ট্ৰাক ড্ৰাইভাৰৰ লগত কি সম্পর্ক মীৰাবাঈ চানুৰ?

Share This Article

মীৰাবাঈ চানু৷ টকিঅ’ত অনুষ্ঠিত হৈ থকা অলিম্পিকৰ পৰা ভাৰতৰ হৈ প্ৰথমটো মেডেল লাভ কৰিলে মীৰাবাঈ চানু৷ মীৰাবাঈ চানু এতিয়া কেৱল মনিপুৰ অথবা উত্তৰ-পূর্বৰ বাবেই গৌৰৱ নহয়,গৌৰৱ সমগ্ৰ দেশৰ বাবে৷ কিন্তু দেশৰ বাবে গৌৰৱত পৰিণত হোৱা মীৰাবাঈ চানু এই সফলতাৰ বাবে কাৰ ওচৰত আটাইতকৈ বেছি কৃতজ্ঞ হৈ ৰৈছে আপুনি জানেনে?

মীৰাবাঈ চানু মনিপুৰৰ নাংপোক কাকচিং গাওৰ বাসিন্দা৷ গাওৰ পৰা ইম্ফলত অৱস্থিত  Sports Academy লৈ দূৰত্ব প্ৰায় ২৫ কিলোমিটাৰ৷উন্নত যোগাযোগ ব্যৱস্থাৰ অভাৱত প্ৰত্যেকদিনে ২৫ কিলোমিটাৰৰ দূৰৰ  Sports Academy লৈ অহা যোৱা কৰাটো এটা ডাঙৰ সমস্যাত পৰিণত হৈছিল মীৰাবাঈ চানুৰ বাবে৷ কিন্তু সেই সময়ত মীৰাবাঈ চানুৰ ওচৰত সহায়ৰ একমাত্ৰ সম্বল হৈ থিয় দিছিল ট্ৰাক ড্ৰাইভাৰ সকলে৷

মীৰাবাঈ চানুৰ গাওৰ কাষৰীয়া নদী সমূহৰ পৰা বালি কঢ়িওৱা ট্ৰাক সমূহৰ অহা যোৱা চলে ইম্ফললৈ৷সেই সমূহ ট্ৰাকত উঠিয়েই প্ৰতিদিনে ইম্ফলৰ  Sports Academy লৈ অহা যোৱা কৰে মীৰাবাঈ চানুৱে৷ ট্ৰাকত উঠি প্ৰত্যেকদিনে   Sports Academy লৈ যোৱা মীৰাবাঈ চানু ফ্লাইটত উঠি টকিঅ’লৈ গ’ল৷ অর্জন কৰিলে মেডেল,অর্জন কৰিলে গৌৰৱ৷ কিন্তু পাহৰি নগল সেই সকল ট্ৰাক ড্ৰাইভাৰক৷

ট্ৰাক ড্ৰাইভাৰসকলক কৃতজ্ঞতা জনাই বৃহষ্পতিবাৰে সাক্ষাৎ কৰিলে মীৰাবাঈ চানুৱে৷ কৃতজ্ঞতাৰ চিন স্বৰুপে খাদ্যসহ একোটাকৈ চার্ট আৰু এখনকৈ মনিপুৰি স্কার্ফেৰে সন্মান যাছিলে ১৫০ জনকৈ ট্ৰাক ড্ৰাইভাৰক৷

সফলতা লাভৰ পিছত বহুতেই বহুতক পাহৰি যায়৷বহুতেই কয়,লংকালৈ গলে সকলো ৰাৱন হয়৷ মীৰাবাঈ চানু তাৰ উর্ধত৷ সেইবাবেই আজিও সেইসকল ট্ৰাক ড্ৰাইভাৰৰ ওচৰত কৃতজ্ঞ হৈ ৰল মীৰাবাঈ চানু৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.