২০লাখ কোটি টকাৰ পেকেজ- এটা টকাও খৰচ নকৰাকৈ কৃষকক সাহাৰ্য দিছে চৰকাৰে !

Share This Article

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা ২০লাখ কোটি টকাৰ পেকেজৰ কথাটো এতিয়া সৰ্বজনবিদিত । কিন্তু তাৰ পাছতেই এই পেকেজক লৈ সচেতন মহলত ভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে। চৰকাৰৰ নিজা টকা কিমান এই পেকেজত সংলগ্ন আছে তাকে লৈ সৃষ্টি হৈছে যথেষ্ট বিতৰ্কৰ। শুক্ৰবাৰে আৰ্থিক পেকেজ ঘোষণাৰ পিছত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৃষকৰ বাবে ১.৫০লাখ টকাৰ আৰ্থিক অনুদানৰ কথা ঘোষণা কৰিছিল। কিন্তু এই ধনৰাশি নাবাৰ্ড বেংকক ঋণ হে দিব। এই সন্দৰ্ভত বিত্তমন্ত্ৰীক সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে এই সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে পাৰিসংখ্যিক হিচাপেৰে ভাৰাক্ৰান্ত কৰিব বিচৰা নাই।
সামান্য কিছু টকা চৰকাৰী খৰচেৰে কৰি বাকী প্ৰায়খিনিয়েই ঋণৰ টকা যোগ কৰি এটা বৃহত্ পেকেজ ঘোষণা কৰাক লৈ প্ৰশ্ন উত্থাপন কৰিছে অৰ্থনীতিবিদসকলেও। টেক্স ৰিফাণ্ড বা প্ৰভিডিয়েণ্ট ফাণ্ডৰ পৰা লোৱা ধন সন্দৰ্ভতো প্ৰশ্ন কৰিছে বিৰোধীয়ে। প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদামম্বৰমে মন্তব্য কৰে যে বেংকৰ পৰা নগদ ধন বৃদ্ধি কৰাটো চৰকাৰী পেকেজ নহয়। লগতে তেওঁ কয় যে বিশ্বৰ কোনো দেশত একেই ফিস্কেল ষ্টিমুলাছ পেকেজৰ সৈতে যোগ কৰা হোৱা নাই।
আনন্দবজাৰ পত্ৰিকাৰ এক প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাবী কৰে- ‘আমিও দেখিছো বিশ্বই কি কৰিছে। কোনে কি যোগ কৰিছে । টেক্স ৰিফাণ্ড আমাৰ পেকেজত যোগ কৰা নাই। কৰদাতাসকলক মুক্ত কৰাহে হৈছে।‘
দেশৰ শীৰ্ষ অৰ্থনীতিবিদ ৰঘুৰাম ৰাজন, কৌশিক বসু, আৰবিন্দ সুব্ৰমণিময়ামৰ মতে এই সময়ত অৰ্থনীতি ৰক্ষা কৰিবলৈ ৰাজকোষৰ ধনৰ খৰচ বৃদ্ধি কৰিব লাগিব। যাতে বজাৰৰ চাহিদা বৃদ্ধি হয়। বেংকৰ দ্বাৰা ঋণ দি লাভ নাই।
আনহাতে বিত্তবিভাগৰ সচিব তৰুণ বজাজেৰ যুক্তি যে ঋণৰ লৈও সমস্যাৰ পৰা চাপমুক্ত হব পৰা যায়।  ব্যয়সচিব টি ভি সোমনাথৰ দাবী যে চৰকাৰী খৰচৰ সৈতে বেংকৰ ঋণ যোগ কৰি বিত্তীয় পেকেজ দিয়াটো কেৱল আমাৰ দেশতেই নহয়, বহু দেশেই কৰিছে।

ক্ষুদ্ৰ উদ্যোগ শিল্পৰ বাবে অনুদান দিয়া ৫.৯লাখ কোটি টকা, ৰাজকোষৰ খৰচৰ পৰিমাণ কেৱল ৬০হাজাৰ কোটি টকা। আনহাতে দুখীয়া, শ্ৰমিকসকলৰ বাবে দিয়া ৩.১ লাখ কোটি টকাৰ ভিতৰত চৰকাৰী খৰচৰ নামত আছে কেৱল ৫হাজাৰ কোটি টকা। এইক্ষেত্ৰত চিপিএমৰ নেতা সীতাৰাম যেছুৰীয়ে চৰকাৰক কটাক্ষ কৰি কয় যে এয়াই প্ৰধানমন্ত্ৰী মোডীয়ে বিভ্ৰান্তি তৈয়াৰ কৰাৰ শৈলী।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.