দিল্লীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদত অংশ লৈ ৰাহুল গান্ধীয়ে কি ক’লে ?

Share This Article

কৃষক অন্দোলন , পেগাছাছৰ চোৰাংছোৱাগিৰি , নিবনুৱা সমস্যা আদি কেবাটাও ইছ্যুক লৈ বৃহস্পতিবাৰে সংসদ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে যুৱ কংগ্ৰেছে ৷ এই কাৰ্যসূচীত যুৱ কংগ্ৰেছৰ সমগ্ৰ দেশৰ সদস্যসকলে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ তেও কয় যে মোদী চৰকাৰ ক্ষুদ্ৰ উদ্যোগপতি , যুৱক –যুৱতী আৰু সাধাৰণ জনতাৰ লগত নাই ৷ তেওলোক কেৱল ২-৩ জন বৃহৎ উদ্যোগপতিৰ লগতহে আছে ৷ পেগাছাছ কাণ্ড সন্দৰ্ভত ৰাহুল গান্ধীৰ অভিযোগ – নৰেন্দ্ৰ মোদীয়ে কেৱল তেওৰ ফোনৰ ওপৰতে চোৰাংছোৱাগিৰি  কৰা নাই ৷ প্ৰতিগৰাকী নাগৰিক , প্ৰতিগৰাকী যুৱকৰ ওপৰতে চোৰাংছোৱাগিৰি কৰিছে ৷ ইয়াৰ উদ্দেশ্য এটাই ৷সেয়া হ’ল ভাৰতবাসীৰ কণ্ঠ ৰোধ কৰা ৷ কিন্তু যেতিয়াই ভাৰতৰ যুৱ প্ৰজন্মই কথা ক’বলৈ আৰম্ভ কৰিব , সেইদিনাই এই চৰকাৰৰ পতন ঘটিব ৷

সক্ৰিয় হৈছে নেকি কংগ্ৰেছ ?

লোকসভা নিৰ্বাচনত উপৰ্যুপৰি পৰাজয় আৰু কেবাখনো ৰাজ্যত বিপৰ্যয়ৰ মুখামুখি হোৱাৰ পাছত কংগ্ৰেছে পেগাছাছ আৰু কৃষক আন্দোলনৰ ৰূপত দুটা ৰাজনৈতিক ইছ্যু হাতত পাইছে ৷ ইয়াৰ জড়িয়তেই চৰকাৰখনক শ’লঠেকত পেলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷আনকি ৰাহুল গান্ধীয়ে বিৰোধী নেতাসকলৰ লগত কেবাখনো বৈঠকত ভাগ লৈ এটা বাৰ্তা দিয়াৰ চেষ্টা কৰিছে যে পেগাছাছ আৰু কৃষি আইনৰ ইছ্যুত চৰকাৰখনে মূৰ পোলোকা মাৰিব নোৱাৰিব ৷ ইয়াৰ বাহিৰেও কংগ্ৰেছ নেতৃত্ব সংসদ ভৱনৰ পৰা ৰাজপথলৈ বিগত কিছুদিন ধৰি সৰৱ হৈ থকা দেখা গৈছে ৷ বৃহস্পতিবাৰৰ যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বে দিল্লী কংগ্ৰেছেও এক প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.