সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উত্তৰ প্ৰদেশৰ জীৱন মৰণৰ যুঁজলৈ কিদৰে সাজু হৈছে কংগ্ৰেছ ?

সুদীৰ্ঘ কাল উত্তৰ প্ৰদেশৰ ক্ষমতাৰ পৰা দূৰৈত থকা কংগ্ৰেছ দলো সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ৷ “কিছনে বিগড়া উত্তৰ প্ৰদেশ” শ্ল’গানেৰে উত্তৰ প্ৰদেশত কংগ্ৰেছে আৰম্ভ কৰিব নিৰ্বাচনী অভিযান ৷ শ্ল’গানটোৰ জড়িয়তে যোগী আদিত্যনাথ চৰকাৰৰ বিফলতাৰ বিষয়ে প্ৰচাৰ কৰিব কংগ্ৰেছ দলে ৷ ইয়াৰ বাবে ৰাজ্যখনত দলীৰ কৰ্মীসকলৰ মাজত প্ৰশিক্ষণ সজিবিৰৰো আয়োজন কৰিছে ৷ এই শিবিৰসমূহত বিগত ৩২ বছৰত উত্তৰ প্ৰদেশৰ অৱস্থা কিদৰে শোচনীয় হৈ পৰিছে  সেই বিষয়ে কোৱা হৈছে ৷ উল্লেখ্য যে দেশৰ বৃহত্তম ৰাজ্যখনত ১৯৮৯ চনতে কংগ্ৰেছ শেষবাৰৰ বাবে ক্ষমতাত আছিল ৷ তাৰ পাছৰে পৰা ৰাজ্যখনত কংগ্ৰেছৰ স্থিতি ক্ৰমাগতভাৱে দুৰ্বল হৈ আহিছে ৷

কিদৰে ক’ত চলিব প্ৰশিক্ষণ ?

- Donation -

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি ৯ আগষ্টৰ পৰা ৯ ছেপ্তেম্বৰলৈ ৭০ হাজাৰ সদস্যক যোগী চৰকাৰৰ বিফলতা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰিব কংগ্ৰেছ দলে ৷ ইয়াৰ লগতে বুথ মেনেজমেন্ট , ছোছিয়েল মেডিয়াৰ ব্যৱহাৰ , কংগ্ৰেছ – বিজেপি , আৰ এছ এছৰ বিচাৰধাৰাৰ পাৰ্থক্যৰ বিষয়েও প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷৯ আগষ্টৰ দিনটোতে মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰিছিল ৷ সেইবাবে কংগ্ৰেছ দলেও প্ৰশিক্ষণ আৰম্ভ কৰিবৰ বাবে ৯ আগষ্টৰ দিনটো বাচি লৈছে ৷  এই সময়ছোৱাত ৪০৩ টা বিধানসভা সমষ্টিত ৬৭৫ টা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হ’ব ৷ ইয়াৰে ১০০ টা সমষ্টিত বিশেষভাৱে মনোযোগ দিব কংগ্ৰেছ নেতৃত্বই ৷

একেসময়তে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ ১০০ গৰাকী নিৰ্বাচিত নেতা – কৰ্মীয়ে বৰ্তমান চট্টিছগড়ত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷লগতে উত্তৰ প্ৰদেশৰ ৮ টা সংমণ্ডল সমিতিৰ সভাপতিসকলকো বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷

কংগ্ৰেছক নতুন জীৱন দিয়াৰ প্ৰয়াস কাৰ ?

উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ স্থিতি অত্যন্ত থৰক বৰক হৈ পৰিছে ৷ এনে পৰিস্থিতিত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে দলটোক পুণৰুজ্জীৱিত কৰিবৰ বাবে এই প্ৰশিক্ষণ শিবিৰসমূহৰ আয়োজন কৰিছে ৷ কংগ্ৰেছৰ সূত্ৰৰ খবৰ অনুসৰি , দলীয় কৰ্মীসকলক উৎসাহিত কৰিবৰ বাবে তেও মাহটোৰ বেছি সময় লক্ষ্ণৌত কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এনে খবৰো ওলাইছে যে প্ৰিয়ংকা গান্ধী উত্তৰ প্ৰদেশত কংগ্ৰেছৰ ঘোষিত বা অঘোষিত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ৷ ইতিমধ্যে তেও বিজেপিৰ লগত গোপন সম্পৰ্ক ৰখাৰ অভিযোগ তুলি অখিলেশ যাদৱ আৰু মায়াৱতীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷লগতে কৃষক আন্দোলনৰ আঁত ধৰি পশ্চিম উত্তৰ প্ৰদেশত খোপনি পতাৰ চেষ্টাও অব্যাহত ৰাখিছে ৷ উল্লেখ নিষ্প্ৰয়োজন যে উত্তৰ প্ৰদেশত কংগ্ৰেছ এইবাৰ জীৱন – মৃত্যুৰ যুঁজ সদৃশ পৰিস্থিতিৰ মুখামুখি হ’ব লাগিব ৷ আৰু এবাৰ বৃহত্তম ৰাজ্যখনত পৰাজয়ৰ সন্মুখীন হ’লে ৰাষ্ট্ৰীয় ৰাজনীতিতো কংগ্ৰেছৰ ভূমিকা দুৰ্বল হৈ পৰিব ৷ এই সকলোবোৰ কথা মনত ৰাখিয়েই প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশত কংগ্ৰেছক নতুন জীৱন দিয়াৰ প্ৰয়াস আৰম্ভ কৰিছে ৷

Leave A Reply

Your email address will not be published.