ভাৰতীয় দূতাবাসত অগ্নিসংযোগ !

Share This Article

পুনৰ ভাৰতীয় দূতাবাসত সংঘটিত হৈছে আক্ৰমণ। ১ জুলাই শনিবাৰে ‘শিখ ফৰ জাষ্টিছ’ নামৰ খালিস্তানী সংগঠনটোৱে আক্ৰমণ কৰি অগ্নিসংযোগ কৰে আমেৰিকাৰ চান ফ্ৰান্সিস্কোস্থিত ভাৰতীয় দূতাবাসত। বিগত ৫ মাহৰ ভিতৰত এয়া হৈছে ভাৰতীয় দূতাবাসত সংঘটিত দ্বিতীয়টো আক্ৰমণ।উল্লেখযোগ্য যে শিখ ফৰ জাষ্টিছৰ নেতা গুৰপটৱন্ত পন্নুয়ে ৩০ জুনত ঘোষণা কৰিছিল যে ৮ জুলাইৰ পৰা ভাৰতীয় দূতাবাস ঘেৰাও কৰা হ’ব। ৮ জুলাইত কানাডা, আমেৰিকা, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু ইউৰোপীয় দেশত ভাৰতীয় দূতাবাসৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য কৰিছিল খালিস্তানী নেতাগৰাকীয়ে। আৰু এই ঘোষণাৰ পিছতে ১ জুলাই, শনিবাৰে চান ফ্ৰান্সিস্কোস্থিত ভাৰতীয় দূতাবাসত সংঘটিত হয় আক্ৰমণ।উল্লেখযোগ্য যে বিগত ৫ মাহত এয়া দ্বিতীয়টো আক্ৰমণ। অমৃতপাল সিঙক মুকলি কৰাৰ দাবীত বিগত মাৰ্চ মাহত খালিস্তানী সমৰ্থকে ঘেৰাও কৰিছিল একেইটো দূতাবাস।উল্লেখ্য যে পঞ্জাৱ ৱাৰিছ দে’ৰ নেতা অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিশ্বৰ বিভিন্ন ঠাইত বৃদ্ধি পাইছে খালিস্তানী কাৰ্যকলাপ।অমৃতপাল সিঙৰ মুক্তিৰ দাবীত বিশ্বৰ দেশত সাব্যস্ত কৰিছে প্ৰতিবাদ।আনহাতে চান ফ্ৰান্সিস্কোৰ ভাৰতীয় দূতাবাসত সংঘটিত আক্ৰমণৰ পিছতে খালিস্তানী সমৰ্থকে মুকলি কৰে এক ভিডিঅ’। খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জৰৰ হত্যাৰ প্ৰতিশোধ স্বৰূপেই এই আক্ৰমণ সংঘটিত কৰা বুলি দাবী কৰে সংগঠনটোৱে। লগতে এই সংগঠনটোৱে এটা হিংসাৰ পৰাহে আন এক হিংসাৰ উৎপত্তি হয় বুলিও দাবী কৰে।উল্লেখযোগ্য যে খালিস্তানী সন্ত্ৰাসবাদী হৰদ্বীপ নিজ্জৰৰ হত্যাৰ পিছতে কানাডাৰ ঠায়ে ঠায়ে ‘কিল ইণ্ডিয়া’ শীৰ্ষক পোষ্টাৰ লগাইছিল খালিস্তানী সমৰ্থকে।ইয়াৰ পিছতে পৰোক্ষভাৱে কানাডাক খালিস্তানী কাৰ্যকলাপ বন্ধ কৰিবলৈ সকীয়নী দিছিল বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।উল্লেখযোগ্য যে ১ জুলাই শনিবাৰতে ভাৰতীয় দূতাবাসত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল যদিও ৩ জুলাই মঙলবাৰেহে ঘটনাৰ বিষয়ে সদৰী কৰে আমেৰিকা চৰকাৰে।আনহাতে এই ঘটনাৰ পিছতে সতৰ্ক হৈ ভাৰতীয়তদন্তকাৰী সংস্থা। শিখ ফৰ জাষ্টিছৰ নেতা গুৰপটৱন্ত পন্নুৰ সন্ধানত আৰম্ভ কৰিছে অভিযান।উল্লেখযোগ্য যে অমৃতপাল সিঙৰ গ্ৰেপ্তাৰৰ পিছৰে পৰা সন্ধানহীন হৈ আছে ‘শিখ ফৰ জাষ্টিছ’ৰ নেতা গুৰপটৱন্ত পন্নু।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.