সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুনৰ সীমান্তত ভাৰতীয় সেনাক বাধা চীনৰ

পুনৰ সীমান্তত ভাৰতীয় সেনাৰ সঞ্চালনত বাধা দিছে চীনে ৷এই কথা প্ৰকাশ কৰিছে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে ৷ তেওঁ লগতে ভাৰতীয় সেনাই লাডাখ বা ছিকিম সীমান্তত নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰা বুলি চীনে উত্থাপন কৰা অভিযোগো নস্যাৎ কৰিছে ৷ শ্ৰীবাস্তৱে স্পষ্ট ভাষাৰে কয় ,’ভাৰতীয় সেনাই নিয়ন্ত্ৰণ ৰেখাৰ ইপাৰে নিজৰ অঞ্চলত দায়িত্ব পালন কৰি আছে ৷পশ্চিম চেক্টৰ বা ছিকিম ক’তোৱেই নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰাৰ চেষ্টা চলোৱা নাই ৷ভাৰতৰ সুৰক্ষা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে অমি প্ৰতিশ্ৰুতিব্ধ ৷” বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে এইবুলিও কয় যে ভাৰত নিজৰ দায়িত্বৰ বিষয়ে সম্পূৰ্ণ সচেতন ৷ কিন্তু চীনা সৈন্যই সীমান্তত এনে কিছুমান কাৰ্যকলাপ চলাই আছে যিয়ে ভাৰতীয় সেনাৰ নিয়মীয়া টহলদাৰীত বাধাৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে যোৱা ১০ মে’ত ছিকিম সীমান্তত ভাৰতীয় আৰু চীনা সেনাৰ মাজত হতাহতি লাগিছিল আৰু কেইবাজনো ভাৰতীয় সেনা সেই ঘটনাত আহতও হৈছিল৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.