আফগানিস্তানৰ পৰা ভাৰতক দু:শ্চিন্তাত পেলোৱা কি খবৰ আহিছে ?

Share This Article

ভাৰতক দু:শ্চিন্তাত পেলাই কাবুললৈ শিপা বিয়পাইছে আল –কায়দা আৰু পাকিস্তানৰ হক্কানি নেটৱৰ্কে ৷ খবৰ দিছে চোৰাংছোৱা সংস্থাই ৷ ২০ বছৰ পাছত তালিবান শাসনলৈ ঘূৰি অহাৰ পাছত এইটোৱে অৱধাৰিত ঘটনা আছিল ৷ যিয়ে ভাৰতৰ ৰক্তচাপ বঢ়াই তুলিছে ৷
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিৰাপত্তা সংক্ৰান্তীয় সমিতিৰ বৈঠক বিগত দিদিন ধৰি অনুষ্ঠিত হৈছে ৷আফগানিস্তানৰ জংগী সংগঠনৰ সক্ৰিয়তা সন্দৰ্ভত সকলো তথ্য এই বৈঠকত দাঙি ধৰিছে ভাৰতীয় ৰাষ্ট্ৰদূত ৰুদ্ৰেন্দ্ৰ টেণ্ডনে ৷
চোৰাংছোৱাৰ খবৰ অনুসৰি , আফগানিস্তানৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰৰ বিষয়টো আলোচনা হোৱাৰ লগে লগে লস্কৰ –ই-তৈবাৰ লগত তালিবানৰ আদান – প্ৰদান আৰম্ভ হয় ৷পাকিস্তানৰ হক্কানি নেটৱৰ্কো সক্ৰিয় হৈ উঠছে দেশখনত ৷ এই ঘটনাবোৰ এদিনতে সংঘটিত হোৱা নাই ৷ কাবুলত এনে সংগঠনৰ উপস্থিতি দেখা নগ’লেও কান্দাহাৰ , জালালাবাদ , হেৰাট আদি প্ৰদেশত তেওলোক সক্ৰিয় হৈয়ে আছিল ৷ এতিয়া ঘানি চৰকাৰৰ পতনৰ পাছত কাবুলতো এনে জংগী সংগঠনৰ প্ৰভাৱ স্পষ্ট হৈ পৰিব ৷
এই বিষয়টো ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ সৈতে জড়িত ৷ ভাৰতৰ নিৰাপত্তা সংস্থাসমুহৰ ধাৰণা যে সন্ত্ৰাসবাদী সংগঠনসমূহে কিছুদিন পাছৰে পৰা আফগানিস্তানক ‘লন্স পেড’ হিচাপে ব্যাৱহাৰ কৰিবলৈ ল’ব ৷ ইয়াৰ ফলত সীমান্তৰ সিপাৰৰ পৰা জন্মু- কাশ্মীৰৰ ওপৰত হোৱা আক্ৰমণ বৃদ্ধিৰ সম্ভাৱণা আছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.