পুটিনে কিয় ইউক্ৰেইন আক্ৰমণ কৰিলে ?

Share This Article

সমগ্ৰ বিশ্বই এতিয়া এজন মানুহৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি ৰাখিছে ৷ তেওৰ নাম ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিন ৷ আমেৰিকা , ইউৰোপৰ কঠোৰ সকীয়ণি , সমগ্ৰ বিশ্বৰ আগ্ৰহ – আবেদন নেওচি তেও ইউক্ৰেইন আক্ৰমণ কৰিছে ৷ এক সংশয়পূৰ্ণ পৰিস্থিতিৰ দিশে ঠেলি দিছে সমগ্ৰ বিশ্বক ৷ তৃতীয় বিশ্বযুদ্ধৰ আশংকাও জীপাল কৰি তুলিছে ৰাছিয়াৰ শেহতীয়া নীতিয়ে ৷ আধুনিক বিশ্বত এখন দেশে আন এখন দেশৰ ওপৰত সামৰিক আক্ৰমণ নমাই অনা মানেই এক বৃহৎ বিফলতা ৷ আলোচনা- বিতৰ্কৰ সকলো পথ ৰুদ্ধ হৈ পৰা ৷ ইউক্ৰেইনক লৈ ৰাছিয়াৰ অনেক আপত্তি থাকিব পাৰে , অনেক মতভেদ গঢ়ি উঠিব পাৰে, কিন্তু সেই দেশৰ সকলো নাগৰিকৰ জীৱন বিপদাপন্ন কৰি তোলাটো কোনো পৰিস্থিতিতেই সমৰ্থযোগ্য হ’ব নোৱাৰে ৷ দীৰ্ঘদিনীয়া সংঘাত থাকিলেও সংঘৰ্ষ বৰ্জনৰ অনেক পথ আছিল ৷ যুদ্ধৰ বাহিৰেও চাপ সৃষ্টিৰ আন কৌশল আছিল ৷ কিন্তু সকলো বিকল্প পথ পৰিহাৰ কৰি ৰাছিয়াই কৰা এই আক্ৰমণৰ অনেক তাৎপৰ্য আছে ৷

ইউক্ৰেইনৰ সমস্যাক আচলতে ৰাছিয়াই দীৰ্ঘদিনে লালন পালন কৰি আহিছে ৷ ২০১৪ চনত ক্ৰিমিয়া আক্ৰমণ কৰাৰ পাছৰে পৰা তেওলোকে পুহি ৰাখিছে এই গোপন পৰিকল্পনা ৷ পৰিকল্পনাৰ এটাই উদ্দেশ্য – সময়ে সময়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ক্ষমতা প্ৰদৰ্শন ৷ পুটিনৰ ক্ষমতা আৰু তেওৰ ক্ষমতাৰ পৰিধি সম্পৰ্কে যাতে বিশ্বৰ সকলো দেশেই সচেষ্ট হৈ থাকে , সেইবাবেই তেও ইউক্ৰেইন আক্ৰমণক সুযোগ হিচাপে ব্যৱহাৰ কৰিছে ৷ কিন্তু ইউক্ৰেইনক এই বিপদৰ সময়ত অকলশৰীয়াকৈ এৰি দিয়াৰ দায়িত্বও এৰাই চলিব নোৱাৰে নাটো বাহিনীয়ে ৷ সি যি কি নহওক , এখন দেশৰ ওপৰত চলোৱা এই সামৰিক অভিযানৰ বাবে দায়বদ্ধ একমাত্ৰ ব্যক্তিজনেই হ’ল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিন ৷অথচ ক্ষমতাৰ বাবে বলীয়া এজন একনায়কৰ সন্মুখত আজি যেন সকলো অসহায় হৈ পৰিছে ৷

ৰাছিয়াৰ বাবে ইউক্ৰেইন এখন দুৱাৰমুখৰ দৰে ৷ ইউৰোপৰ লগত ৰাছিয়াৰ যোগাযোগৰ প্ৰধান পথ ৷ বহু কাল ধৰি ইউক্ৰেইন আছিল ৰাছিয়াৰেই অংশ ৷ দুয়োখন দেশৰ সংস্কৃতি আৰু জীৱন যাপনো প্ৰায় অভিন্ন ৷ কিন্তু সেই অভিন্নতাৰ মাজতো গঢ়ি উঠিছে এক পৃথক আঞ্চলিক জাতীয়তাবাদ ৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ সম্পৰ্কই সাম্ৰাজ্য আৰু উপনিৱেশৰ ৰূপ লোৱাৰ পাছত বিচ্ছিন্নতাৰ এই প্ৰৱণতা গঢ় লোৱাটোয়েই স্বাভাবিক ৷ সেইবাবেই ছোভিয়েট ইউনিয়নৰ পতনৰ পাছতেই আমেৰিকা – ইউৰোপে ইউক্ৰেইনক ৰাছিয়াৰ পৰা মুক্ত কৰি সুযোগৰ ব্যৱহাৰ কৰিছিল ৷ ক্ৰমশ: ইউক্ৰেইন হৈ পৰিছিল ৰাছিয়াৰ বাবে এক বৃহৎ কূটনৈতিক প্ৰত্যাহ্বান ৷ পুটিনেও ইউক্ৰেইনৰ লগত থকা সকলো সংকটৰ সমাধান সূত্ৰ বিচৰাৰ সলনি এই সংকটক সযত্নে লালন পালন কৰিছিল ৷ কাৰণ , তেও ভালদৰেই জানিছিল যে ইউক্ৰেইন সন্দৰ্ভত আগ্ৰাসী নীতি লোৱা মানেই দেশ আৰু বিশ্বৰ সন্মুখত তেওৰ ক্ষমতাৰ মুকলি প্ৰদৰ্শন হ’ব ৷ এই যুদ্ধই যে আন দেশৰ ক্ষতি কৰিব তেনে নহয় ৷ ৰাছিয়াক এক বৃহৎ অৰ্থনৈতিক লোকচানৰ মুখলৈ ঠেলি দিব ৷ এই সকলোবোৰ শুনি বুজিও অতি হিচাপী খোজ দিছে ব্লাডিমিৰ পুটিনে ৷ পুটিনৰ মন বিশ্ব ৰাজনীতিত সৰ্ব্বোচচ আসনত অধিষ্ঠিত হোৱা ৷ ৰাছিয়াত নিজৰ স্থান চিৰদিনলৈ সুৰক্ষিত ৰখা ৷ সেইবাবেই তেও নিজৰ ক্ষমতা আৰু ক্ষমতাৰ পৰিধিৰ মুকলি প্ৰদৰ্শন কৰিবলৈ ইউক্ৰেইনৰ ওপৰত আক্ৰমণ নমাই আনিছে ৷ প্ৰয়োজনত কিমান সীমা অতিক্ৰম কৰিব পাৰে , তাকেই বুজাব বিচাৰিছে পুটিনে ৷ কিন্তু তেওৰ ক্ষমতা প্ৰদৰ্শনৰ যুঁজত অনিশ্চিত হৈ পৰিছে ইউক্ৰেইনত থকা লাখ লাখ মানুহৰ ভৱিষ্যত ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.