বৰদৈচিলা নে সৰুদৈচিলা নে অসমৰ আকাশত বৰ বৰ চিলা!

Share This Article

পথাৰৰ দীঘলীয়া আলি বোৰ চকুৰে চকা মকা কৈ মণিব পৰা দূৰণিতে শেষ।
পলমকৈ হ’লেও ব’হাগৰ বৰদৈচিলা জনী আহিল, বিহুৰ ওলগ আটাইলৈ ।।

লেখকঃ বিদিশা বৰ্মন

ব’হাগক অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি কোৱা হয়, অ’ত-ত’ত ইটো-সিটোৰ সৈতে জোৰা লগা পথাৰৰ আলিবোৰৰ দৰেই আয়ুস ৰেখাদাল হৈ বিহু জীয়াই আছে।
গছ তলৰ হওক, ৰংঘৰৰ বাকৰিৰ হওক, গধুলিৰ চোতালত হওক, ওখ ৰাজহুৱা মঞ্চতেই হওক, বিহু অসমীয়া ৰাইজৰ সমজুৱা জীৱনৰ প্ৰতীক হৈ জীয়াই আহিছে।
কিছুমান বস্তু সলনি হোৱাৰ কথা আমি কল্পনা কৰিব নোৱাৰোঁ। নাঙলৰ মুঠি এৰি ফাইল, কাগজ-কলম, বাৰ ক’ড স্কেনাৰত হাত পৰিলেও, আজিও কিন্তু অসমীয়াৰ আৱেগ বুলিবলৈ বিহু বাদ দি বেলেগ এটা উৎসৱ বিচাৰি পাবলৈ নাই।
পিছে বৰগছ জোপাই যিমানেই দাল মেলি বহলিলেও, শিপাদাল এঠাইত গোঁজ খাই থাকিব লাগিব। সমজুৱা জীৱনৰ প্ৰতীক হৈ বহু দূৰ বাট পালেও (মানে ধৰা হওক গিনিজ ৱৰ্ল্ড ৰেকৰ্ড বনালেও), সাৰ পানী খিনি কিন্তু বিহুৱে পথাৰৰ পৰায়ে পাব লাগিব। বিহু জীয়াই থাকিবলৈ হ’লে পথাৰ বোৰ ভালে থাকিব লাগিব। আমাৰ পথাৰ বোৰ আজি কুশলে নাই। ৰীল, গানৰ ভিডিঅ’, ব্লগ, মঞ্চৰ প্ৰতিযোগিতাত সীমাবদ্ধ হৈ বিহু জীয়াই থাকিব নোৱাৰে।

পথাৰ বোৰ অনুৰ্বৰ মাটিলৈ ৰূপান্তৰ কৰি আজি বজাৰ আৰু পুঁজিবাদৰ বজৰুৱা আচাৰ নীতি নাঙঠ হৈ পথাৰ বোৰত সোমাইছে। কঠিয়াতলি, ধাননিৰ লাৱনি-শুৱনি খিনিত আজি গোদাম ঘৰ, ইটাৰ ভাটা, বাবাৰ ফেক্টৰী, ৰিজ’ৰ্ট নামৰ অট্টালিকা বোৰৰ কদৰ্য চেহেৰা। চহোৱা মাটিৰ গোন্ধ, বতাহত হালি-জালি থকা ঠন ধৰা ধান গছ, গেৰ মেলা গাখীৰতী ধানৰ থোকবোৰ আজি বহিৰাগত বণিয়াৰ হিচাপ-খাতাৰ আঁক বাঁক বোৰৰ আঁৰত লুকাই পৰিছে।

(সৌবোৰ ঠোঁট যেন তেজহে সনা, শেন যেন লাগিছে চকুৰে নমনা।
অসমীয়া এইবোৰ ভাবি চাব, ব’হাগেই বতৰ কিজানি?)

ধান বেছি পেট নোকোলোৱা, হালুৱা ৰোৱনী দাৱনীয়ে আজি আধা বছৰ এক টকীয়া চাউলেৰে পেট ভৰাইছে। কাৰণ এইটো নহয় যে পথাৰখনৰ প্ৰতি অনীহা হৈ মানুহে খেতি কৰা বাদ দিছে। যথেষ্ট উপাৰ্জন নহ’লে খেতি কৰে কেনেকৈ! অসমীয়া কৃষকে খেতিৰ উচিত মূল্য কোনোদিনে পোৱা নাই। ধান-পাচলিৰ ন্যূনতম সমৰ্থিত মূল্য কিমান আমাৰ কৃষকে উমানেই নাপায়, চৰকাৰে অসমত APMC আইন বিলুপ্ত কৰি বজাৰসমূহৰ নিয়ন্ত্ৰণ সম্পূৰ্ণৰূপে ব্যক্তিগত (প্ৰায়েই অনা অসমীয়া) সংস্থা বোৰৰ হাতলৈ ঠেলি দিছে। ইয়াৰ উপৰিও আন্তঃগাঁথনিৰ অভাৱ, শস্যৰ প্ৰকৃতি আৰু দুৰ্বল নীতিৰ বাবে FCIয়ে অসমীয়া কৃষকৰ পৰা শস্য ক্ৰয় নকৰে। এনে বোৰ কাৰণত কৃষকসকলে বহু কম দামত শস্য বিক্ৰী কৰিবলগীয়া হয়, বজাৰ নিয়ন্ত্ৰণ কৰা ব্যক্তিগত লোক আৰু মধ্যভোগীৰ উৎপাতত কৃষকৰ তথৈবচ অৱস্থা, চৰকাৰৰ কাণসাৰ নাই।
চৰকাৰে Advantage Assamৰ দৰে কার্যসূচীৰ জৰিয়তে বিশাল বিনিয়োগকাৰীক অসমত বাণিজ্য কৰিবলৈ প্রলোভিত কৰিছে কিন্তু তেওঁলোকে কৃষিক পুনৰুজ্জীৱিত কৰাৰ কথা বা ৰাজ্যৰ কৃষকৰ জীৱন উন্নত কৰাৰ কোনো ধৰণৰ আগ্ৰহ দেখা পোৱা নাযায়।

(চিলা নে শেন নে ৰঙা নীলা চিলা, অসমৰ আকাশত বৰ বৰ চিলা?)

আনহাতে ক’ৰবাত যদি ৩০০ বিঘা কৃষি ভূমি বলপূৰ্বক ভাৱে দিল্লীৰ সৌৰ শক্তিৰ কোম্পানীক গোটোৱা হৈছে, আকৌ ক’ৰবাত ৰিজাৰ্ভ ফৰেষ্টৰ নামত কেইবাখনো গাঁও উচ্ছেদ কৰা হৈছে, আন ক’ৰবাত শ শ বিঘা বাগান ধ্বংস কৰি বেপাৰীয়ে ৰিজ’ৰ্ট বনাইছে আৰু পাহাৰ অঞ্চলত কেইবা হাজাৰ বিঘা মাটি মাইনিং, চিমেণ্ট কাৰখানা আদিৰ বাবে বেপাৰী বোৰক মেলি দিয়া হৈছে।

ইয়াৰ পৰিৱৰ্তে কিন্তু যদিহে চৰকাৰে কৃষিত বিনিয়োগ আৰম্ভ কৰে বা অসমৰ কৃষকক কৃষিৰ পৰা ভালকৈ জীৱন নিৰ্বাহ কৰিবলৈ সুবিধা কৰি দিয়ে,লগতে থলুৱা শিল্প সমূহত গুৰুত্ব দিয়ে, অসমৰ সম্পদৰ ওপৰত অসমীয়াৰ অধিকাৰ সাব্যস্ত হয়, লাখ লাখ অসমৰ যুৱক যুৱতীয়ে ৰাজ্য এৰি আন ঠাইলৈ চাকৰি বিচাৰি যাব লগীয়া নহয়, অসমত ভাল জীৱন কটাব পাৰিলেহেঁতেন। তেনে হোৱাহেঁতেন বৃহৎ পুঁজিপতিৰ বহতিয়া চৰকাৰে বাহিৰাগত মালিকক বিশাল মাটি গোটাই দিবলৈ সহজে সুবিধা নাপাব, লগতে সেই কোম্পানী বোৰক শ্ৰমিক যোগাৰ কৰি দিব নোৱাৰিলেহেঁতেন, আমি সেই কথা বোৰ বুজি পাওঁ।

বণিয়াই ক্ৰয় কৰি ঘেৰি ৰখা বিশ (২০) পুৰা মাটিৰ সীমাত অসমীয়াই চল্লিশ বছৰ চাকৰিৰ সাঁচতিয়া ধন ভাঙি দেৰ বিঘা মাটি কিনি আজি হুমুনিয়াহ কাঢ়িছে, “এসময়ত চকুৰে নমনা লৈকে পথাৰখন আমাৰ ৰাইজৰে আছিল”। হালোৱা-ৰোৱনী-দাৱনী হ’বলগীয়া হয় কোম্পানী, মল, ফেক্টৰীৰ আল ধৰা, লগুৱা।”
ক’ৰবাত পঢ়িলোঁ যে গাঁৱত বিহু মাৰিবলৈ ল’ৰা নাইকীয়া হৈছে। বৰ্তমানৰ যি সময় আৰু বিশ্বায়নৰ যি প্ৰভাৱ, মানুহ চহৰমুখী হোৱাটো স্বাভাৱিক। কিন্তু এইখন অসমৰ গাঁৱত অথবা গুৱাহাটীৰ বাদে আন টাউন বোৰত থাকি যে এটা ভাল সমৃদ্ধ জীৱন কটাব নোৱাৰি, এই কথা মানি ল’ব পাৰি নে? হাৰিয়ানাৰ গুৰুগ্ৰামৰ মূৰ্গী-গাহৰি ফাৰ্মত যেতিয়া বহুতো অসমীয়া ল’ৰা গৈ কাম কৰা শুনিবলৈ পাওঁ। প্ৰশ্ন কৰোঁ- কিয় এই কামখিনি তেওঁলোকে অসমতে কৰিবলৈ সুবিধা নাপালে। মন কৰিবলগীয়া যে সেই ফাৰ্মৰ মূৰ্গী, গাহৰি, কণী আনি আমাৰেই বজাৰত মেলি দিয়া হয়।

যোৱা দুটা বছৰত দেখা পোৱা গৈছিল যে ভাদ আহিন মাহতেই, অসমৰ বহু ঠাইত পথাৰত ফাঁট মেলিছিল। বছৰেকত তিনিটা বানপানী হোৱা দেশত কিয় ইমান কমকৈ বৰষুণ হ’বলৈ ধৰিছে, বাৰিষা বতৰত খৰাঙৰ দিন বৃদ্ধি হৈছে, হাবি-বনবোৰ চিকুণাই বহুত কিবাকিবি বনাইছে, মাটিবোৰ খনন কৰি পেলোৱা হৈছে। শগুণ, ধনেশ পক্ষী, বৰটোকোলাৰ বাস সাজিবলৈ গছবোৰ নাইকীয়া হ’বলৈ ধৰিছে আৰু এইবোৰৰ প্ৰভাৱ আমাৰ পথাৰ, অসমীয়া ৰাইজৰ জীৱন-জীৱিকাৰ ওপৰত কি ধৰণে পৰিছে এই বিষয়ে বিশ্লেষণ কৰিব গ’লে দীঘলীয়া হ’ব কিন্তু আমি অতি গুৰুত্ব সহকাৰে এই প্ৰশ্ন উত্থাপন কৰাটো উচিত।

গৰখীয়া সকলক প্ৰথম অসমীয়া বিহুৱা, বিহুৰ ধাৰক আৰু বাহক বুলি কোৱা হয়।
গৰু গা ধোৱাবলৈ বুলি, যোৱা কেইবাটাও বছৰে বহুতো পুখুৰী-হোলাত পানী নোহোৱা হৈছে, চ’তৰ শেষলৈ নদ-বিলবোৰ শুকাই যায়। এনে অৱস্থাত আমাৰ বিহু নামবোৰৰ প্ৰাসংগিকতা থাকিব গৈ নে, নে আকৌ বিহু নামবোৰ নতুনকৈ লিখিব লগীয়া হ’ব। বৰদৈচিলা, বৰনৈৰ ফেন ফুটুকাৰ বিহু নাম বোৰ অতীত হ’বগৈ। নদীবান্ধৰ ভয়াৱহতাৰ কথা জানিও কিয় বৃহৎ নদীবান্ধ বনোৱাৰ ইমান উৎসাহ, ছেচেপ্টেম্বৰ মাহতেই সোৱণশিৰিখন কিয় শুকাই যায়! এইবোৰ আমাৰ চৰকাৰৰ উন্নয়নৰ নমুনা। আমাৰ দুৰৱস্থা তেওঁলোকৰ ধৰ্তব্য নহয়।

Global Forest Watch নামৰ সংস্থাটোৱে ৰিলিজ কৰা ৰিপ’ৰ্ট অনুসৰি ভাৰতত হেনো বিগত এটা দশকত ২৩ লাখ হেক্টৰ বন্যভূমি ধ্বংস কৰা হয় আৰু আটাইকেইখন ৰাজ্যৰ ভিতৰতে সবাতোকৈ বেছি অসমৰ নিচিনা এখন সৰু ৰাজ্যত প্ৰায় ৩ লাখ ২৪ হাজাৰ বনভূমি নষ্ট কৰা হয়। এইফালে বনভূমি সংৰক্ষণৰ নামত যোৱা ১০টা বছৰত লাইকা দধিয়া, কলিয়াবৰ, আমচাং, কাজিৰঙা, কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলত উচ্ছেদ চলাই খিলঞ্জীয়া ৰাইজক গৃহহাৰা কৰাৰ খবৰ বোৰ আমি পাহৰা নাই। বৰ্তমানৰ চৰকাৰে সংৰক্ষণৰ নামত উচ্ছেদ কৰি এই বন্যভূমি বোৰ ৰম্যভূমি লৈ পৰিণত কৰি বনাঞ্চলৰ দাঁতি-কাষৰীয়া মাটিবোৰ গোটাই দিছে বহিৰাগত ৰিজ’ৰ্ট – হোটেলৰ মালিকক।

গুৱাহাটীৰ নাগৰিকসকলক কংক্ৰিট, যান-জঁট, ফ্লাইঅ’ভাৰ আৰু বেয়া বায়ুৰ মাজত জীৱন অতিবাহিত কৰিবলৈ বাধ্য কৰাৰ বিপৰীতে শক্তিশালী মন্ত্ৰীৰ পৰিয়ালে চাহ বাগিচাৰ মনোৰম পৰিৱেশত জীৱন অতিবাহিত কৰে।

দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যৱসায়ী সকল আমাৰ এই প্ৰান্তীয় ভূমিবোৰলৈ পুঁজিৰ বস্তা লৈ আহে আৰু ব্যৱসায়িক লাভ আহৰণৰ প্ৰচুৰ পৰিসৰত মন্ত্ৰমুগ্ধ হৈ পৰে। তেওঁলোকৰ বাবে উত্তৰ-পূব এখন “বিলাসীতাৰ বাবে উপযোগী খেলপথাৰ”।

সমগ্ৰ উত্তৰ পূৱ অঞ্চলত ৰিয়েল এষ্টেট ব্যৱসায় সম্প্ৰসাৰণ অথবা নিষ্কাশনৰ বেপাৰ কৰিলেও তেওঁলোকে কিছুমান অঞ্চলতহে থিতাপি লৈ বসতি স্থাপন কৰিব পাৰে। আৰু আমি এনে দুৰ্ভগীয়া এটা জাতি, যাৰ চৰকাৰ প্ৰসাশনে দশক দশকজুৰি এই অসমৰ মাটিৰ মানুহৰ স্বাৰ্থ সাধন কৰাতকৈ সদায় বহিৰাগত বণিয়াৰ প্ৰয়োজনীয়তাবোৰ পূৰণ কৰাত বেছি আগ্ৰহী বুলি দেখা গৈছে।

অতখিনিৰ মাজত, আজি বিহু ভালে থাকে কেনেকৈ!!

এইখিনিতে আমি উত্থাপন কৰিবলৈ বিচাৰোঁ ভূমি অধিকাৰ, সাংবিধানিক সুৰক্ষা আৰু ৬ নং দফাৰ প্ৰয়োজনবোধ। আমি আৰু প্ৰশ্ন কৰা উচিত যে অন্য দল ক্ষমতা লৈ আহিলে সকলো ঠিক হ’ব নেকি, ভাৰত ৰাষ্ট্ৰৰ আমাৰ প্ৰতি আচৰণ বোৰ সলনি হ’ব জানোঁ! কম সময়ত সকলো ভাল হৈ নুঠে। কিন্তু বৰ্তমানৰ ফেচিষ্ট সাম্প্ৰদায়িক চৰকাৰখনে আজি অসম আৰু অসমীয়াৰ টেঁটু চেপি যি অৱস্থা কৰিছে, আমাৰ অস্তিত্ব আমাৰ পথাৰ বন হাবি নদী বোৰৰ ওপৰত যি ভাবুকি নমাই আনিছে, ইমানৰ পিছতো আমি উদাসীন হৈ থাকিলে আগন্তুক দিন বোৰত কিন্তু অনুতাপ কৰিবলৈ একো বাছি নাথাকিব। তথাপি বহুতে ৰীল বনাই ক’ব -সকলো ঠিকেই আছে, তেওঁলোকৰ কথা নুশুনিব।

ভিকহু হৈও বিহু নাম এফাকি গাইছো বহাগ বুলিয়েই, ওলগ জনাই কাঢ়িছোঁ এটা হুমুনিয়াহ, দুদিন পাছতে বজৰুৱা তালত নাচিম, ভৰিৰ তলৰ মাটি এখোজ এখোজকৈ হেৰুৱাম, বিহুটিৰ শিপা কটা মেচিনৰ শব্দত তালে তালে কঁকাল ভাঙিম।

নে কঁকাল পিঠি পোনাই এবাৰ আকৌ থিয় দি চাম! জাতিটোৰ স্বাৰ্থত, নদ-নদী, হাবি-বননি, বহাগৰ স্বাৰ্থত মাতিম নেকি মাত! চকু ফুৰাম বৰ পথাৰ খনৰ সিমুৰে থকা হাবিয়নী সীমাটোলৈ, যাৰ সিপাৰেও আছে আৰু এখন বৰপথাৰ, যাৰ সিপাৰে আছে আৰু এখন … আমাৰ ৰাইজৰ ঘামেৰে তিতা মাটি…!

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.