অখিলক লৈ তৃণমূলৰ কি বিশেষ পৰিকল্পনা : ‘আনন্দ বজাৰ পত্ৰিকা’ত সবিশেষ খবৰ

Share This Article

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ দুলানি বৈঠক সন্দৰ্ভত ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে ৷ অখিল গগৈয়ে দুবাৰকৈ কলকাতালৈ গৈ তৃণমূলৰ নেতৃত্বৰে আলোচনাত মিলিত হোৱাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে ৷ তেও আনকি এইবুলিও কৈছে যে মমতা বেনাৰ্জীৰ তৰফৰ পৰা তেওক অসমৰ তৃণমূল কংগ্ৰেছৰ দায়িত্ব লোৱাৰ প্ৰস্তাৱ দিয়া হৈছে ৷ এনে  ব্যাপক আলোচনা , জল্পনা – কল্পনাৰ মাজতে অখিল গগৈ আৰু তৃণমূলৰ বৈঠক সন্দৰ্ভত “আনন্দ বজাৰ পত্ৰিকা”ত প্ৰকাশ পাইছে এক ডাঙৰ খবৰ ৷ পশ্চিমবংগৰ সৰ্বাধিক প্ৰচলিত কাকতখনত প্ৰকাশিত বাতৰি অনুসৰি , তৃণমূল কংগ্ৰেছে উত্তৰ পূৰ্বাঞ্চলৰ বিজেপি শাসিত অঞ্চলসমূহত সংগঠন বিস্তাৰৰ কাম আৰম্ভ কৰিছে ৷ ত্ৰিপুৰাৰ পাছত এইবাৰ দলটোৱে চকু দিছে অসমত ৷ অসমত শিৱসাগৰৰ বিধায়ক অখিল গগৈক লৈ তৃণমূলে প্ৰস্তুত কৰিছে কেতবোৰ বিশেষ পৰিকল্পনা ৷কিন্তু কি এই পৰিকল্পনা ?

আনন্দ বজাৰ পত্ৰিকাৰ বাতৰি অনুসৰি অসমৰ কা বিৰোধী নেতাক দলত যোগদান কৰাব বিচাৰিছে তৃণমূল কংগ্ৰেছে ৷ সেই সূত্ৰে তৃণমূলৰ শীৰ্ষ নেতৃত্বই প্ৰস্তাব প্ৰেৰণ কৰিছে ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈলৈ ৷ কেৱল প্ৰস্তাবতেই এয়া সীমাবদ্ধ হৈ ৰোৱা নাই ৷ ৰাইজৰ দলৰ প্ৰতিনিধিয়ে তৃণমূলৰ কালীঘাটত থকা কাৰ্যালয়লৈ গৈ দুবাৰকৈ  আলোচনাত মিলিত হৈছে ৷সেই বৈঠকত প্ৰথমতে অখিল গগৈক পোনপটীয়াকৈ তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ প্ৰস্তাব দিয়া হৈছে ৷ সেয়া যদি সম্ভৱ নহয় , বিকল্প পথো সাজু কৰি ৰখা হৈছে ৷ বিকল্প পৰিকল্পনা অনুসৰি , যদিহে অখিল গগৈয়ে নিজে তৃণমূলত যোগদান নকৰে তেনেহ’লে অসমত জোটবন্ধনৰ মাধ্যমেৰে নিৰ্বাচনত অৱতীৰ্ণ ওৱাৰ প্ৰস্তাৱ দিয়া হৈছে ৷ ‘আনন্দ বজাৰ পত্ৰিকা’ৰ বাতৰিটোত লগতে কোৱা হৈছে যে অসমৰ ৰাজনীতিত অখিল গগৈ এটা পৰিচিত নাম ৷ যোৱা দুটা  দশক ধৰি অখিল গগৈ সমাজকৰ্মী হিচাপে সক্ৰিয় ৷ ‘ইণ্ডিয়া এগেইনষ্ট কৰাপছন”ৰ মাধ্যমেৰে তেও অসমত দুৰ্নীতি বিৰোধী ব্যাপক আন্দোলন গঢ়ি তুলিছিল ৷কৃষকসকলৰ দাবী সন্মুখত লৈ তেও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জড়িয়তেও সৰৱ ভূমিকা লৈ আহিছে ৷ইয়াৰ বাহিৰেও তথ্য জনাৰ অধিকাৰ কৰ্মী হিচাপেও তেও উল্লেখযোগ্য কাম কৰিছে ৷

অসমৰ ৰাজনীতিত অখিল গগৈৰ আত্মপ্ৰকাশ ‘কা’ বিৰোধী আন্দোলনৰ মাধ্যমেৰে ৷ আন্দোলনৰ নেতৃত্ব দি অখিল গগৈয়ে কাৰাবাসো খাটিবলগীয়া হৈছিল ৷ ২০২১ চনৰ নিৰ্বাচনত অসমৰ বহুকেইটা সমষ্টিত অখিল গগৈয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ৷ শিৱসাগৰ সমষ্টিৰ পৰা তেও নিজে বিজয়ী হৈ আহিলেও আন কোনো সমষ্টিতে জয়লাভ কৰিবলৈ সক্ষম নহ’ল ৷ এনে পৰিস্থিতিত অসমৰ এজন জনপ্ৰিয় নেতাক দলত যোগদান কৰাব বিচাৰিছে তৃণমূল কংগ্ৰেছে ৷ ২০২৪ ৰ নিৰ্বাচনৰ আগে আগে অসমত শক্তিশালী সংগঠন গঢ়ি তোলাই তৃণমূল কংগ্ৰেছৰ মূল লক্ষ্য ৷

‘আনন্দ বজাৰ পত্ৰিকা’ৰ বাতৰিটোত এইদৰেও উল্লেখ কৰা হৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদত উত্থাপন হোৱাৰ আগৰে পৰা তৃণমূল কংগ্ৰেছে এই বিধেয়কৰ বিৰোধিতা কৰি আহিছে ৷ তৃণমূলৰ শীৰ্ষ নেতৃত্বই আশা কৰে যে তেওলোকৰ এই ‘কা’ বিৰোধী অৱস্থান অসমৰ ৰাজনীতিত সহায়ক হ’ব ৷ তদুপৰি অখিল গগৈৰ দৰে সংগঠক পালে তৃণমূল কংগ্ৰেছৰ সংগঠন বিস্তাৰতো অধিক সুবিধা হ’ব ৷

এই মুহূৰ্তত অখিল গগৈ কেন্দ্ৰিক সকলোবোৰ কথা পৰিকল্পনাৰ পৰ্যায়তে আছে ৷ এই পৰিকল্পনা কিমানদূৰ সফল হয় , তাৰ বাবে আৰু কিছু দিন বাট চাব লাগিব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.