সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

টকিঅ’ অলিম্পিক : খেলত হাৰিও হৃদয় জিনিলে ৰাণী বাহিনীয়ে

টকিঅ’ অলিম্পিকত চতুৰ্থ স্থানতে ক্ষান্ত থাকিল ভাৰতীয় মহিলা হকী দলটো ৷ শুকুৰবাৰে ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত মেচত গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে ভাৰত ৩-৪ গ’লৰ ব্যৱধানত পৰাজিত হয় ৷ ৰাণী ৰামপাল নেতৃত্বাধীন ভাৰতীয় দলটোৱে আজিৰ মেচখনত পৰাজিত হ’লেও জয় কৰি গ’ল অনুৰাগীৰ হৃদয় ৷ বিগত অলিম্পিকৰ স্বৰ্ণজয়ী দল গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে এটা সময়ত ২-০ ব্যৱধানত পিছ পৰি আছিল ভাৰত ৷ তাৰ পাছতো ভাৰতীয় দলটোৱে যুঁজাৰুৰ মানসিকতাৰে খেলি গ’ল ৷৩ টাকৈ গ’ল দি ভাৰতে খেলখনত প্ৰত্যাৱৰ্তন কৰিলেও শেষ ৰক্ষা নহ’ল ৷ অৱশেষত ৩-৪ গ’লৰ ব্যৱধানত পৰাজিত হ’ল ভাৰত ৷অলিম্পিকত ৰাণী বাহিনীৰ প্ৰদৰ্শনে হকী অনুৰাগীসকলক বহু বছৰৰ বিৰতিত উৎফুল্লিত কৰি তুলিছে ৷

Leave A Reply

Your email address will not be published.