অৱশেষত দেখা গ’ল যে যুদ্ধভূমিত অকলশৰীয়া হৈ পৰিছে ইউক্ৰেইন ৷ আমেৰিকাই নিজৰ সেনা প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছে ৷ ফ্ৰান্স , জাৰ্মানীয়েও পিছ হুহুকিছে ৷ একমাত্ৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক বাদ দি কোনো এজন ৰাষ্ট্ৰনেতাই যুদ্ধত নিজকে জড়িত কৰিবলৈ সাজু নহয় ৷ আচলতে এই মুহূৰ্তত বৰিছ জনছনক যুদ্ধ এখনৰ খুবেই প্ৰয়োজন ৷ কাৰণ কোভিডৰ পাছত দেশৰ জনতাৰ ব্যাপক অনাস্থাৰ সন্মুখীন হৈছে জনছন ৷ নিজ দলৰ মজিয়াৰ পৰাই উত্থাপিত হৈছে পদত্যাগৰ দাবী ৷ একমাত্ৰ যুদ্ধইহে তেওৰ চকী বচাব পাৰে ৷ সেইবাবেই তেও যুদ্ধৰ সপক্ষত থিয় হৈছে ৷ কিন্তু ইউৰোপৰ আন দেশসমূহৰ সহযোগিতা নাপাই আমেৰিকাই সকীয়ণিতে নিজক সীমাৱদ্ধ ৰাখিছে ৷ ২০০৩ চনৰ ইৰাক যুদ্ধৰ সময়তো নাটো বাহিনীৰ বৃহৎ সদস্য ৰাষ্ট্ৰ জাৰ্মানি আৰু ফ্ৰান্সে নিজকে যুদ্ধৰ পৰা নিলগাই ৰাখিছিল ৷ যাৰ বাবে আমেৰিকাৰ হাতত তিৰষ্কৃতও হৈছিল ফ্ৰান্স আৰু জাৰ্মানি ৷ মাৰ্কিন প্ৰতিৰক্ষা সচিব ডোণাল্ড ৰামছফিল্ডে কৈয়েই দিছিল যে ফ্ৰান্স এটা সমস্যা ৷ জাৰ্মানীও এটা সমস্যা ৷ তেওলোক পুৰণি ইউৰোপ ৷নাটো বাহিনীৰ পৰিধি বিস্তাৰ আৰু যুদ্ধ- অস্ত্ৰৰ সম্প্ৰসাৰণৰ নীতিক ইউৰোপৰ ডাঙৰ দেশৰ চৰকাৰসমূহে কেতিয়াও ভাল চকুৰে চোৱা নাই ৷ দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি তেওলোকৰ মনত এতিয়াও সজীৱ ৷ ফ্ৰান্স বা জাৰ্মানিয়ে নিশ্চৰ্তভাৱে আমেৰিকাৰ যুদ্ধৰ সংগী হ’বলৈ বিচৰা নাই ৷ তেওলোক কূটনৈতিক সমাধানৰ বাবে অধিক আগ্ৰহী ৷ বৰং ফৰাচী ৰাষ্ট্ৰপতি ইমানুয়েল মেক্ৰো আৰু জাৰ্মানিৰ নতুন চেঞ্চেলৰ ওলাফ শলতজে আলোচনাৰ বাবে মস্কো ভ্ৰমণ কৰিছে ৷ ইয়াতো লুকাই আছে দুয়োজন নেতাৰ আন কিছু অভিপ্ৰায় ৷ সন্মুখত আছে ফ্ৰান্সৰ নিৰ্বাচন ৷ তাৰ পূৰ্বে মধ্যস্থতাৰ মাজেৰে ৰাছিয়া – ইউক্ৰেইনৰ সমস্যাৰ সমাধান উলিয়াই তেও নিজকে সফল ৰাষ্ট্ৰনেতা হিচাপে তুলি ধৰিবলৈ বিচাৰিছে ৷ আনহাতে, জাৰ্মানিৰ বাবে প্ৰয়োজনীয় ৪০ শতাংশ গেছ আহে ৰাছিয়াৰ পৰা ৷ ইতিমধ্যে গেছ সৰবৰাহৰ বাবে ৰাছিয়া আৰু জাৰ্মানিৰ মাজত নিৰ্মান হৈছে নতুন পাইপলাইন ৷আমেৰিকাৰ অৱৰোধৰ ফলত কেৱল যে ৰাছিয়াই ক্ষতিগ্ৰস্থ হ’ব তেনে নহয় ৷ ফল ভুগিব লাগিব জাৰ্মানিয়েও ৷ আভ্যন্তৰীণ সমীকৰণৰ বাবে যদি ফ্ৰান্স আৰু জাৰ্মানিয়ে নাটো বাহিনীত সক্ৰিয় স্থিতি নলয় , তাৰ অৰ্থ কি হ’ব , সেয়া সহজেই অনুমেয় ৷ স্বাভাৱিকতে ইয়াৰ সুযোগ ল’ব ৰাছিয়াই৷
ছোভিয়েট ইউনিয়নৰ পতনৰ পাছতেই ইউক্ৰেইনে স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশ কৰিছিল ৷ তাৰ পাছত দেশখনত সৃষ্টি হৈছিল দুটা গোটৰ ৷ এটাই ৰাছিয়াৰ লগত সু- সম্পৰ্ক ৰাখিব বিচাৰে আৰু আনটো গোটে বিচাৰে ইউৰোপৰ লগত থাকক ইউক্ৰেইন ৷ তাৰ পৰাই সমস্যাৰ উদ্ভৱ ৷ ২০১৪ চনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি আছিল ভিক্টৰ ইয়ানুকোভিচ ৷ তেও ইউৰোপিয়ান ইউনিয়নৰ লগত বাণিজ্যিক চুক্তি কৰিবলৈ আগবঢ়াৰ লগে লগে অসন্তুষ্ট হৈ পৰে ৰাছিয়া ৷ পুটিনৰ চাপত এই চুক্তি স্বাক্ষৰ নহ’ল ৷ তাৰ পাছৰ পৰিস্থিতি এনে হৈ পৰিল যে ইয়ানুকোভিচ চৰকাৰৰ পতন ঘটে ৷ ৰাছিয়াই ক্ৰিমিয়া দখল কৰি নিজৰ আধিপত্য বিস্তাৰ কৰে ৷ ক্ৰিমিয়া দখলৰ আছিল আন এক সুকীয়া কাৰণ ৷ কাৰণ , ক্ৰিমিয়াত আছে ৰাছিয়াৰ নৌ সেনাৰ ঘাটি ৷ কৃষ্ণ মহাসাগৰত প্ৰৱেশৰ বাবে ৰাছিয়াৰ এইটোৱে একমাত্ৰ পথ ৷ ইউক্ৰেইনে ইউৰোপিয়ান ইউনিয়নত যোগ দিলে ৰাছিয়াৰ বাবে সেই পথ বন্ধ হৈ পৰিব ৷ ইয়াৰ বাহিৰেও ইউক্ৰেইনৰ লগত ইউৰোপৰ আন দেশৰ সীমাও সংলগ্ন হৈ আছে ৷ ৰাছিয়াক বছৰজুৰি উষ্ণ জলবন্দৰেৰে সুচল যাতায়তৰ সুবিধা দি অহা বন্দৰটোও আছে ইউক্ৰেইনত ৷ বাল্টিক সাগৰৰ লগত যোগাযোগৰ পথো এই ইউক্ৰেইন ৷ এই ইউক্ৰেইনে যদি ইউৰোপিয়ান ইউনিয়নত যোগ দিয়ে , অন্য এক বৃহৎ অৰ্থনৈতিক সমস্যাৰ মুখামুখি হ’ব ৰাছিয়া ৷সেইবাবেই পুটিনে নিবিচাৰে যে ইউক্ৰেইন নাটোৰ সদস্য হওক ৷ পুটিনে ভাবে যে নাটো বাহিনীয়ে ইউক্ৰেইনৰ কান্ধত বন্দুক থৈ ৰাছিয়াক ব্লেকমেইল কৰিব বিচাৰিছে ৷ সেইবাবেই এক যুদ্ধৰ সূচনা কৰিবলৈ গৈ তেও অস্বত্বিৰ সন্মুখীন হোৱা নাই ৷ কিন্তু কোভিডৰ এই বিভীষিকাৰ পাছত বিশ্বসমুদায় আন এখন যুদ্ধত নামিবলৈ সাজু নে ? মহামাৰীৰ মাধমাৰৰ পাছত যুদ্ধৰ পৰা হ’বলগীয়া অৰ্থনৈতিক ক্ষতি দেশসমূহে চম্ভালিব পাৰিবনে ? এই সকলোবোৰ এতিয়া নিৰ্ভৰ কৰিছে আমেৰিকা আৰু ব্ৰিটেইনৰ ওপৰতে ৷