উত্তৰ প্ৰদেশৰ জীৱন মৰণৰ যুঁজলৈ কিদৰে সাজু হৈছে কংগ্ৰেছ ?

Share This Article

সুদীৰ্ঘ কাল উত্তৰ প্ৰদেশৰ ক্ষমতাৰ পৰা দূৰৈত থকা কংগ্ৰেছ দলো সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ৷ “কিছনে বিগড়া উত্তৰ প্ৰদেশ” শ্ল’গানেৰে উত্তৰ প্ৰদেশত কংগ্ৰেছে আৰম্ভ কৰিব নিৰ্বাচনী অভিযান ৷ শ্ল’গানটোৰ জড়িয়তে যোগী আদিত্যনাথ চৰকাৰৰ বিফলতাৰ বিষয়ে প্ৰচাৰ কৰিব কংগ্ৰেছ দলে ৷ ইয়াৰ বাবে ৰাজ্যখনত দলীৰ কৰ্মীসকলৰ মাজত প্ৰশিক্ষণ সজিবিৰৰো আয়োজন কৰিছে ৷ এই শিবিৰসমূহত বিগত ৩২ বছৰত উত্তৰ প্ৰদেশৰ অৱস্থা কিদৰে শোচনীয় হৈ পৰিছে  সেই বিষয়ে কোৱা হৈছে ৷ উল্লেখ্য যে দেশৰ বৃহত্তম ৰাজ্যখনত ১৯৮৯ চনতে কংগ্ৰেছ শেষবাৰৰ বাবে ক্ষমতাত আছিল ৷ তাৰ পাছৰে পৰা ৰাজ্যখনত কংগ্ৰেছৰ স্থিতি ক্ৰমাগতভাৱে দুৰ্বল হৈ আহিছে ৷

কিদৰে ক’ত চলিব প্ৰশিক্ষণ ?

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি ৯ আগষ্টৰ পৰা ৯ ছেপ্তেম্বৰলৈ ৭০ হাজাৰ সদস্যক যোগী চৰকাৰৰ বিফলতা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰিব কংগ্ৰেছ দলে ৷ ইয়াৰ লগতে বুথ মেনেজমেন্ট , ছোছিয়েল মেডিয়াৰ ব্যৱহাৰ , কংগ্ৰেছ – বিজেপি , আৰ এছ এছৰ বিচাৰধাৰাৰ পাৰ্থক্যৰ বিষয়েও প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷৯ আগষ্টৰ দিনটোতে মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰিছিল ৷ সেইবাবে কংগ্ৰেছ দলেও প্ৰশিক্ষণ আৰম্ভ কৰিবৰ বাবে ৯ আগষ্টৰ দিনটো বাচি লৈছে ৷  এই সময়ছোৱাত ৪০৩ টা বিধানসভা সমষ্টিত ৬৭৫ টা প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হ’ব ৷ ইয়াৰে ১০০ টা সমষ্টিত বিশেষভাৱে মনোযোগ দিব কংগ্ৰেছ নেতৃত্বই ৷

একেসময়তে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ ১০০ গৰাকী নিৰ্বাচিত নেতা – কৰ্মীয়ে বৰ্তমান চট্টিছগড়ত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে ৷লগতে উত্তৰ প্ৰদেশৰ ৮ টা সংমণ্ডল সমিতিৰ সভাপতিসকলকো বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷

কংগ্ৰেছক নতুন জীৱন দিয়াৰ প্ৰয়াস কাৰ ?

উত্তৰ প্ৰদেশৰ কংগ্ৰেছৰ স্থিতি অত্যন্ত থৰক বৰক হৈ পৰিছে ৷ এনে পৰিস্থিতিত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে দলটোক পুণৰুজ্জীৱিত কৰিবৰ বাবে এই প্ৰশিক্ষণ শিবিৰসমূহৰ আয়োজন কৰিছে ৷ কংগ্ৰেছৰ সূত্ৰৰ খবৰ অনুসৰি , দলীয় কৰ্মীসকলক উৎসাহিত কৰিবৰ বাবে তেও মাহটোৰ বেছি সময় লক্ষ্ণৌত কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এনে খবৰো ওলাইছে যে প্ৰিয়ংকা গান্ধী উত্তৰ প্ৰদেশত কংগ্ৰেছৰ ঘোষিত বা অঘোষিত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ৷ ইতিমধ্যে তেও বিজেপিৰ লগত গোপন সম্পৰ্ক ৰখাৰ অভিযোগ তুলি অখিলেশ যাদৱ আৰু মায়াৱতীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷লগতে কৃষক আন্দোলনৰ আঁত ধৰি পশ্চিম উত্তৰ প্ৰদেশত খোপনি পতাৰ চেষ্টাও অব্যাহত ৰাখিছে ৷ উল্লেখ নিষ্প্ৰয়োজন যে উত্তৰ প্ৰদেশত কংগ্ৰেছ এইবাৰ জীৱন – মৃত্যুৰ যুঁজ সদৃশ পৰিস্থিতিৰ মুখামুখি হ’ব লাগিব ৷ আৰু এবাৰ বৃহত্তম ৰাজ্যখনত পৰাজয়ৰ সন্মুখীন হ’লে ৰাষ্ট্ৰীয় ৰাজনীতিতো কংগ্ৰেছৰ ভূমিকা দুৰ্বল হৈ পৰিব ৷ এই সকলোবোৰ কথা মনত ৰাখিয়েই প্ৰিয়ংকা গান্ধীয়ে উত্তৰ প্ৰদেশত কংগ্ৰেছক নতুন জীৱন দিয়াৰ প্ৰয়াস আৰম্ভ কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.