টি ২০ বিশ্বকাপ বিজয়ৰ পাছত যৌন কেলেংকাৰিয়ে জোকাৰিছে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট জগতক ৷ এনে বিতৰ্কত সাঙোৰ খাই পৰাৰ পাছত পদত্যাগ কৰিবগীয়া হৈছে টেষ্ট দলৰ অধিনায়ক টিম পেনে ৷ ক্ৰিকেট অষ্ট্ৰেলিয়াৰ এক মহিলা কৰ্মীয়ে টিম পেনৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ উত্থাপন কৰাৰ লগতে মানব অধিকাৰ কমিছনৰো কাষ চাপিছে ৷ ২০১৭ চনত টিম পেনে মহিলা কৰ্মচাৰীক অশ্লীল ছবি আৰু অশ্লীল মেছেজ প্ৰেৰণ কৰাৰ অভিযোগ উঠিছে ৷ ইয়াৰ পাছতে পদত্যাগৰ কথা ঘোষণা কৰে টিম পেনে ৷