টকিঅ’ অলিম্পিক : খেলত হাৰিও হৃদয় জিনিলে ৰাণী বাহিনীয়ে

টকিঅ’ অলিম্পিকত চতুৰ্থ স্থানতে ক্ষান্ত থাকিল ভাৰতীয় মহিলা হকী দলটো ৷ শুকুৰবাৰে ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত মেচত গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে ভাৰত ৩-৪ গ’লৰ ব্যৱধানত পৰাজিত হয় ৷ ৰাণী ৰামপাল নেতৃত্বাধীন ভাৰতীয় দলটোৱে আজিৰ মেচখনত পৰাজিত হ’লেও জয় কৰি গ’ল অনুৰাগীৰ হৃদয় ৷ বিগত অলিম্পিকৰ স্বৰ্ণজয়ী দল গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে এটা সময়ত ২-০ ব্যৱধানত পিছ পৰি আছিল ভাৰত ৷ তাৰ পাছতো ভাৰতীয় দলটোৱে যুঁজাৰুৰ মানসিকতাৰে খেলি গ’ল ৷৩ টাকৈ গ’ল দি ভাৰতে খেলখনত প্ৰত্যাৱৰ্তন কৰিলেও শেষ ৰক্ষা নহ’ল ৷ অৱশেষত ৩-৪ গ’লৰ ব্যৱধানত পৰাজিত হ’ল ভাৰত ৷অলিম্পিকত ৰাণী বাহিনীৰ প্ৰদৰ্শনে হকী অনুৰাগীসকলক বহু বছৰৰ বিৰতিত উৎফুল্লিত কৰি তুলিছে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296