মণিপুৰৰ পৰা আৰম্ভ নীতিশ কুমাৰৰ খেল

এইবাৰ নীতিশ কুমাৰে খেল আৰম্ভ কৰিছে মণিপুৰৰ পৰা৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপ কি ল’ব পাৰে, সেয়া তেওঁৰ ছাঁটোৱেও নাজানে৷ অন্ততঃ শেহতীয়া সময়ছোৱাত নীতিশ কুমাৰে সেই কথাকেই বাৰে বাৰে প্ৰমাণ কৰি আহিছে৷ নিজা উদ্যোগত ইণ্ডিয়া জোটবন্ধন গঠন আৰু তাৰ পাছত সেই জোটবন্ধন এৰি আকৌ মোদীৰ শৰনাপন্ন–নীতিশ কুমাৰৰ ৰাজনীতিক ভগৱানেও চাগে বুজি নাপাব৷ এইবাৰ বিহাৰৰ ৰাজনীতি যিমানেই ওচৰ চাপিছে, সিমানেই নীতিশ কুমাৰে আকৌ সাপ নচুওৱাৰ দৰেই নিত্য নতুন ৰাজনীতি আৰম্ভ কৰিছে৷ কোৱা হৈছে যে নীতিশ কুমাৰে আকৌ ওলোটা খৰ মাৰিব পাৰে৷ আন এক চৰ্চা অনুসৰি, সমাগত বিধানসভা নিৰ্বাচনত যাতে আসন বুজাবুজিৰ ক্ষেত্ৰত বিজেপিয়ে অধিক চাপ সৃষ্টি কৰিব নোৱাৰে তাৰেই ৰাজনীতি আৰম্ভ কৰিছে নীতিশ কুমাৰে৷ সি যি কি নহওক, সকলো জল্পনা কল্পনাক অধিক গতি প্ৰদান কৰি মণিপুৰৰ বিজেপি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে জে ডি(ইউ)য়ে৷ এই ঘটনাৰ ফলত মণিপুৰৰ ৰাজনীতিত কোনো বিশেষ প্ৰভাৱ নপৰে বা পৰিৱৰ্তন দেখা নাযাব৷ কাৰণ, মণিপুৰৰ ৭ গৰাকী জে ডি ইউৰ বিধায়কৰ ৫ গৰাকীয়ে ইতিমধ্যে বিজেপিত যোগদান কৰিছে৷ একমাত্ৰ জে ডি ইউ বিধায়কগৰাকীয়েহে আজি সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে৷ কোনো ডাঙৰ ৰাজনৈতিক পৰিঘটনা ন’হলেও ইয়াৰ ৰাজনৈতিক তাৎপৰ্য অপৰিসীম৷ কিয়নো এনে এক সময়ত এই ঘটনা ঘটিছে, যি সময়ত মহাৰাষ্ট্ৰত আন এক নাটকীয় পৰিৱৰ্তন ঘটিবলৈ গৈ আছে৷ মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনাৰ একনাথ সিন্দে গোটৰ যুটীয়া চৰকাৰ চলি আছে৷ মুখ্যমন্ত্ৰী পদৰ পৰা উপ মুখ্যমন্ত্ৰী পদলৈ অৱনমিত হোৱা একনাথ সিন্দেৰ মনত স্বাভাৱিকতে অসন্তুষ্টি থাকিব৷ সেই একনাথ সিন্দেক আকৌ আন এটা খবৰে অসন্তুষ্ট কৰিছে৷ সেয়া হ’ল একনাথ সিন্দে গোটৰ ২০ গৰাকী বিধায়কে বিজেপিত যোগদান কৰাৰ খবৰ৷ বিজেপিৰ এই চৰিত্ৰ নতুন নহয়৷ প্ৰথমতে আঞ্চলিক দলৰ সৈতে মিত্ৰতা, তাৰ পাছত আঞ্চলিক দলক নিঃশেষ কৰি ক্ষমতা দখল, এয়া বিজেপিৰ বহু পুৰণি নীতি৷ যি নীতিৰে বিজেপিয়ে নিজৰ ৰাজনৈতিক সাম্ৰাজ্য বিস্তাৰ কৰি গৈ আছে৷ মহাৰাষ্ট্ৰৰ পৰা অহা এই খবৰে স্বাভাৱিকতে উদ্বিগ্ন কৰিব নীতিশ কুমাৰক৷ যদিহে জে ডি (ইউ) বিধায়ককো বিজেপিয়ে চিকাৰ কৰাৰ পৰিকল্পনা কৰিছে, তেনেহ’লে নীতিশ কুমাৰৰ ৰাজনৈতিক জীৱনৰ ইমানতেই ইতি পৰাটো নিশ্চিত৷ সেইবাবেই নীতিশ কুমাৰে আকৌ খেল দেখুৱাবলৈ আৰম্ভ কৰিছে৷ দিল্লীৰ এন ডি এ চৰকাৰৰ গুৰুত্বপূৰ্ণ সহযোগী হ’ল নীতিশ কুমাৰৰ জে ডি (ইউ)৷ জে ডি (ইউ)ৰ সাংসদৰ সংখ্যা ১২ গৰাকী৷ গতিকে নীতিশ কুমাৰৰ সমৰ্থন এই মুহূৰ্তত অপৰিহাৰ্য নহ’লেও অপৰিসীম৷ এনে পৰিস্থিতিত নৰেন্দ্ৰ মোদীলৈ এক স্পষ্ট বাৰ্তা দি থকাটো জৰুৰী যে যিকোনো মুহূৰ্ততে নীতিশ কুমাৰে শিবিৰ সলনি কৰিব পাৰে৷ গতিকে বিহাৰত মহাৰাষ্ট্ৰৰ দৰে খেল নেখেলাই উচিত৷ সেইবাবেই মণিপুৰৰ বিজেপি চৰকাৰৰ পৰা জে ডি (ইউ) ৰ সমৰ্থন প্ৰত্যাহাৰ কোনো ডাঙৰ ৰাজনৈতিক ঘটনা নহ’লেও ইয়াৰ বাৰ্তা অতি স্পষ্টআকৌ খেল দেখুৱাবলৈ সাজু হৈছে নীতিশ কুমাৰ৷ নৰেন্দ্ৰ মোদী–অমিত শ্বাহৰ বাবে এয়া মুঠেই ভাল খবৰ নহয়৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296