ইউক্ৰেইন যুদ্ধৰ পৰিণতি কি ?

Share This Article

অৱশেষত দেখা গ’ল যে যুদ্ধভূমিত অকলশৰীয়া হৈ পৰিছে ইউক্ৰেইন ৷ আমেৰিকাই নিজৰ সেনা প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছে ৷ ফ্ৰান্স , জাৰ্মানীয়েও পিছ হুহুকিছে ৷ একমাত্ৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনক বাদ দি কোনো এজন ৰাষ্ট্ৰনেতাই যুদ্ধত নিজকে জড়িত কৰিবলৈ সাজু নহয় ৷ আচলতে এই মুহূৰ্তত বৰিছ জনছনক যুদ্ধ এখনৰ খুবেই প্ৰয়োজন ৷ কাৰণ কোভিডৰ পাছত দেশৰ জনতাৰ ব্যাপক অনাস্থাৰ সন্মুখীন হৈছে জনছন ৷ নিজ দলৰ মজিয়াৰ পৰাই উত্থাপিত হৈছে পদত্যাগৰ দাবী ৷ একমাত্ৰ যুদ্ধইহে তেওৰ চকী বচাব পাৰে ৷ সেইবাবেই তেও যুদ্ধৰ সপক্ষত থিয় হৈছে ৷ কিন্তু ইউৰোপৰ আন দেশসমূহৰ সহযোগিতা নাপাই আমেৰিকাই সকীয়ণিতে নিজক সীমাৱদ্ধ ৰাখিছে ৷ ২০০৩ চনৰ ইৰাক যুদ্ধৰ সময়তো নাটো বাহিনীৰ বৃহৎ সদস্য ৰাষ্ট্ৰ জাৰ্মানি আৰু ফ্ৰান্সে নিজকে যুদ্ধৰ পৰা নিলগাই ৰাখিছিল ৷ যাৰ বাবে আমেৰিকাৰ হাতত তিৰষ্কৃতও হৈছিল ফ্ৰান্স আৰু জাৰ্মানি ৷ মাৰ্কিন প্ৰতিৰক্ষা সচিব ডোণাল্ড ৰামছফিল্ডে কৈয়েই দিছিল যে ফ্ৰান্স এটা সমস্যা ৷ জাৰ্মানীও এটা সমস্যা ৷ তেওলোক পুৰণি ইউৰোপ ৷নাটো বাহিনীৰ পৰিধি বিস্তাৰ আৰু যুদ্ধ- অস্ত্ৰৰ সম্প্ৰসাৰণৰ নীতিক ইউৰোপৰ ডাঙৰ দেশৰ চৰকাৰসমূহে কেতিয়াও ভাল চকুৰে চোৱা নাই ৷ দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতি তেওলোকৰ মনত এতিয়াও সজীৱ ৷ ফ্ৰান্স বা জাৰ্মানিয়ে নিশ্চৰ্তভাৱে আমেৰিকাৰ যুদ্ধৰ সংগী হ’বলৈ বিচৰা নাই ৷ তেওলোক কূটনৈতিক সমাধানৰ বাবে অধিক আগ্ৰহী ৷ বৰং ফৰাচী ৰাষ্ট্ৰপতি ইমানুয়েল মেক্ৰো আৰু জাৰ্মানিৰ নতুন চেঞ্চেলৰ ওলাফ শলতজে আলোচনাৰ বাবে মস্কো ভ্ৰমণ কৰিছে ৷ ইয়াতো লুকাই আছে দুয়োজন নেতাৰ আন কিছু অভিপ্ৰায় ৷ সন্মুখত আছে ফ্ৰান্সৰ নিৰ্বাচন ৷ তাৰ পূৰ্বে মধ্যস্থতাৰ মাজেৰে ৰাছিয়া – ইউক্ৰেইনৰ সমস্যাৰ সমাধান উলিয়াই তেও নিজকে সফল ৰাষ্ট্ৰনেতা হিচাপে তুলি ধৰিবলৈ বিচাৰিছে ৷ আনহাতে, জাৰ্মানিৰ বাবে প্ৰয়োজনীয় ৪০ শতাংশ গেছ আহে ৰাছিয়াৰ পৰা ৷ ইতিমধ্যে গেছ সৰবৰাহৰ বাবে ৰাছিয়া আৰু জাৰ্মানিৰ মাজত নিৰ্মান হৈছে নতুন পাইপলাইন ৷আমেৰিকাৰ অৱৰোধৰ ফলত কেৱল যে ৰাছিয়াই ক্ষতিগ্ৰস্থ হ’ব তেনে নহয় ৷ ফল ভুগিব লাগিব জাৰ্মানিয়েও ৷ আভ্যন্তৰীণ সমীকৰণৰ বাবে যদি ফ্ৰান্স আৰু জাৰ্মানিয়ে নাটো বাহিনীত সক্ৰিয় স্থিতি নলয় , তাৰ অৰ্থ কি হ’ব , সেয়া সহজেই অনুমেয় ৷ স্বাভাৱিকতে ইয়াৰ সুযোগ ল’ব ৰাছিয়াই৷

ছোভিয়েট ইউনিয়নৰ পতনৰ পাছতেই ইউক্ৰেইনে স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশ কৰিছিল ৷ তাৰ পাছত দেশখনত সৃষ্টি হৈছিল দুটা গোটৰ ৷ এটাই ৰাছিয়াৰ লগত সু- সম্পৰ্ক ৰাখিব বিচাৰে আৰু আনটো গোটে বিচাৰে ইউৰোপৰ লগত থাকক ইউক্ৰেইন ৷ তাৰ পৰাই সমস্যাৰ উদ্ভৱ ৷ ২০১৪ চনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি আছিল ভিক্টৰ ইয়ানুকোভিচ ৷ তেও ইউৰোপিয়ান ইউনিয়নৰ লগত বাণিজ্যিক চুক্তি কৰিবলৈ আগবঢ়াৰ লগে লগে অসন্তুষ্ট হৈ পৰে ৰাছিয়া ৷ পুটিনৰ চাপত এই চুক্তি স্বাক্ষৰ নহ’ল ৷ তাৰ পাছৰ পৰিস্থিতি এনে হৈ পৰিল যে ইয়ানুকোভিচ চৰকাৰৰ পতন ঘটে ৷ ৰাছিয়াই ক্ৰিমিয়া দখল কৰি নিজৰ আধিপত্য বিস্তাৰ কৰে ৷ ক্ৰিমিয়া দখলৰ আছিল আন এক সুকীয়া কাৰণ ৷ কাৰণ , ক্ৰিমিয়াত আছে ৰাছিয়াৰ নৌ সেনাৰ ঘাটি ৷ কৃষ্ণ মহাসাগৰত প্ৰৱেশৰ বাবে ৰাছিয়াৰ এইটোৱে একমাত্ৰ পথ ৷ ইউক্ৰেইনে ইউৰোপিয়ান ইউনিয়নত যোগ দিলে ৰাছিয়াৰ বাবে সেই পথ বন্ধ হৈ পৰিব ৷ ইয়াৰ বাহিৰেও ইউক্ৰেইনৰ লগত ইউৰোপৰ আন দেশৰ সীমাও সংলগ্ন হৈ আছে ৷ ৰাছিয়াক বছৰজুৰি উষ্ণ জলবন্দৰেৰে সুচল যাতায়তৰ সুবিধা দি অহা বন্দৰটোও আছে ইউক্ৰেইনত ৷ বাল্টিক সাগৰৰ লগত যোগাযোগৰ পথো এই ইউক্ৰেইন ৷ এই ইউক্ৰেইনে যদি ইউৰোপিয়ান ইউনিয়নত যোগ দিয়ে , অন্য এক বৃহৎ অৰ্থনৈতিক সমস্যাৰ মুখামুখি হ’ব ৰাছিয়া ৷সেইবাবেই পুটিনে নিবিচাৰে যে ইউক্ৰেইন নাটোৰ সদস্য হওক ৷ পুটিনে ভাবে যে নাটো বাহিনীয়ে ইউক্ৰেইনৰ কান্ধত বন্দুক থৈ ৰাছিয়াক ব্লেকমেইল কৰিব বিচাৰিছে ৷ সেইবাবেই এক যুদ্ধৰ সূচনা কৰিবলৈ গৈ তেও অস্বত্বিৰ সন্মুখীন হোৱা নাই ৷ কিন্তু কোভিডৰ এই বিভীষিকাৰ পাছত বিশ্বসমুদায় আন এখন যুদ্ধত নামিবলৈ সাজু নে ? মহামাৰীৰ মাধমাৰৰ পাছত যুদ্ধৰ পৰা হ’বলগীয়া অৰ্থনৈতিক ক্ষতি দেশসমূহে চম্ভালিব পাৰিবনে ? এই সকলোবোৰ এতিয়া নিৰ্ভৰ কৰিছে আমেৰিকা আৰু ব্ৰিটেইনৰ ওপৰতে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.