সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

চিনেমা হল অতীত হ’ল নেকি ? কোন কেইখন চিনেমাই মুক্তি পাব আপোনাৰ মোবাইলত ?


লকডাউনৰ বাবে কি দহখন নতুন চিনেমা মুক্তি পাব ডিজিটেল মাধ্যমত ?
ক’ৰোনাৰ আতংকৰ মাজতে প্ৰায় দুমাহ ধৰি লকডাউন চলিছে দেশত ৷ দেশৰ প্ৰায় সকলোধৰনৰ উদ্যোগ বাণিজ্যৰ ওপৰত পৰিছে মাধমাৰ ৷ অৱধাৰিতবাবেই অভাৱনীয় ক্ষতিৰ মুখামুখি হৈছে চিনেমা উদ্যোগ ৷সমস্ত বিনিয়োগৰ পিছত মুক্তিৰ বাবে সাজু কৰা বলীউদৰ বহুসংখ্যক ছবি পৰি আছে প্ৰযোজকৰ অফিছত ৷ কেতিয়া খুলিব চিনেমাহ’ল , কেতিয়া মুক্তি দিব পাৰিব চিনেমা তাৰ উত্তৰ এতিয়া কাৰো হাতত নাই ৷ তাৰ মাজতেই একাংশ প্ৰযোজকে কৰিছে নতুন চিন্তাচৰ্চা ৷ নিজৰ চিনেমাসমূহ মুক্তি দিবলৈ ওলাইছে ডিজিটেল প্লেটফৰ্মত ৷ এটাই আশা লকডাউনৰ পৰিৱেশত গৃহবন্দী জনতাই মোবাইলত চিনেমা চাই সকাহ দিব প্ৰযোজকক ! সেয়ে বহুকেইখন চিনেমাৰ প্ৰয়োজকে বাছি লৈছে ডিজিটেল প্লেটফৰ্ম ৷ এতিয়া আপুনিও চাব পাৰিব বহুকেইখন নতুন ছিনেমা আপোনাৰ মোবাইলতেই ৷
এতিয়া চাওঁ আহক কাৰ কোনখন নতুন চিনেমা চাব পাৰিব ক’ত ?
লক্ষ্মী বোম্বঃ
এখন দক্ষিণ ভাৰতীয় চিনেমাৰ ৰিমেক ৷অভিনয়ত আছে অক্ষয় কুমাৰ আৰু কাইৰা আদৱানি ৷


কমেডী আৰু হৰৰ দুইধৰণৰ ৰসেই পাব আপুনি এইখন চিনেমাৰ পৰা ৷ শেহতীয়াকৈ প্ৰকাশিত হোৱাৰ লগে লগে জনপ্ৰিয় হৈছে ছিনেমাখনৰ পোষ্টাৰ ৷
এইখন ছিনেমাৰ সম্ভাব্য ডিজিটেল প্লেটফৰ্মঃ হটষ্টাৰ ৷

গুলাবো চিতাবোঃ
এইখন নতুন চিনেমা সাধাৰণ জনতাৰ জীৱনৰ ওপৰত আধাৰিত ৷ পৰিচালক সুজিত সৰকাৰ ৷ চিনেমাৰ স্ক্ৰিপ্ট জুহী চতুৰ্বেদীৰ ৷


অভিনেতা অমিতাভ বচ্চন আৰু আয়ুস্মান খুৰানা ৷চিনেমাখন চাব পাৰিব প্ৰাইম ভিডিঅ’ত ১২ জুনত ৷

গুঞ্জন চাক্চেনাঃ
এইখন নতুন চিনেমা গুঞ্জন ছাক্ছেণাৰ ওপৰত আধাৰিত বায়োপিক ৷ মূল ভূমিকাত আছে জাহ্নৱী কাপুৰ ৷ ভাৰতৰ প্ৰথম তিনিগৰাকী মহিলা বৈমানিকৰ এগৰাকী গুঞ্জনৰ কাহিনীয়ে আকৰ্ষণ কৰি আহিছে বহুতকে ৷এইখন চিনেমাৰ বাবে সম্ভাব্য ডিজিটেল প্লেটফৰ্মঃ নেটফ্লিক্স ৷

এইকেইদিনতেই ডিজিটেল মাধ্যমঃ প্ৰাইম ভিডিওত মুক্তিলাভ কৰাৰ সম্ভাৱণা আছে বিদ্যা বালান অভিনীত শকুন্তলা দেৱী চিনেমাখনে ৷ বিদ্যা  বালান অভিনীত এই ছৱিখন ভাৰতৰ এগৰাকী কম্পিউটাৰ ওমেনৰ ওপৰত আধাৰিত ৷

এইকেইদিনতেই ডিজিটেল মাধ্যমত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে অনুৰাগ বসুৰ বহুপ্ৰত্যাশিত ডাৰ্ক এন্থোলজি “লুডো”ৰ ৷ চাৰিটা সমান্তৰালভাৱে আগবঢ়াই নিয়া গল্পৰ মাজেৰে আগবাঢ়িছে এইখন ছিনেমাৰ কাহিনীটো ৷ অভিনয়ত আছে অভিষেক বচ্চন , ৰাজকুমাৰ ৰাও , আদিত্য ৰায় কাপুৰ , পংকজ ত্ৰিপাঠী ,পিয়াৰ্লে মানা , আশা নেগী আদি ৷ এইখন ছিনেমাৰ বাবে সম্ভাব্য ডিজিটেল প্লেটফৰ্মঃ নেটফ্লিক্স ৷

ঝুণ্ডঃ
নতুন এই ছিনেমাখনৰ মূল ভুমিকাত আছে অমিতাভ বচ্চন ৷ এতিয়ালৈকে যদিও ডিজিটেল প্লেটফৰ্ম ঘোষণা কৰা নাই এইখন চিনেমাও সোণকালেই আহি আছে আপোনাৰ মোবাইলত ৷street children আৰু এগৰাকী দৰদী অধ্যাপকৰ কাহিনী “ঝুণ্ড” ৷

ইন্দু কী জবানীঃ
ডিজিটেল প্লেটফৰ্ম সোণকালেই ঘোষণা কৰিবলগা এইখন চিনেমা ডেটিং এপৰ বেয়া অভিজ্ঞতা আধাৰিত ছবি ৷গাজিয়াবাদৰ এগৰাকী ছোৱালীৰ ভুমিকাত চিনেমাখনত অভিনয় কৰিছে কাইৰা আদৱানিয়ে ৷কাইৰাৰ বিপৰীতে আছে আদিত্য শীল ৷

সিদ্দতঃ জাৰ্ণী বিয়ণ্ড লাভঃ
ত্ৰিকোণ প্ৰেমৰ পটভুমিত এইখন এখন নতুন ছিনেমা ৷প্ৰাইম ভিডিঅ অহাৰ সম্ভাৱনা থকা চিনেমাখনত অভিনয় কৰিছে ৰাধিকা মদন ,ডাইনা পেণ্টি আৰু ছাণি কৌশলে ৷

- Donation -

এইসময়তেই নতুনকৈ ডিজিটেল মিডিয়াত আহিবলগীয়া এখন চিনেমা “খালী পীলী ” ৷ৰোমাণ্টিক একশ্যনধৰ্মী চিনেমা ‘খালী পীলী ‘ত মুখ্য ভূমিকাত আছে অনন্যা পাণ্ডে আৰু ঈছান খট্টৰ ৷দুয়োগৰাকীয়েই প্ৰথমবাৰৰ বাবে একেলগে স্ক্ৰীণ ছেয়াৰ কৰিছে ৷এই চিনেমাখন অহাৰ সম্ভাৱনা আছে নেটফ্লিক্সত ৷

মিমিঃ
ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত ছবি “মালা আই ভাইছাই”ৰ ৰিমেক “মিমি” ৷নাম ভূমিকাত আছে কীৰ্তি শ্যাণন ৷ ইয়াত কীৰ্তিয়ে ছাৰোগেট মাডাৰৰ ভূমিকাত অভিনয় কৰিছে ৷ চৰিত্ৰৰ খাতিৰত কীৰ্তিয়ে নিজৰ ১৫ কেজি ওজন বঢ়াবলগীয়া হৈছে ৷ এই চিনেমাখনৰ সম্ভাব্য ডিজিটেল প্লেটফৰ্ম হটষ্টাৰ ৷



এই খবৰৰ মাজতো এতিয়া কেৱল এটাই প্ৰশ্ন ৷ পৰম্পৰাগত চিনেমা হ’ল আৰু শুকুৰবাৰ ভৱিষ্যতে কেৱল অতীতৰ সোৱৰণীয়েই হৈ থাকি যাব নেকি ?

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.