বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ আজিৰ ঘোষণাৰ সবিশেষ…

Share This Article

উদ্যোগৰ অনুকূল পৰিৱেশৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহৰ তালিকা প্ৰস্তুত কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে চতুৰ্থ পৰ্যায়ৰ ঘোষণাত প্ৰকাশ কৰিছে এই কথা। বিত্তমন্ত্ৰীগৰাকীয়ে কোৱা অনুসৰি বিনিয়োগৰ বাবে অনুকূল পৰিবেশৰ ভিত্তিত উদ্যোগখণ্ডসমূহৰ তালিকা প্ৰস্তুত কৰা হৈছে। উদ্যোগসমূহৰ আন্তঃগাঁঠনিৰ মানদণ্ড উন্নত কৰাই মূল লক্ষ্য বুলি প্ৰকাশ কৰিছে নিৰ্মলা সীতাৰমণে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০লাখ কোটি টকাৰ পেকেজ ঘোষণাৰ সময়ত কোৱা আত্মনিৰ্ভৰশীলতাৰ কথা বাৰে বাৰে আজি উচ্চাৰিত হয় বিত্তমন্ত্ৰীগৰাকীৰ মুখত। তেওঁ কয়- ”মেক ইন ইণ্ডিয়া নীতিৰ যোগেদি দেশৰ প্ৰতিৰক্ষা সামগ্ৰীৰ উত্পাদনত গুৰুত্ব দিয়া হ’ব। বিদেশৰ পৰা কিছু অস্ত্ৰ-শস্ত্ৰ কোনো অৱস্থাতে আমদানি কৰা নহ’ব। বৰঞ্চ দেশতেই যাতে সামগ্ৰীসমূহ তৈয়াৰ কৰিব পাৰি, তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।”
অস্ত্ৰ-শস্ত্ৰৰ উত্পাদনৰ ক্ষেত্ৰত বিদেশী বিনিয়োগৰ হাৰ বৃদ্ধি কৰা হব বুলিও জনায় বিত্তমন্ত্ৰীগৰাকীয়ে। বিদেশী বিনিয়োগৰ ৭৪শতাংশ ৱেইভাৰ দিয়া হ’ব। অৰ্ডিনেন্স ফেক্টৰী সমূহক কৰ্পৰেটাইজড কৰা হ’ব, কিন্তু ব্যক্তিগতকৰণ কৰা নহয়।
আনহাতে ব্যক্তিগত কোম্পানীসমূহক কয়লা নিষ্কাষণৰ বাবে অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশত যথেষ্ট পৰিমাণৰ কয়লা আছে। তাৰ ওপৰত চৰকাৰৰ আধিপত্য প্ৰত্যাহাৰ কৰা হৈছে। যাতে কোম্পানীসমূহে নিলামৰ যোগেদি কয়লা নিষ্কাষণ কৰিব পাৰে।

শনিবাৰৰ দিনা কৰা কেইটামান বিশেষ ঘোষণাঃ-
১.আকাশমাৰ্গত যতদূৰ সম্ভৱ উৰাজাহাজ চলাচল
২.পিপিপি মডেলত বিমানবন্দৰৰ আধুনিকীকৰণ
৩. অস্ত্ৰ-শস্ত্ৰ উতপাদনত বিদেশী বিনিয়োগৰ হাৰ বৃদ্ধি
৪. বিদেশী বিনিয়োগৰ হাৰ ৪৯ শতাংশৰ পৰা ৭৪শতাংশলৈ বৃদ্ধি
৫. অৰ্ডিনেন্স ফেক্টৰীসমূহ কৰ্পৰেটাইজড কৰা হ’ব, ব্যক্তিগতকৰণ নহয়
৬.খনিৰ উচ্ছেদৰ আন্তঃগাঠনিৰ বাবে ৫০ হাজাৰ কোটি টকা
৭. ৩৩৭খন উদ্যোগীক উদ্যান চিনাক্ত
৮. কয়লা নিষ্কাষণৰ বাবে প্ৰাইভেট কোম্পানীক ৫০০টা কয়লা ব্লক
৯. দেশৰ প্ৰতিৰক্ষা সৰঞ্জাম যাতে অন্য দেশৰ পৰা আমদানি কৰিবলগা নহয়, তাৰ বাবে উত্সাহ যোগাব চৰকাৰে
১০.প্ৰয়োজনীয় কয়লা ৰপ্তানি কৰা হ’ব বিদেশৰ পৰা
১১. বিশ্ব অৰ্থনীতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতি
১২. দেশৰ বেংকিং ব্যৱস্থাৰ অধিক উন্নত কৰাৰ লক্ষ্য
১৩. ব্যৱসায়ৰ সৰলীকৰণ

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.