গেৰুৱা পিন্ধি কেৱল অভিনয় কৰিব নোৱাৰি !

Share This Article

শ্বাহৰূখ খান আৰু দিপীকা পাডুকন অভিনীত ‘পাঠান’ চলচ্চিত্ৰখনৰ এটা গীতৰ দৃশ্যই লগাইছে তোলপাৰ। চলচ্চিত্ৰখনৰ গীতটো মুক্তি দিয়াৰ লগে লগে বীৰ শিৱাজী গ্ৰুপে ইন্দোৰত চলচ্চিত্ৰখন নিষিদ্ধ কৰিব লাগে বুলি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অভিনেতা শ্বাহৰূখ খান আৰু অভিনেত্ৰী দিপীকা পাডুকনৰ প্ৰতিকৃতি দাহ কৰে।বীৰ শিৱাজী গ্ৰুপৰ মতে গীতটোৱে হিন্দু সম্প্ৰদায়ৰ অন্তৰত দুখ দিছে সেয়ে চলচ্চিত্ৰখন নিষিদ্ধ কৰা উচিত।অভিনেতা প্ৰকাশ ৰাজ দীপিকা পাডুকনৰ সমৰ্থনত ওলাই আহিছে ।প্ৰকাশ ৰাজে টুইট কৰিছে ” বেচৰম বাইগটছ..এই গেৰুৱাই আকৌ ধৰ্ষণকাৰীক মালা পিন্ধায়,সেই গেৰুৱাই ঘৃণাৰ ভাষণো দিয়ে,গেৰুৱা বসন পিন্ধা স্বামীজীয়ে কণমানিক ধৰ্ষণ কৰিব পাৰে !কিন্তু এখন চলচ্চিত্ৰত গেৰুৱা ৰং পিন্ধিলে সেইটো অপৰাধ হয়?”মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই ইয়াৰ আগতে গীতটোত দীপিকাৰ সাজক লৈ সৰৱ হৈছিল৷নৰোত্তম মিশ্ৰই কয় “ প্ৰথম দৃষ্টিতে সাজযোৰক লৈ আপত্তি দৰ্শোৱাৰ কাৰণ পোৱা যায়৷চিনেমাখনৰ গানটো অতি বেয়া মনোভাৱ লৈ প্ৰস্তুত কৰা হৈছে৷মই এইটো শুদ্ধ বুলি নাভাবো।মই নিৰ্দেশকক চলচ্চিত্ৰখন বন্ধ কৰবলৈ ক’ম।”তেওঁ পুনৰ কয় “ ইয়াৰ আগতেও ‘টুকৰে টুকৰে গেঙ’ৰ সমৰ্থনত দিপীকা পাডুকনে মাত মাতিছিল।কিন্তু এইবাৰ তেওঁৰ মানসিকতা পূৰা স্পষ্ট হ’ল৷মই ‘বেচৰম ৰং’ গীতটোৰ নামটোৱেই আপত্তিজনক পাইছোঁ।তদুপৰি সেউজীয়া আৰু গেৰুৱা ৰঙৰ পোচাক,গীতটোৰ নাম আৰু চলচ্চিত্ৰখনৰ নামটো চাই চিনেমাখনে শান্তিক প্ৰতিনিধিত্ব কৰে যেন অনুভৱ কৰা নাই৷ইয়াত কিছু সালসলনিৰ প্ৰয়োজন।যদি এইখিনি সংশোধন কৰা নহয়,তেন্তে আমি মধ্য প্ৰদেশত চলচ্চিত্ৰখন চলাবলৈ দিম নে নিদিম সেই সম্পৰ্কত সিন্ধান্ত ল’ম।”কৰ্ণাটকতো শ্ৰীৰাম সেনাই পাঠান চলচ্চিত্ৰখন নিষিদ্ধ কৰাৰ দাবী তুলিছে ।শ্ৰী ৰামসেনাৰ প্ৰতিষ্ঠাতা প্ৰমোদ মুথালিকে কয় “ হিন্দু সকলেই কেৱল ধৈৰ্য ধৰি থাকে।হিন্দু সকল আক্ৰমণৰ সন্মুখীন হ’লেও সদায় কিন্তু নীৰব।”’বেচৰম ৰং’ গীতটি ইতিমধ্যে মুক্তিৰ প্ৰথম ২ টা ঘণ্টাৰ পাছতে ২ মিলিয়ন দৰ্শকে উপভোগ কৰিছে।বৰ্তমানলৈকে ৬৫ মিলিয়ন লোকে উপভোগ কৰিছে গীতটি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.