সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৱৰ্ক ফ্ৰম হোম:বেছিভাগেই ঘৰত নিপিন্ধে পেন্ট অথবা স্কাৰ্ট

লকডাউনৰ ফলত বেছিভাগ লোকেই যাব পৰা নাই কাৰ্যালয়লৈ৷ব্যক্তিগত খন্ডৰ প্ৰতিষ্ঠানসমূহৰ কৰ্মচাৰীয়ে ঘৰৰ পৰাই চলাই আছে কাৰ্যালয়ৰ কাম কাজ৷গতিকে ফৰ্মেল পোছাক পিন্ধাৰো প্ৰয়োজন হোৱা নাই ৷কিন্তু তাৰ মাজত আমোদজনক কথাটো হ’ল -ঘৰৰ পৰা কাম কৰা সময়ত বেছিসংখ্যক লোকেই পেন্ট বা স্কাৰ্ট পৰিধান নকৰে৷শেহতীয়া এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে৷ইউ গভ নামৰ লণ্ডনৰ এটা সংস্থাই চলোৱা সমীক্ষাত পোহৰলৈ অহা মতে আমেৰিকাৰত ঘৰৰ পৰা কাম কৰি থকা ৪৭ শতাংশ লোকেই ভৰিৰ পৰা তলৰ অংশত কোনো পোছাক পৰিধান নকৰাকৈ কাম কৰি আছে৷কিন্তু অফিচৰ ফোন অহাৰ আগে আগে ৩৯ শতাংশ লোকে উৰ্ধাংশত ভাল পোছাক পিন্ধি লয়৷সমীক্ষাটোত প্ৰকাশ পোৱা মতে এইদৰে ঘৰত পেন্ট বা স্কাৰ্ট নিপিন্ধাকৈ কাম কৰা পুৰুষৰ সংখ্যা মহিলাৰ তুলনাত তিনি গুণ হ’ব৷ আনহাতে অফিচৰ ভিডিও কনফাৰেন্স আৰম্ভ হোৱাৰ পূৰ্বে ৫৪ % ই চুলি ফনিয়াই লয়,৫১% ই মুখ ধোৱে ,৫০% ই দাত ব্ৰাছ কৰে আৰু ২৪%ই দাঢ়িও কাটে৷

Leave A Reply

Your email address will not be published.