কি আছিল তিনি কৃষি আইনত ?

Share This Article

অৱশেষত তিনি বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ বিগত প্ৰায় এটা বছৰ ধৰি কৃষক সকলে এই আইন বাতিলৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে ৷

কি আছিল এই তিনিখন কৃষি আইনত ?

 

বিগত বছৰৰ ছেপ্তেম্বৰ মাহত সংসদৰ অধিৱেশনত তিনিখন নতুন কৃষি বিধেয়ক আইনত পৰিণত হয় ৷ এই আইন তিনিখন হ’ল –Farmers’ Produce Trade and Commerce (Promotion and Facilitation) বা কৃষি উৎপাদন ব্যৱসায় আৰু বাণিজ্য (সংবৰ্ধন আৰু সৰলীকৰণ) , Farmers (Empowerment and Protection) Agreement on Price Assurance বা কৃষক (সবলীকৰণ আৰু সুৰক্ষা) মূল্য নিশ্চিত বুজাবুজি আৰু the Essential Commodities (Amendment) act বা অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন ৷চৰকাৰৰ মতে এই আইনকেইখনৰ বলবৎ হোৱাৰ পাছত কৃষিখণ্ডত ব্যক্তিগতখণ্ডৰ বিনিয়োগৰ জড়িয়তে আন্ত:গাথনি গঢ়ি উঠিব আৰু উৎপাদিত শস্য বিক্ৰীৰ বজাৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়লৈ বিস্তৃত হ’ব ৷ ক্ষুদ্ৰ খেতিয়কসকলেও নিজৰ কৃষিকাৰ্যত প্ৰযুক্তিৰ ব্যৱহাৰৰ জড়িয়তে অধিক শস্য উৎপাদন কৰিব পাৰিব ৷ প্ৰথমখন আইনৰ জড়িয়তে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিপনন ক্ষেত্ৰৰ বাহিৰতো কৃষকে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰিব ৷ ইয়াৰ ফলত বজাৰত প্ৰতিযোগিতাৰ সৃষ্টি হ’ব আৰু খেতিয়কে অধিক লাভ উপাৰ্জন কৰিব পাৰিব ৷ দ্বিতীয়খন আইন অনুসৰি বৃহৎ উদ্যোগীয়ে খেতিয়কৰ লগত আগতীয়া চুক্তি আৰু আগতীয়াকৈ দাম নিৰ্ধাৰণ কৰি খেতি কৰিব পাৰিব ৷ আনহাতে ,তৃতীয়খন আইনৰ জড়িয়তে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ তালিকাৰ পৰা আলু , পিয়াজ , তেল , মাহজাতীয় শস্য আদি কৰ্তন কৰা হৈছে ৷ অৰ্থাৎ এই সামগ্ৰীসমূহৰ মজুতকৰণৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকিব ৷ যুদ্ধ , মহামাৰী আৰু আকালৰ বাহিৰে আন সময়ত এই সাগ্ৰীসমূহ আইনৰ আওতাৰ পৰা বাহিৰত থাকিব ৷

কৃষকৰ আপত্তি ক’ত?

বিপনন পৰিষদৰ অন্তৰ্গত বজাৰসমূহত খেতিয়কসকলৰ বাবে নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰা থাকে ৷ বজাৰ বেয়া হ’লেও বা চাহিদা কমিলেও এটা নূন্যতম দাম খেতিয়কসকলে লাভ কৰিবই ৷ কিন্তু মুকলি বজাৰত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰিলে এই নিশ্চয়তা নাথাকিব ৷ যদিহে কোনো এটা বতৰত অধিক শস্য উৎপাদন হয় , তেনেহ’লে খেতিয়কসকল অতি কম মূল্যতে সেই সামগ্ৰী বিক্ৰী কৰিবলৈ বাধ্য হ’ব ৷তদুপৰি , ইয়াৰ ফলত ৰাজ্যসমূহে কৃষি বিপনন পৰিষদৰ পৰা পাই অহা কৰো এতিয়াৰ পৰা নাপাব ৷ কাৰণ , বজাৰ ব্যৱস্থাত বিপনন পৰিষদৰ কৰ্তৃত্ব নতুন আইনৰ জড়িয়তে প্ৰায় বিলোপ কৰা হৈছে ৷

ঠিকাদাৰী কৃষিৰ ক্ষেত্ৰত কোনো বৃহৎ উদ্যোগীয়ে আগতীয়াকৈ খেতিয়কৰ লগত চুক্তি কৰিব পাৰিব ৷ মূলত: শস্যৰ গুনগত মান, উৎপাদন প্ৰক্ৰিয়া আৰু কিমান উৎপাদন হ’ব তাৰ ওপৰত ভিত্তি কৰিয়েই খেতিয়কজনৰ লগত চুক্তি হ’ব ৷ বুজাবুজিৰ জড়িয়তে শস্যৰ মালিকানা খেতিয়কজনৰ থাকিব যদিও উৎপাদনৰ পাছত পূৰ্বে নিৰ্ধাৰণ কৰা মূল্যত ফচলখিনি ব্যৱসায়ীক বিক্ৰী কৰিব লাগিব ৷ চুক্তিৰ সময়ত বীজ- সাৰৰ দাম আৰু উৎপাদন ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি ফচলৰ দাম নিৰ্ধাৰণ কৰা হ’ব ৷ কিন্তু খেতিয়কসকলৰ আপত্তি হ’ল – যদিহে ব্যৱসায়ীসকলে চুক্তি ভংগ কৰে বা উৎপাদনৰ পাছত কোনো অজুহাত দেখুৱাই চুক্তি অনুসৰি মূল্য নিদিয়ে বা কিনিবলৈ অস্বীকাৰ কৰে , তেনে পৰিস্থিতিত কৃষকক সুৰক্ষা দিয়াৰ কোনো সঠিক ব্যৱস্থা আইনত নাই ৷ কৃষকে প্ৰথমতে স্থানীয় প্ৰশাসন , জিলা প্ৰশাসনত আপত্তি কৰিব পাৰিব ৷ তাত ন্যায় নাপালেহে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব পাৰিব ৷ স্বাভাৱিকতে চুক্তিকাৰীসকলৰ ভিতৰত খেতিয়কজন বৃহৎ উদ্যোগীতকৈ আৰ্থিক আৰু সামাজিকভাৱে দুৰ্বল হ’ব ৷ তেওলোক প্ৰতাৰণাৰ বলি হ’লে নিজৰ গাথিৰ ধন ভাঙি আদালতৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ সামৰ্থ থাকিব জানো ? সেয়ে এই আইনে কৃষকসকলক বৃহৎ পুজিপতিৰ ক্ৰীতদাসত পৰিণত কৰাৰ আশংকা গভীৰ হৈ উঠিছে ৷

দেশৰ অধিকাংশ খেতিয়কৰ শীতলীগৃহৰ সুবিধা নাই ৷ যাৰ বাবে তেওলোক নিজৰ উৎপাদিত শস্য নিৰ্দিষ্ট সময়ৰ ভিতৰত বজাৰত বিক্ৰী কৰিবলৈ বাধ্য ৷অত্যাৱশ্যকীয় সামগ্ৰীৰ আইনখন সংশোধন কৰাৰ ফলত ব্যৱসায়ীসকলে আলু , পিয়াজ , তেল আৰু মাহজাতীয় শস্যসমূহ নিজৰ ইচ্ছামতে কিনি লৈ নিজৰ গুডামত মজুত কৰিব পাৰিব ৷ যিহেতু শস্য মজুতকৰণৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাথাকিব , গতিকে তেওলোকে বজাৰত নিজৰ খেয়ালখুচি মতে এই সামগ্ৰীসমূহ উলিয়াই দিব আৰু মূল্যও নিজেই নিৰ্ধাৰণ কৰিব ৷ আলু – পিয়াজৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ ক্ষেত্ৰত এতিয়াৰে পৰা খেতিয়ক আৰু চৰকাৰ কাৰোৱেই নিয়ন্ত্ৰণ নাথাকিব ৷

সেয়ে এই তিনিখন আইন বাতিলৰ দাবীত কৃষকসকলে বিশাল আন্দোলন গঢ়ি তোলে আৰু চৰকাৰে কৃষক আন্দোলনৰ ওচৰত শিৰণত হৈ আইন কেইখন প্ৰত্যাহাৰৰ সিদ্ধান্ত ল’বলগীয়া হয় ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.