সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘গাহৰি’ বিতৰ্কৰ অন্য এক ৰিয়েলিটী


“আহি থকা যাত্ৰীবাহী ৰেল, কমি যোৱা সংস্থাপন, বাঢ়ি অহা অনিশ্চয়তা, পুষ্টিহীনতাত ভূগিবলৈ গৈ থকা শিশুবোৰ, একেটা শৌচালয়কে সমজুৱাকৈ ব্যৱহাৰ কৰা বস্তিবোৰ, তেৰ বছৰীয়া হৃদৰোগত আক্ৰান্ত শিশু COVOID positive হিচাপে ঘোষিত হোৱাৰ পিছত মাতৃৰ বাঢ়ি অহা ধপধপনি – এইবোৰৰ মাজত (বিহু)’ৰাণী’ হোৱাৰ লক্ষ্যও কি পলায়ন?”

  জুৰি বৰুৱাৰ কলম

- Donation -

জুৰি বৰুৱা

ভূগোলবিদ হামবল্ডতে কৈছিল -আটাইতকৈ ক্ষতিকাৰক দৃষ্টিভংগীটো হৈছে সেই সকলৰ দৃষ্টিভংগী , যিসকলে সমাজখনৰ ‘ৰিয়েলিটী’ক চোৱাই নাই। এই কথাৰে জুমত নিৰ্দ্ধাৰিত অনলাইন ক্লাছৰ ৪০ মিনিট শেষ হ’ল যদিও মহামাৰী, গাহৰি, নাচনীক লৈ চলি থকা বহুতৰে দৃষ্টিভংগীয়ে আমাক অন্য কিছুমান ‘ৰিয়েলটি’ৰ ওচৰ চপাই আনিলে । যিবোৰৰ পৰা আমি অতদিনে পলাই ফুৰিছিলো। গাহৰি আৰু নাচনীৰ হাঁহি – দুয়োবিধ বিতৰ্কিত নোহোৱা হ’লে যিবোৰৰ ওচৰলৈ আমি এনেদৰে নাহিলোহেঁতেন।

ইতিমধ্যে অসমৰ কেইবাখনো জিলাত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ ১৩ হাজাৰতকৈও অধিক গাহৰিৰ মৃত্যু হৈছে। এই বেমাৰৰ খবৰ বিয়পি নপৰাৰ আগতে গাঁৱৰে অঞ্জলি খুড়ীহঁতৰ ঘৰৰ গাহৰিটোৰ বাবে গ্ৰাহকে দাম দিছিল ১৮০০ টকা। খুড়ীয়ে লকডাউনৰ সময়তে আৰু ২০০ টকা লাভৰ আশাত গাহৰিটো সেইজন গ্ৰাহকক নেবেচিলে। তাৰ দুদিন পাছতে নিষিদ্ধ হ’ল গাহৰি। আৰু আৰম্ভ খুড়াৰ খুড়ীৰ ওপৰত গালি- শপনি। ইমান দিনে খুড়াৰো বিশেষ একো উপাৰ্জন নাই। এই সমস্যাৰ পৰা খুড়া-খুড়ীয়ে পলায়ন কৰে কেনেকৈ?

সন্ধিয়া তেওঁলোকে সেই পলায়নৰ বাবেই বিহুৰ ৰিয়েলটি শ্ব’ চায়। আগতে খুড়ীও ৰাংঢালী নাচনী আছিল। নাচিয়ে মাকৰ ঘৰখন আৰ্থিকভাৱে টনকিয়াল কৰিছিল। এতিয়াও গাঁৱৰ বোৱাৰী জেং বিহুত খুড়ীয়ে লীড লয়।

খুড়ীয়ে হুমুনিয়াহ কাঢ়ে আমাৰ দিনতো ৰিয়েলটি শ্ব’ থকা হ’লে ! গাঁৱৰ পৰা বিচাৰি বিচাৰি পাকৈত নাচনীবোৰক ষ্টুডিঅ’লৈ লৈ যোৱা হ’লে ! বহু নাচনীয়ে বিচাৰকে সোধা প্ৰশ্নৰ দিব নোৱাৰা উত্তৰ এতিয়াও খুড়ীৰ ওঁঠত ।

সেয়ে হঠাতে ঘোষিকাই সোধা প্ৰশ্নত খুড়ীৰ খং উঠে ।
– এইটো কিবা প্ৰশ্ন হ’ল নেকি?

এনড্ৰইড ফোনত এফালে হেডফোন লগাই টিকটকৰ ভিডিঅ’ চাই থকা অঞ্জলি খুড়ীৰ ল’ৰা জুমনে টপককৈ মাতে ।

– এইটোৱেই শ্ব’টোৰ TRP বহাব ।

এটা পৰিয়ালে ৰিয়েলিটী শ্ব’ চাই থকা এই ছবিখন গাঁৱৰ ‘ৰিয়েল’ ছবি । হয়, আপুনি ঠিকেই ভাবিছে- বহু ৰিয়েল ছবিয়ে ট্ৰ’ল নাপায় । বহু ৰিয়েল ছবিৰ ওপৰত কোনো ছবি/চিনেমা বনোৱা নহয় । বহু ৰিয়েল ছবিক এতিয়াও আমি skip কৰি আছো । যেনে ধৰক -ৰেল লাইনতে ভাগৰত শুই শ্ৰমিকৰ গাৰ ওপৰেৰে গুছি যোৱা ৰে’ল আৰু আকাশেৰে চৌদি আৰৱৰ পৰা দেশৰ মানুহ উভতাই অনা উৰাজাহাজ। শ শ কিঃমিঃ খোজেৰে ঘৰলৈ গৈ থকা শ্ৰমিকে বনাই থৈ অহা আকাশলংঘী অট্টালিকা । কান্ধত ৰুগীয়া, বৃদ্ধ পিতৃক লৈ খোজ দিয়া ৰিক্সাৱলাই দুনাই দিল্লী নাহো বুলি কৰা ঘোষণা। একেটা কোঠাতে ৰাতি ১০/১২ জন লোকে একেলগে শুই ৰাতিপুৱা ফেক্টৰী, চিকিউৰিটি গাৰ্ড, হোটেল বয়, ঘৰৰ বাচন ধোৱা কাম কৰিবলৈ ওলাই যোৱা মানুহে হেৰুওৱা কামবোৰ।

এইবোৰৰ পৰা পাৰিনে পলায়ন কৰিব?

এই প্ৰশ্নই আমাক ‘আমাৰ সমাজৰ’ আমি সঘনাই চাব নোখোজা কিছু ৰিয়েলিটীৰ মুখামুখি কৰাইছে? যিবোৰে অতদিনে ‘যুক্তি’তকৈ বেছি ‘আৱেগ’ক গুৰুত্ব দিছিল। যাৰ বাবে ৰিয়েলিটী শ্ব’ত কোনো পিছপৰা অঞ্চলৰ, দৰিদ্ৰ পৰিয়ালৰ সন্তানক ‘star perfomer’ দেখা পালে আমিও চকু সেমেকাইছিলো। যিবোৰে অতদিনে ‘কাৰণ’তকৈ বেছি ‘কাহিনী’ একোটাক আমাৰ মনত ভৰাই দিছিল যাৰ বাবে তেনে পৰিৱেশকৰ প্ৰতিভাৰ প্ৰতি আমাৰ ‘সন্মান’ আছিল কম, ‘সহানুভূতি’ বেছি। যিবোৰে অতদিনে আমাক ‘সাধাৰণ’ মানুহক ‘অসাধাৰণ’ হিচাপে পৰিণত কৰালেই সকলো সমস্যা শেষ হোৱাৰ সন্তুষ্টি দিয়াৰ মেজিকটো দেখাই আছিল। আৰু আমি কোনো প্ৰশ্ন কৰা নাছিলো ।

এনেদৰে সমাজ একোখন যে চাৰ্ভিলেন্সৰ ভিতৰুৱা হৈ গৈ আছে সেই কথাও আমাৰ মনলৈ অহা নাছিল। নে আমাৰ সমাজখনো গাঁৱৰ পৰা নগৰমুখী পলায়নৰে পৰিচালিত হৈ আছে, সেই কথা আমি দেখা পোৱাই নাছিলো ?

এটা মহামাৰীয়ে, এটা নহয় দুটা- আফ্ৰিকান ছোৱাইন ফ্লু আৰু COVOID-19 এই দুটা ৰোগে আমাক অতদিনে চিন্তা আৰু চেতনাৰে ৰোগগ্ৰস্ত সমাজ একোখনৰ মুখামুখি কৰাইছে । য’ত পিতৃ বা পৰিয়ালৰ বৃত্তিৰ সৈতে সহানুভূতি প্ৰকাশ কৰি দিয়া এটা মেচেজেৰে ক্ৰয় কৰা সহানুভূতিত চলি থাকে চেনেলৰ TRP ।

আহি থকা যাত্ৰীবাহী ৰেল, কমি যোৱা সংস্থাপন, বাঢ়ি অহা অনিশ্চয়তা, পুষ্টিহীনতাত ভূগিবলৈ গৈ থকা শিশুবোৰ, একেটা শৌচালয়কে সমজুৱাকৈ ব্যৱহাৰ কৰা বস্তিবোৰ, তেৰ বছৰীয়া হৃদৰোগত আক্ৰান্ত শিশু COVOID positive হিচাপে ঘোষিত হোৱাৰ পিছত মাতৃৰ বাঢ়ি অহা ধপধপনি – এইবোৰৰ মাজত (বিহু)’ৰাণী’ হোৱাৰ লক্ষ্যও কি পলায়ন?

অঞ্জলি খুড়ীয়ে মৰা গাহৰিটো পুতি থকালৈ চাই চাই তাকেই এতিয়া ভাবি আছে। আৰু আপুনি ?

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.