সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশা : চৰকাৰৰ ভূমিকাত অসন্তুষ্ট হৈ উচ্চতম ন্যায়ালয়ে কি ক’লে ?

দেশজুৰি দুৰ্দশাৰ সন্মুখীন হোৱা প্ৰবাসী মজদুৰসকলৰ বিষয়টো গুৰুত্বসহকাৰে লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহলৈ জাননী জাৰি কৰিছে ৷ লগতে প্ৰবাসী শ্ৰমিকসকলক সহায়ৰ বাবে পদক্ষেপ ল’বলৈও নিৰ্দেশ দিছে ৷ন্যায়ালয়ে চৰকাৰৰ ভূমিকাত অসন্তুষ্টি…

২০২১ ৰ প্ৰথমভাগতে আহিব ক’ৰোনাৰ প্ৰতিষেধক : জনালে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকে

ক’ৰোনা ভাইৰাছৰ তিনিটা প্ৰতিষেধকৰ পৰীক্ষাত এতিয়ালৈকে যথেষ্ঠ আশাৰ খবৰ পোৱা গৈছে ৷ইয়াৰ ভিতৰত যিকোনো এটা প্ৰতিষেধক অহা বছৰৰ প্ৰথমভাগত নিশ্চিতভাবে ব্যৱহাৰৰ উপযোগী হৈ উঠিব ৷ – এই মন্তব্য হাৰ্ভাৰ্ড বিশ্ববিদয়ালয়ৰ অধ্যাপক আশীষ ঝাৰ ৷ আজি কংগ্ৰেছ…

মহাৰাষ্ট্ৰত পতন হ’ব নেকি শিৱসেনা চৰকাৰৰ?

ক’ৰোনা মহামাৰীৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ শেহতীয়া সংবাদমেলে মহাৰাষ্ট্ৰৰ শিৱসেনা-এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোট চৰকাৰলৈ সংকট নামি অহাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে ৷ শেহতীয়া সংবাদমেলত মহাৰাষ্ট্ৰৰ পৰিস্থিতি সন্দৰ্ভত সাংবাদিকে সোধা এক…

যুদ্ধৰ বাবে সাজু হোৱা- সেনাক নিৰ্দেশ চীনৰ ৰাষ্ট্ৰপতিৰ

ক’ৰোনাৰ পৰা ক্ৰমাৎ সুস্থ হৈ উঠাৰ পিছত চীন এইবাৰ নামি পৰিছে যুদ্ধৰ প্ৰস্তুতিত ৷ দেশখনে ভাৰতৰ লাডাখ আৰু উত্তৰ ছিকিম সীমান্তত ব্যাপক সমৰসজ্জা তৈয়াৰ কৰা দেখা গৈছে ৷ চীনৰ ৰণচালি দেখি ভাৰতেও চীন সীমান্তত সমহাৰত সৈনিক মোতায়েনৰ নিৰ্দেশ দিছে ৷কালি…

সন্তানৰ ঋণ

সন্তানৰ ওচৰত মাক-দেউতাক কেৱল ঋণীয়েই নহয়, অপৰাধীও। কেৱল মাক-দেউতাকেই নহয়, সমগ্ৰ সমাজ অপৰাধী। পৃথিৱীলৈ অহা আৰু আহিব খোজা প্ৰতিটো সন্তানৰ ওচৰত সমাজে ক্ষমা বিচাৰিব লাগে - সিহঁতৰ স্বাধীনতা জন্মৰ আগতেই হৰণ কৰাৰ বাবে, দায়িত্বৰ ব'ব নোৱৰা বোজা…

স্মাৰ্টফ’ন নোহোৱা কণমানিজনীৰ কথা

"সময়বোৰ নতুন, সময়বোৰ জটিল। সমস্যাবোৰো নতুন, সমস্যাবোৰো জটিল।কিন্তু এয়া সামাজিক অসমতাই সৃষ্টি কৰা এই জটিল প্ৰশ্নবোৰৰ উত্তৰ বিচৰাৰ সময়। ৰাজনীতিৰ অংকবোৰ চলিব, অৰ্থনীতিও চলিব, কিন্তু এয়া সকলোৱে এলাগী কৰা সেই কনমানিটোৰ চকুত চকু থৈ তাইক অভয় দিয়াৰ…

বিমান বন্দৰৰ পৰা জুপুৰীলৈ : আম্ফানে এফালৰ পৰা মহতিয়াই নিছে…

বিপদৰ আগজাননী আগৰে পৰাই আছিল ৷ কিন্তু এই বিপদে যে এটা দু:স্বপ্নৰ দৰে সকলো শেষ কৰি পেলাব কোনেও কল্পনাই কৰিব পৰা নাছিল ৷ পশ্চিমবংগ চৰকাৰে আগতীয়াকৈ কুলতলিৰ দেবীপুৰ পঞ্চায়তৰ লোকসকলক নিজৰ নিজৰ ঘৰৰ পৰা আশ্ৰয় শিবিৰলৈ লৈ ঘৈছিল ৷ তাতেই কালি গোটেই…

পুনৰ সীমান্তত ভাৰতীয় সেনাক বাধা চীনৰ

পুনৰ সীমান্তত ভাৰতীয় সেনাৰ সঞ্চালনত বাধা দিছে চীনে ৷এই কথা প্ৰকাশ কৰিছে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে ৷ তেওঁ লগতে ভাৰতীয় সেনাই লাডাখ বা ছিকিম সীমান্তত নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰা বুলি চীনে উত্থাপন কৰা অভিযোগো নস্যাৎ কৰিছে ৷…

কিয় বন্ধ হ’ল স্বাস্থ্য মন্ত্ৰালয়ৰ নিয়মীয়া সংবাদমেল?

ক’ৰোনাৰ সংক্ৰমণ যিমানেই দ্ৰুততৰ হ’বলৈ আৰম্ভ কৰিছে ,সিমানেই সংবাদ মাধ্যমৰ পৰা আতৰি গৈছে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয় ৷ প্ৰথমাৱস্থাত স্বাস্থ্য মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াই ধাৰাবাহিকভাৱে সংবাদমেল সম্বোধন কৰি পৰিস্থিতি সন্দৰ্ভত অৱগত…