সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিমান বন্দৰৰ পৰা জুপুৰীলৈ : আম্ফানে এফালৰ পৰা মহতিয়াই নিছে…

বিপদৰ আগজাননী আগৰে পৰাই আছিল ৷ কিন্তু এই বিপদে যে এটা দু:স্বপ্নৰ দৰে সকলো শেষ কৰি পেলাব কোনেও কল্পনাই কৰিব পৰা নাছিল ৷ পশ্চিমবংগ চৰকাৰে আগতীয়াকৈ কুলতলিৰ দেবীপুৰ পঞ্চায়তৰ লোকসকলক নিজৰ নিজৰ ঘৰৰ পৰা আশ্ৰয় শিবিৰলৈ লৈ ঘৈছিল ৷ তাতেই কালি গোটেই নিশা তেওঁলোকে শুনি থাকে বতাহৰ সো-সোৱনি আৰু মেঘৰ গাজনি ৷ আজি পুৱা সামান্য বতৰ ফৰকাল হোৱাৰ সুযোগতে বহু লোক নিজৰ ঘৰলৈ উভতি যায় ৷ দেবীপুৰৰ ঘৰলৈ উভতি জিয়াউলো ৷ কিন্তু ঘৰ পাই যি দেখিলে ,সেয়া আছিল দু:স্বপ্নৰ দৰে এক বাস্তৱ মাত্ৰ ৷ ঘৰৰ সলনি পৰি আছে এটা কংকালসদৃশ অবয়ব ৷ পানীত ওপঙি আছে ভৰালৰ ধান ৷ চাৰিটা সন্তান আৰু পত্নীৰে জিয়াউলৰ কালিৰ দিনটোলৈ আছিল এখন ভৰা সংসাৰ ৷ সাগৰত মাছ ধৰা তেওঁৰ পেছা ৷ সামান্য খেতি বাতিৰে অনাটন নোহোৱাকৈ পাৰ কৰিছিল মহামাৰী জৰ্জৰ দিনবোৰো ৷ বহু সাগৰীয় ধুমুহা ,দুৰ্যোগ তেওঁ চকুৰ সন্মুখতে দেখিছে ৷ কিন্তু আম্ফানৰ দৰে দু:সহ দু:স্বপ্নৰ কাহানিও মুখামুখি হোৱা নাছিল ৷ এই দুৰ্বিসহ সময়ক মানি লোৱাৰ বাহিৰে তেওঁৰ সন্মুখত আন একো পথ নাই ৷ চৰকাৰেই এতিয়া একমাত্ৰ ভৰষা৷

জিয়াউলৰ বিধ্বস্ত ঘৰ

পশ্চিমবংগ চৰকাৰৰ বাবেও এয়া আছিল অকল্পনীয় দুৰ্যোগ ৷এজাক মাতাল ধুমুহাই আজি সমগ্ৰ পশ্চিমবংগ তচনচ কৰি নিলে ৷বিমানবন্দৰৰ পৰা দুখীয়াৰ জুপুৰীলৈ একো বাদ নপৰিল ৷ এফালৰ পৰা সকলো মহতিয়াই নিলে ৷ব্যাপক সাৱধনতাইও দুৰ্যোগৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে ৷ অসহায় হৈ মমতা বেনাৰ্জীয়ে ঘোষণা কৰিলে –এলেকাৰ পাছত এলেকা ধ্বংস৷ যোগাযোগ বিচ্ছিন্ন ৷ প্ৰশাসনে ৫ লাখ মানুহক স্থানান্তৰ কৰিছে ৷ ১৭৩৭ ৰ পিছত এয়াই আটাইতকৈ ভয়ানক দুৰ্যোগ ৷ আমাৰ কাৰ্যালয় কঁপিছে ৷ আমি ৱাৰ ৰূমত বহি আছো ৷ এই কঠিন পৰিস্থিতিৰ আমি যুদ্ধকালীন মোকাবিলা কৰিম ৷’
ধুমুহাই মহতিয়াই নিলে কলকাতাৰ বিমান বন্দৰ

দুপৰীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পাছত মুখ্যমন্ত্ৰী মমতা বেণাৰ্জীয়ে সংবাদমেলত জানিবলৈ দিয়ে যে আম্ফান ধুমুহাত ৭২ জনৰ মৃত্যু হৈছে ৷ ইয়াৰে ১৫ জন কলকাতাৰ ৷তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো পশ্চিমবংগৰ পৰিস্থিতি নিজে আহি নীৰিক্ষণ কৰিবলৈ আহ্বান জনায় ৷ কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে উৰিষ্যা আৰু পশ্চিমবংগ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.