সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নতুন সংকট : অনাহাৰত পৰিব আফগানিস্তানৰ ১.৪০ কৌটি জনতা

তালিবানৰ ক্ষমতা দখলৰ পাছত তীব্ৰ খাদ্য সংকটৰ সৃষ্টি হ’ব পাৰে আফগানিস্তানত ৷ প্ৰায় ১ কৌটি ৪০ লাখ মানুহ অনাহাৰৰ সন্মুখীন হোৱা সম্ভাৱণা ব্যক্ত কৰিছে ৰাষ্ট্ৰসংঘই ৷বিশ্ব খাদ্য প্ৰকল্পৰ প্ৰধান মেৰি মেকগ্ৰোয়াৰ্টিয়ে কাবুলত পৰা বুধবাৰে ৰাষ্ট্ৰসংঘক এই কথা অৱগত কৰে ৷
ইয়াৰ কাৰণ হিচাপে তেও উল্লেখ কৰিছে তিনিটা কথা ৷ প্ৰথম . বিগত তিনিটা বছৰত দেশখন দুবাৰ মাৰাত্মক খৰাঙৰ সন্মুখীন হৈছে ৷ দ্বিতীয় , আফগানিস্তানৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয় ৷ তৃতীয় , তালিবান শাসনলৈ অহাৰ পাছত এক অস্থিৰতাৰ সৃষ্টি হৈছে ৷ এই সামগ্ৰিক পৰিস্থিতিয়েই দেশখনক খাদ্যসংকটৰ মুখলৈ ঠেলি দিছে ৷
ৰাষ্ট্ৰসংঘৰ বিষয়াগৰাকীয়ে লগতে কয়,’খৰাঙৰ কাৰণে দেশৰ খেতিৰ এটা বৃহৎ অংশ নষ্ট হৈ গৈছে ৷ আনকি তালিবানে প্ৰদেশসমুহত চলোৱা আক্ৰমণৰ সময়তো বৃহৎ পৰিমানৰ শস্য বিনষ্ট হৈছে ৷মুঠ উৎপাদনৰ ৪০ শতাংশ ফচল ইতিমধ্যে নষ্ট হৈ গৈছে ৷ তাতে শীতকাল সমাগত ৷ শীতৰ আগে আগে যথেষ্ট পৰিমাণৰ ফচল উৎপাদন নহ’লে তীব্ৰ খাদ্য সংকট সৃষ্টি হ’ব পাৰে ৷’
বিশ্ব খাদ্য প্ৰকল্পৰ তৰফৰ পৰা কোৱা হৈছে যে দেশখনৰ প্ৰায় ৪০ লাখ মানুহক খাদ্য যোগান ধৰা হৈছে ৷ কেইমাহমানৰ ভিতৰত ৯০ লাখ মানুহক খাদ্য যোগানৰ ব্যৱস্থা কৰা হ’ব ৷ কিন্তু আফগানিস্তানৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ বাবে দ্ৰুভভাৱে খাদ্য যোগান ধৰাটো প্ৰত্যাহ্বান হৈ পৰিছে ৷ কিন্তু খাদ্য যোগান সঠক নহ’লে দেশখন দুৰ্ভিক্ষৰ কবলত পৰাটো নিশ্চিত ৷

Leave A Reply

Your email address will not be published.