সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পুটিনে কিয় ইউক্ৰেইন আক্ৰমণ কৰিলে ?

সমগ্ৰ বিশ্বই এতিয়া এজন মানুহৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰাখিছে ৷ তেওৰ নাম ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিন ৷ আমেৰিকা , ইউৰোপৰ কঠোৰ সকীয়ণি , সমগ্ৰ বিশ্বৰ আগ্ৰহ – আবেদন নেওচি তেও ইউক্ৰেইন আক্ৰমণ কৰিছে ৷ এক সংশয়পূৰ্ণ পৰিস্থিতিৰ দিশে ঠেলি দিছে সমগ্ৰ বিশ্বক ৷ তৃতীয় বিশ্বযুদ্ধৰ আশংকাও জীপাল কৰি তুলিছে ৰাছিয়াৰ শেহতীয়া নীতিয়ে ৷ আধুনিক বিশ্বত এখন দেশে আন এখন দেশৰ ওপৰত সামৰিক আক্ৰমণ নমাই অনা মানেই এক বৃহৎ বিফলতা ৷ আলোচনা- বিতৰ্কৰ সকলো পথ ৰুদ্ধ হৈ পৰা ৷ ইউক্ৰেইনক লৈ ৰাছিয়াৰ অনেক আপত্তি থাকিব পাৰে , অনেক মতভেদ গঢ়ি উঠিব পাৰে, কিন্তু সেই দেশৰ সকলো নাগৰিকৰ জীৱন বিপদাপন্ন কৰি তোলাটো কোনো পৰিস্থিতিতেই সমৰ্থযোগ্য হ’ব নোৱাৰে ৷ দীৰ্ঘদিনীয়া সংঘাত থাকিলেও সংঘৰ্ষ বৰ্জনৰ অনেক পথ আছিল ৷ যুদ্ধৰ বাহিৰেও চাপ সৃষ্টিৰ আন কৌশল আছিল ৷ কিন্তু সকলো বিকল্প পথ পৰিহাৰ কৰি ৰাছিয়াই কৰা এই আক্ৰমণৰ অনেক তাৎপৰ্য আছে ৷

ইউক্ৰেইনৰ সমস্যাক আচলতে ৰাছিয়াই দীৰ্ঘদিনে লালন পালন কৰি আহিছে ৷ ২০১৪ চনত ক্ৰিমিয়া আক্ৰমণ কৰাৰ পাছৰে পৰা তেওলোকে পুহি ৰাখিছে এই গোপন পৰিকল্পনা ৷ পৰিকল্পনাৰ এটাই উদ্দেশ্য – সময়ে সময়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ক্ষমতা প্ৰদৰ্শন ৷ পুটিনৰ ক্ষমতা আৰু তেওৰ ক্ষমতাৰ পৰিধি সম্পৰ্কে যাতে বিশ্বৰ সকলো দেশেই সচেষ্ট হৈ থাকে , সেইবাবেই তেও ইউক্ৰেইন আক্ৰমণক সুযোগ হিচাপে ব্যৱহাৰ কৰিছে ৷ কিন্তু ইউক্ৰেইনক এই বিপদৰ সময়ত অকলশৰীয়াকৈ এৰি দিয়াৰ দায়িত্বও এৰাই চলিব নোৱাৰে নাটো বাহিনীয়ে ৷ সি যি কি নহওক , এখন দেশৰ ওপৰত চলোৱা এই সামৰিক অভিযানৰ বাবে দায়বদ্ধ একমাত্ৰ ব্যক্তিজনেই হ’ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিন ৷অথচ ক্ষমতাৰ বাবে বলীয়া এজন একনায়কৰ সন্মুখত আজি যেন সকলো অসহায় হৈ পৰিছে ৷

- Donation -

ৰাছিয়াৰ বাবে ইউক্ৰেইন এখন দুৱাৰমুখৰ দৰে ৷ ইউৰোপৰ লগত ৰাছিয়াৰ যোগাযোগৰ প্ৰধান পথ ৷ বহু কাল ধৰি ইউক্ৰেইন আছিল ৰাছিয়াৰেই অংশ ৷ দুয়োখন দেশৰ সংস্কৃতি আৰু জীৱন যাপনো প্ৰায় অভিন্ন ৷ কিন্তু সেই অভিন্নতাৰ মাজতো গঢ়ি উঠিছে এক পৃথক আঞ্চলিক জাতীয়তাবাদ ৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ সম্পৰ্কই সাম্ৰাজ্য আৰু উপনিৱেশৰ ৰূপ লোৱাৰ পাছত বিচ্ছিন্নতাৰ এই প্ৰৱণতা গঢ় লোৱাটোয়েই স্বাভাবিক ৷ সেইবাবেই ছোভিয়েট ইউনিয়নৰ পতনৰ পাছতেই আমেৰিকা – ইউৰোপে ইউক্ৰেইনক ৰাছিয়াৰ পৰা মুক্ত কৰি সুযোগৰ ব্যৱহাৰ কৰিছিল ৷ ক্ৰমশ: ইউক্ৰেইন হৈ পৰিছিল ৰাছিয়াৰ বাবে এক বৃহৎ কূটনৈতিক প্ৰত্যাহ্বান ৷ পুটিনেও ইউক্ৰেইনৰ লগত থকা সকলো সংকটৰ সমাধান সূত্ৰ বিচৰাৰ সলনি এই সংকটক সযত্নে লালন পালন কৰিছিল ৷ কাৰণ , তেও ভালদৰেই জানিছিল যে ইউক্ৰেইন সন্দৰ্ভত আগ্ৰাসী নীতি লোৱা মানেই দেশ আৰু বিশ্বৰ সন্মুখত তেওৰ ক্ষমতাৰ মুকলি প্ৰদৰ্শন হ’ব ৷ এই যুদ্ধই যে আন দেশৰ ক্ষতি কৰিব তেনে নহয় ৷ ৰাছিয়াক এক বৃহৎ অৰ্থনৈতিক লোকচানৰ মুখলৈ ঠেলি দিব ৷ এই সকলোবোৰ শুনি বুজিও অতি হিচাপী খোজ দিছে ব্লাডিমিৰ পুটিনে ৷ পুটিনৰ মন বিশ্ব ৰাজনীতিত সৰ্ব্বোচচ আসনত অধিষ্ঠিত হোৱা ৷ ৰাছিয়াত নিজৰ স্থান চিৰদিনলৈ সুৰক্ষিত ৰখা ৷ সেইবাবেই তেও নিজৰ ক্ষমতা আৰু ক্ষমতাৰ পৰিধিৰ মুকলি প্ৰদৰ্শন কৰিবলৈ ইউক্ৰেইনৰ ওপৰত আক্ৰমণ নমাই আনিছে ৷ প্ৰয়োজনত কিমান সীমা অতিক্ৰম কৰিব পাৰে , তাকেই বুজাব বিচাৰিছে পুটিনে ৷ কিন্তু তেওৰ ক্ষমতা প্ৰদৰ্শনৰ যুঁজত অনিশ্চিত হৈ পৰিছে ইউক্ৰেইনত থকা লাখ লাখ মানুহৰ ভৱিষ্যত ৷

Leave A Reply

Your email address will not be published.