শ্ৰেণী ৰাষ্ট্ৰীয়

টকিঅ’ অলিম্পিক : ছেমিফাইনেলত পৰাজিত বজৰং পুনিয়া

ছেমিফাইনেলত পৰাজিত হ’ল ভাৰতীয় ৰেষ্টলাৰ বজৰং পুনিয়া ৷ হাজি অলিয়েভৰ বিৰুদ্ধে তেও ৫-১২ পইন্টৰ ব্যৱধানত পৰাজিত হয় ৷ ৰেষ্টলিঙৰ ৬৯ কেজি শাখাত তেও ব্ৰঞ্জৰ পদকৰ বাবে পৰৱৰ্তী মেচত অৱতীৰ্ণ হ’ব ৷

ভুৱনেশ্বৰ কলিতাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ আগনিশা কি ঘটিছিল ?

দিনটো আছিল ৫ আগষ্ট , ২০১৯ ৷ সিদিনাই ৰাজ্যসভাত কংগ্ৰেছৰ চীফ হুইপ ভুৱনেশ্বৰ কলিতাই পদত্যাগৰ কথা ঘোষণা কৰিছিল ৷ তেওৰ লগতে সমাজবাদী পাৰ্টীৰ আন দুগৰাকী সাংসদেও একেলগে পদত্যাগ কৰে ৷ সদনত সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰাৰ স্বাৰ্থত শাসকীয় বিজেপি দলে লৈছিল এক বিশেষ কৌশল ৷ এই কৌশলৰ আধাৰতে ৰাজ্যসভাত বিধেয়ক উত্থাপন হোৱাৰ আগনিশা বিজেপি নেতাই সাক্ষাৎ কৰিছিল কংগ্ৰেছ সাংসদ ভৱনেশ্বৰ কলিতা আৰু সমাজবাদী পাৰ্টীৰ সাংসদ সুৰেন্দ্ৰ সিঙ নাগৰ আৰু সঞ্জয় শেঠক ৷

কাৰ নামেৰে পৰিচিত হ’ব খেল ৰত্ন পুৰষ্কাৰ ?

ভাৰতীয় হকী দলে অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছতে হকীৰ যাদুকৰ হিচাপে পৰিচিত ধ্যানচান্দৰ নাম হঠাৎ চৰ্চালৈ আহিছে ৷ তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ‘ৰাজীৱ গান্ধী খেলৰত্ন পুৰষ্কাৰ’ৰ নাম ‘মেজৰ ধ্যানচান্দ খেলৰত্ন পুৰষ্কাৰ’লৈ সলনি কৰিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা…

ট্ৰাক ড্ৰাইভাৰৰ লগত কি সম্পর্ক মীৰাবাঈ চানুৰ?

মীৰাবাঈ চানু৷ টকিঅ’ত অনুষ্ঠিত হৈ থকা অলিম্পিকৰ পৰা ভাৰতৰ হৈ প্ৰথমটো মেডেল লাভ কৰিলে মীৰাবাঈ চানু৷ মীৰাবাঈ চানু এতিয়া কেৱল মনিপুৰ অথবা উত্তৰ-পূর্বৰ বাবেই গৌৰৱ নহয়,গৌৰৱ সমগ্ৰ দেশৰ বাবে৷ কিন্তু দেশৰ বাবে গৌৰৱত পৰিণত হোৱা মীৰাবাঈ চানু এই সফলতাৰ বাবে…

উত্তৰ প্ৰদেশৰ জীৱন মৰণৰ যুঁজলৈ কিদৰে সাজু হৈছে কংগ্ৰেছ ?

সুদীৰ্ঘ কাল উত্তৰ প্ৰদেশৰ ক্ষমতাৰ পৰা দূৰৈত থকা কংগ্ৰেছ দলো সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ৷ “কিছনে বিগড়া উত্তৰ প্ৰদেশ” শ্ল’গানেৰে উত্তৰ প্ৰদেশত কংগ্ৰেছে আৰম্ভ কৰিব নিৰ্বাচনী অভিযান ৷ শ্ল’গানটোৰ জড়িয়তে যোগী আদিত্যনাথ চৰকাৰৰ বিফলতাৰ বিষয়ে প্ৰচাৰ কৰিব কংগ্ৰেছ…

টকিঅ’ অলিম্পিক : খেলত হাৰিও হৃদয় জিনিলে ৰাণী বাহিনীয়ে

টকিঅ’ অলিম্পিকত চতুৰ্থ স্থানতে ক্ষান্ত থাকিল ভাৰতীয় মহিলা হকী দলটো ৷ শুকুৰবাৰে ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত মেচত গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে ভাৰত ৩-৪ গ’লৰ ব্যৱধানত পৰাজিত হয় ৷ ৰাণী ৰামপাল নেতৃত্বাধীন ভাৰতীয় দলটোৱে আজিৰ মেচখনত পৰাজিত হ’লেও জয় কৰি গ’ল অনুৰাগীৰ…

টকিঅ’ অলিম্পিক : ভাৰতৰ হৈ আৰু এটা ৰূপৰ পদক জিকিলে কোনে ?

টকিঅ’ অলিম্পিকত ৰূপৰ পদকতে ক্ষান্ত থাকিল ভাৰতীয় ৰেষ্টলাৰ ৰবি কুমাৰ দাহিয়া ৷ ৫৭ কেজি শাখাৰ ৰেষ্টলিঙৰ ফাইনেলত ৰাছিয়াৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে তেও পৰাজিত হয় ৷ ৰাছিয়াৰ জাভুৰ উগুৱেভে লাভ কৰে সোণৰ পদক ৷ ৰবি কুমাৰ দাহিয়াৰ ৰূপৰ পদকেৰে ভাৰতে এতিয়ালৈ অলিম্পিকত…

অখিলক লৈ তৃণমূলৰ কি বিশেষ পৰিকল্পনা : ‘আনন্দ বজাৰ পত্ৰিকা’ত সবিশেষ খবৰ

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ দুলানি বৈঠক সন্দৰ্ভত ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে ৷ অখিল গগৈয়ে দুবাৰকৈ কলকাতালৈ গৈ তৃণমূলৰ নেতৃত্বৰে আলোচনাত মিলিত হোৱাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে ৷ তেও আনকি…

দিল্লীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদত অংশ লৈ ৰাহুল গান্ধীয়ে কি ক’লে ?

কৃষক অন্দোলন , পেগাছাছৰ চোৰাংছোৱাগিৰি , নিবনুৱা সমস্যা আদি কেবাটাও ইছ্যুক লৈ বৃহস্পতিবাৰে সংসদ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে যুৱ কংগ্ৰেছে ৷ এই কাৰ্যসূচীত যুৱ কংগ্ৰেছৰ সমগ্ৰ দেশৰ সদস্যসকলে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে…

উত্তৰ প্ৰদেশত বাজিছে নিৰ্বাচনী বিকুল : সমাজবাদী পাৰ্টীৰ কি কৌশল ?

দেশৰ  লোকসভা নিৰ্বাচনৰ ছেমিফাইনেল অনুষ্ঠিত হ’ব ২০২২ ত উত্তৰ প্ৰদেশত ৷ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বিকুল এতিয়াই বাজি উঠিছে ৷ দেশৰ বৃহত্তম ৰাজ্যখনত আকৌ এবাৰ শাসনলৈ আহিবৰ বাবে বিজেপি এতিয়াৰে পৰা সৰ্বশক্তিৰে নামি পৰিছে ৷ বহি থকা নাই বিৰোধীও ৷বি…