‘অস্কাৰ’ নহয় ‘ভাস্কৰ’ৰো যোগ্য নহয় ‘কাশ্মীৰ ফাইলচ’ !

Share This Article

বহুল চৰ্চিত কাশ্মীৰ ফাইলচ নামৰ চলচ্চিত্ৰখনক লৈ এনেদৰে সৰৱ হৈছে বলিউডৰ অভিনেতা প্ৰকাশ ৰাজ।উল্লেখযোগ্য যে ‘কাশ্মীৰ ফাইলচ’ নামৰ চলচ্চিত্ৰখন ২০২২ বৰ্ষৰ সবাতোকৈ চৰ্চিত চিনেমা৷জী ষ্টুডিঅ’ই প্ৰযোজনা কৰা আৰু বিবেক অগ্নিহোত্ৰীয়ে নিৰ্দেশনা দিয়া ‘কাশ্মীৰ ফাইলচ’ নামৰ চলচ্চিত্ৰখনে ১৯৯০ চনত কাশ্মীৰত হিন্দু কাশ্মীৰী পণ্ডিতৰ ওপৰত আক্ৰমণৰ ঘটনাক দাঙি ধৰিছে।চলচ্চিত্ৰখনত অনুপম খেৰ,দৰ্শন কুমাৰ,মিথুন চক্ৰৱৰ্তী,পল্লৱী যোশী আদিয়ে অভিনয় কৰিছে।জী ষ্টুডিঅ’ৰ সহযোগত পল্লবী যোশী আৰু অভিষেক আগৰৱালাই চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল ।অলপতে অনুষ্ঠিত হোৱা মথুৰাভূমি ইণ্টাৰনেশ্যনেল ফেষ্টিভেলৰ মুখ্য বক্তা আছিল অভিনেতা প্ৰকাশ ৰাজ।তাত অংশগ্ৰহণ কৰি অভিনেতা প্ৰকাশ ৰাজে কয় ‘ কাশ্মীৰ ফাইলছ এখন ননচেন্স ফিল্ম। আমি জানো এইখন কোনে প্ৰযোজনা কৰিছে ।আন্তঃৰাষ্ট্ৰীয় জুৰীয়ে এই চলচ্চিত্ৰখনত থু পেলালে।তথাপিও তেওঁলোকৰ লাজ নাই।কিন্তু এতিয়াও নিলাজ নিৰ্দেশকগৰাকীয়ে কৈ আছে ‘ আমি কিয় অস্কাৰ নাপালোঁ?অস্কাৰটো বাদেই তেওঁ ভাস্কৰো নাপায় !ইয়াত প্ৰপাগণ্ডা ফিল্ম বনালেই চলি যায়৷মই বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে এই চলচ্চিত্ৰখনৰ নামত তেওঁলোকে ২ হাজাৰ কোটি ব্যয় কৰিছে৷কিন্তু সকলো সময়তে সকলোকে মূৰ্খ বনাব নোৱাৰি।’গুৰুত্বপূৰ্ণ বিষয় এয়ে যে বিগত বৰ্ষত ইজৰাইলৰ চলচ্চিত্ৰ নিৰ্মাতা নাদৱ লাপীডে ‘কাশ্মীৰ ফাইলছ’ক
‘অমাৰ্জিত’ আৰু প্ৰপাগণ্ডা থকা চলচ্চিত্ৰ বুলি উল্লেখ কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.