সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মণিপুৰৰ পৰা আৰম্ভ নীতিশ কুমাৰৰ খেল

আৰম্ভ হ’ল নৰেন্দ্ৰ মোদী- অমিত শ্বাহৰ দুঃশ্চিন্তা

এইবাৰ নীতিশ কুমাৰে খেল আৰম্ভ কৰিছে মণিপুৰৰ পৰা৷ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপ কি ল’ব পাৰে, সেয়া তেওঁৰ ছাঁটোৱেও নাজানে৷ অন্ততঃ শেহতীয়া সময়ছোৱাত নীতিশ কুমাৰে সেই কথাকেই বাৰে বাৰে প্ৰমাণ কৰি আহিছে৷ নিজা উদ্যোগত ইণ্ডিয়া জোটবন্ধন গঠন আৰু তাৰ পাছত সেই জোটবন্ধন এৰি আকৌ মোদীৰ শৰনাপন্ন–নীতিশ কুমাৰৰ ৰাজনীতিক ভগৱানেও চাগে বুজি নাপাব৷ এইবাৰ বিহাৰৰ ৰাজনীতি যিমানেই ওচৰ চাপিছে, সিমানেই নীতিশ কুমাৰে আকৌ সাপ নচুওৱাৰ দৰেই নিত্য নতুন ৰাজনীতি আৰম্ভ কৰিছে৷ কোৱা হৈছে যে নীতিশ কুমাৰে আকৌ ওলোটা খৰ মাৰিব পাৰে৷ আন এক চৰ্চা অনুসৰি, সমাগত বিধানসভা নিৰ্বাচনত যাতে আসন বুজাবুজিৰ ক্ষেত্ৰত বিজেপিয়ে অধিক চাপ সৃষ্টি কৰিব নোৱাৰে তাৰেই ৰাজনীতি আৰম্ভ কৰিছে নীতিশ কুমাৰে৷ সি যি কি নহওক, সকলো জল্পনা কল্পনাক অধিক গতি প্ৰদান কৰি মণিপুৰৰ বিজেপি চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিছে জে ডি(ইউ)য়ে৷ এই ঘটনাৰ ফলত মণিপুৰৰ ৰাজনীতিত কোনো বিশেষ প্ৰভাৱ নপৰে বা পৰিৱৰ্তন দেখা নাযাব৷ কাৰণ, মণিপুৰৰ ৭ গৰাকী জে ডি ইউৰ বিধায়কৰ ৫ গৰাকীয়ে ইতিমধ্যে বিজেপিত যোগদান কৰিছে৷ একমাত্ৰ জে ডি ইউ বিধায়কগৰাকীয়েহে আজি সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে৷ কোনো ডাঙৰ ৰাজনৈতিক পৰিঘটনা ন’হলেও ইয়াৰ ৰাজনৈতিক তাৎপৰ্য অপৰিসীম৷ কিয়নো এনে এক সময়ত এই ঘটনা ঘটিছে, যি সময়ত মহাৰাষ্ট্ৰত আন এক নাটকীয় পৰিৱৰ্তন ঘটিবলৈ গৈ আছে৷ মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনাৰ একনাথ সিন্দে গোটৰ যুটীয়া চৰকাৰ চলি আছে৷ মুখ্যমন্ত্ৰী পদৰ পৰা উপ মুখ্যমন্ত্ৰী পদলৈ অৱনমিত হোৱা একনাথ সিন্দেৰ মনত স্বাভাৱিকতে অসন্তুষ্টি থাকিব৷ সেই একনাথ সিন্দেক আকৌ আন এটা খবৰে অসন্তুষ্ট কৰিছে৷ সেয়া হ’ল একনাথ সিন্দে গোটৰ ২০ গৰাকী বিধায়কে বিজেপিত যোগদান কৰাৰ খবৰ৷ বিজেপিৰ এই চৰিত্ৰ নতুন নহয়৷ প্ৰথমতে আঞ্চলিক দলৰ সৈতে মিত্ৰতা, তাৰ পাছত আঞ্চলিক দলক নিঃশেষ কৰি ক্ষমতা দখল, এয়া বিজেপিৰ বহু পুৰণি নীতি৷ যি নীতিৰে বিজেপিয়ে নিজৰ ৰাজনৈতিক সাম্ৰাজ্য বিস্তাৰ কৰি গৈ আছে৷ মহাৰাষ্ট্ৰৰ পৰা অহা এই খবৰে স্বাভাৱিকতে উদ্বিগ্ন কৰিব নীতিশ কুমাৰক৷ যদিহে জে ডি (ইউ) বিধায়ককো বিজেপিয়ে চিকাৰ কৰাৰ পৰিকল্পনা কৰিছে, তেনেহ’লে নীতিশ কুমাৰৰ ৰাজনৈতিক জীৱনৰ ইমানতেই ইতি পৰাটো নিশ্চিত৷ সেইবাবেই নীতিশ কুমাৰে আকৌ খেল দেখুৱাবলৈ আৰম্ভ কৰিছে৷ দিল্লীৰ এন ডি এ চৰকাৰৰ গুৰুত্বপূৰ্ণ সহযোগী হ’ল নীতিশ কুমাৰৰ জে ডি (ইউ)৷ জে ডি (ইউ)ৰ সাংসদৰ সংখ্যা ১২ গৰাকী৷ গতিকে নীতিশ কুমাৰৰ সমৰ্থন এই মুহূৰ্তত অপৰিহাৰ্য নহ’লেও অপৰিসীম৷ এনে পৰিস্থিতিত নৰেন্দ্ৰ মোদীলৈ এক স্পষ্ট বাৰ্তা দি থকাটো জৰুৰী যে যিকোনো মুহূৰ্ততে নীতিশ কুমাৰে শিবিৰ সলনি কৰিব পাৰে৷ গতিকে বিহাৰত মহাৰাষ্ট্ৰৰ দৰে খেল নেখেলাই উচিত৷ সেইবাবেই মণিপুৰৰ বিজেপি চৰকাৰৰ পৰা জে ডি (ইউ) ৰ সমৰ্থন প্ৰত্যাহাৰ কোনো ডাঙৰ ৰাজনৈতিক ঘটনা নহ’লেও ইয়াৰ বাৰ্তা অতি স্পষ্টআকৌ খেল দেখুৱাবলৈ সাজু হৈছে নীতিশ কুমাৰ৷ নৰেন্দ্ৰ মোদী–অমিত শ্বাহৰ বাবে এয়া মুঠেই ভাল খবৰ নহয়৷

Leave A Reply

Your email address will not be published.