বাতিল কৃষি আইন , তাৰ পাছতো আন্দোলনত অটল কিয় কৃষক ?

Share This Article

অৱশেষত কৃষক সমাজৰ ওচৰত শিৰণত কৰিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ৷ বিগত প্ৰায় এবছৰ ধৰি অব্যাহত আছিল কৃষক আন্দোলন ৷ দাবী আছিল – বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ কৰা ৷ কিন্তু আকোৰগোজ স্থিতি গ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ তাৰ পাছতো আন্দোলনৰ পথত অটল হৈ থাকিল কৃষক সংগঠনসমূহ ৷ এনেদৰে এটা বছৰ ধাৰবাহিক আন্দোলন চলাই চিয়াৰ পাছত শুকুৰবাৰে তিনি কৃষি আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
মোদীৰ আক্ষেপ- ‘আমাৰ উদ্দেশ্য সৎ আছিল ৷ কিন্তু কৃষি আইনৰ সুফলৰ কথা আমি কৃষকসকলক বুজাব নোৱাৰিলো ৷’কৃষকসকলক উদ্দেশ্যি তেও ক’লে – এয়া কাকো দোষাৰোপ কৰাৰ সময় নহয় ৷ একেলগে নতুনকৈ আৰম্ভ কৰাৰ সময় ৷
কৃষি আইন বাতিলৰ কথা ঘোষণা কৰাৰ পাছতো আন্দোলনৰ পথত অটল হৈ আছে কৃষক সংগঠনসমূহ ৷ সংসদত কৃষি আইন বাতিলৰ পাছতহে তেওলোকে আন্দোলন প্ৰত্যাহাৰ কৰিব বুলি ঘোষণা কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.