্দেশক লৈ এতিয়া দেশত চলিছে চৰ্চা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.