সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কিয় বন্ধ হ’ল স্বাস্থ্য মন্ত্ৰালয়ৰ নিয়মীয়া সংবাদমেল?

ক’ৰোনাৰ সংক্ৰমণ যিমানেই দ্ৰুততৰ হ’বলৈ আৰম্ভ কৰিছে ,সিমানেই সংবাদ মাধ্যমৰ পৰা আতৰি গৈছে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয় ৷ প্ৰথমাৱস্থাত স্বাস্থ্য মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াই ধাৰাবাহিকভাৱে সংবাদমেল সম্বোধন কৰি পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিছিল ৷ কিন্তু পিছলৈ ৩-৪ দিনৰ বিৰতিত আৰু এতিয়া ৭-৮ দিনৰ বিৰতিত সংবাদমাধ্যমৰ সন্মুখলৈ আহিছে স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়া ৷ যোৱা ১১ মে’ৰ পাছত ২০ মে’তহে স্বাস্থ্য মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াই পৰৱৰ্তী সংবাদমেল সম্বোধন কৰে ৷উল্লেখ্য যে ২৫ মাৰ্চ অৰ্থাৎ লকডাউনৰ প্ৰথমটো দিনৰ পৰা ২০ এপ্ৰিল পৰ্যন্ত চৰকাৰৰ ফালৰ পৰা নিয়মীয়া সংবাদমেলৰ আয়োজন কৰা হৈছিল ৷ কিন্তু ২১ এপ্ৰিলৰ পৰা ২০ মে’ পৰ্যন্ত ২০ দিনত কেৱল ১২ বাৰ সংবাদমাধ্যমৰ সন্মুখলৈ আহে স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়া ৷ দেশত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ১ লাখৰ সীমা অতিক্ৰম কৰাৰ পাছত নিয়মীয়া সংবাদমেল বন্ধ কৰা কাৰ্যক সমালোচনা কৰিছে বিৰোধীয়ে ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.