সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

স্বাস্থ্যকেন্দ্ৰত তলা,দেওবাৰ মানিছে কৰ্মচাৰীয়ে

প্ৰসৱ বেদনাত চটফটাই থকা এগৰাকী মহিলা !চিঞৰত গগণ ফালিছে মহিলাগৰাকীয়ে।আত্মীয়ই এম্বুলেন্সত লৈ আনিলে স্বাস্থ্য কেন্দ্ৰলৈ৷কিন্তু স্বাস্থ্য কেন্দ্ৰত ওলমি আছে এটা প্ৰকাণ্ড তলা।নিৰুপায় আত্মীয় !কাৰো হাতলৈ-মুখলৈ চোৱাৰ সময় নাই৷লগত অহা আশাকৰ্মীয়ে সহায় কৰিলে মহিলাগৰাকীক ।সন্তান জন্মও হ’ল কিন্তু ২০ মিনিট পিছতে মৃত্যুক সাৱটিলে নৱজাতকে !ক’ত,কিদৰে আৰু কিয় সংঘটিত হ’ল এই ঘটনা?মধ্য প্ৰদেশৰ লাধ গাঁৱৰ ঘটনা এয়া।গাঁওখনৰ সুখলাল ৰাৱটৰ পত্নী মমতা ৰাৱট আছিল সন্তানসম্ভৱা৷দেওবাৰে পুৱাই মমতাই অসহ্য প্ৰসৱ যন্ত্ৰণাত চটফটোৱা দেখি গাঁৱৰে আশা কৰ্মীক খবৰ দিয়া হ’ল৷আশা কৰ্মীয়ে এম্বুলেন্সত উঠাই লৈ গ’ল ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ।
কিন্তু আশ্চৰ্যজনকভাৱে সেই সময়ত মাণিকৱাৰ স্বাস্থ্যকেন্দ্ৰত মৰা আছিল তলা।প্ৰসূতি গৰাকীৰ স্বামীয়ে কয় “ সেই সময়ত স্বাস্থ্য কেন্দ্ৰটো বন্ধ আছিল৷চিকিৎসক,নাৰ্ছ ,ষ্টাফ নাৰ্ছ কোনোৱেই নাছিল স্বাস্থ্য কেন্দ্ৰত৷তাৰ চিকিৎসক জন চিকিৎসালয়লৈ নাহেই৷মোৰ পত্নীয়ে গৈ পোৱাৰ ২০ মিনিট পিছতে সন্তানটো জন্ম দিছিল৷কিন্তু তাৰ পিছতে সঠিক সেৱা নোপোৱাৰ বাবে মৃত্যুক সাৱটি লয় সন্তানটোৱে।”ৰেৱাৰ মুখ্য স্বাস্থ্য বিষয়া ডা° এন এন মিশ্ৰই ইতিমধ্যে এক তদন্ত ঘোষণা কৰিছে৷মিশ্ৰই কয় ” ইয়াৰ লগত জড়িত প্ৰতিগৰাকী লোকেই শাস্তি পাব৷চিকিৎসক গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে।”মধ্য প্ৰদেশত উন্নয়নৰ জয়ঢোল বজাই ২০০৩ চনৰ পৰাই চলি আছে বিজেপি চৰকাৰ ।কিন্তু উন্নয়ন আৰু পৰিবৰ্তনৰ কথা কোৱা চৰকাৰৰ দিনত ৰাজ্যখনত দুৰ্নীতিৰ পোহাৰ মেলিছে চৰকাৰে।তদুপৰি স্বাস্থ্যকে ধৰি প্ৰায়বোৰ বিভাগতে কৰ্মচাৰীৰ মাজত অভাৱ ঘটিছে কৰ্মসংস্কৃতিৰ।

Leave A Reply

Your email address will not be published.