সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘ৰেড কাৰ্পেট’ত বিদ্ৰোহ !

বিদ্ৰোহৰ অন্য এক নাম কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট।কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট মানে এক অভিজাত আমন্ত্ৰণ।ৰেড কাৰ্পেটত খোজ দিবলৈকে কষ্টিউমৰ নামত খৰছ কৰে কোটি-কোটি টকা।ৰেড কাৰ্পেটত খোজ পেলাবলৈ কিমানৰ যে থাকে ক’ত হেঁপাহ !
কাঁ চলচ্চিত্ৰ মহোৎসৱ বুলিলেই এক অবুজ আবেগৰে প্ৰায় প্ৰতিজন চিনেমাপ্ৰেমী, গ্লেমাৰমুখী মানুহ শিহৰিত হৈ উঠে। বিশ্বৰ অজস্ৰ মানুহে বাট চাই ৰয় যে কোনে এইবাৰ কি সাজে ৰেড কাৰ্পেটত খোজ কাঢ়িছে তাকে চাবলৈ। কিন্তু ৰেড কাৰ্পেট মানেই কি ফেশ্বনৰ হাঁহাকাৰ? ৰেড কাৰ্পেট মানেই কি গ্লেমাৰৰ বাহাৰ? নহয়, সময়ে সময়ে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট হৈ উঠিছে প্ৰতিবাদৰ জোৱাৰ। অৱশ্যে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ অভিজাত, গ্লেমাৰ সম্পন্ন ৰেড কাৰ্পেটৰ খোজ মানেই হৈছে হাজাৰ-হাজাৰ ফটোগ্ৰাফাৰৰ আবেষ্টনী।হাজাৰ-হাজাৰ কেমেৰাৰ ফ্লাছত মুদি যোৱা দুচকু। কেমেৰাৰ ক্লিক-ক্লিক শব্দ।সকলো মিলি গ্লেমাৰৰ সৰ্বোচ্চ শিখৰত আৰোহণ কৰাৰ এক অদ্ভুত অনুভৱ। কিন্তু তেতিয়া কি হ’ব, যেতিয়া ফটোগ্ৰাফাৰে ৰেড কাৰ্পেটত খোজ কাঢ়ি যোৱাজনৰ ফটোকেই তুলিবলৈ নিবিচাৰিব। হয়, এনেকুৱাও হৈছে। ইতিহাসত ফটোগ্ৰাফাৰে ৰেড কাৰ্পেটত খোজ দিয়া কোনো বিখ্যাত লোকৰ ফটো নুতুলি হাতৰ কেমেৰা নমাই আনিছে।কাৰণ সময়ে সময়ে বিদ্ৰোহৰ অন্যতম নাম হৈ পৰিছে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট।১৯৭৫ চন, কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত হৈছিল বিদ্ৰোহ । আমেৰিকান অভিনেতা পল নিউমেনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল ৰেড কাৰ্পেটৰ ফটোগ্ৰাফাৰে। ১৯৭৫ চনত কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত থিয় হৈ ফটো উঠিব বিচৰা নাছিল আমেৰিকান অভিনেতা পল নিউমেনে। কাৰণ হিচাপে বিখ্যাত অভিনেতাজনে কৈছিল যে তেওঁ ভাগৰি পৰিছে। ফটো চেছনৰ বাবে তেওঁক কিছু জিৰণিৰ প্ৰয়োজন। কিন্তু সেই কথাতেই আত্মসন্মানত লাগিল ফটোগ্ৰাফাৰ সকলৰ। কিন্তু আবেলিৰ ভাগত পল নিউমেনে ৰেড কাৰ্পেটত থিয় হৈ ফটোৰ বাবে প’জ দিয়ে যদিও ফটোগ্ৰাফাৰে হাতৰ পৰা কেমেৰা নমাই কৰে প্ৰতিবাদ। ১৯৮৩ চনত ইছাবেল আদজানিৰ সৈতেও ঘটিছিল অনুৰূপ ঘটনা।আৰু ঠিক এনেকৈয়ে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট কেৱল গ্লেমাৰৰ নহয়, সময়ে-সময়ে প্ৰতিবাদৰ মঞ্চ হৈয়ো ধৰা দিছে।২০২২ বৰ্ষটো বিদ্ৰোহৰ অন্য এক মঞ্চৰূপে দেখা গৈছিল কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট৷ চন ২০২২, ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত ইউক্ৰেইন। ৰাছিয়াই ইউক্ৰেইনক কৰা আক্ৰমণৰ প্ৰতিবাদস্বৰূপে এগৰাকী মহিলাই ৰেড কাৰ্পেটত ইউক্ৰেইনৰ পতাকাৰ ৰঙৰ পোছাক পৰিধান কৰি চিঞৰি উঠিছিল- Stop Raping Us… সেই ঘটনাৰ মাথোঁ দুটা দিন পাছতেই অৰ্থাৎ ২০২২ বর্ষতেই ১২ গৰাকীকৈ মহিলাই ৰেড কাৰ্পেটত থিয় হৈ কৰিছিল এক অভিনৱ প্ৰতিবাদ। ১২ গৰাকী ফেমিনিষ্ট মহিলাই ৰেড কাৰ্পেটৰ চিৰি আগুৰি থিয় হৈছিল আৰু মেলি ধৰিছিল এখন দীঘলীয়া বেনাৰ। যিখন দীঘলীয়া বেনাৰত ১২৯ গৰাকী ভুক্তভোগী মহিলাৰ নাম আছিল। প্ৰতিবাদী মহিলাই মেলি ধৰা বেনাৰত নাম লিখা থকা সেই ১২৯ গৰাকী মহিলা গাৰ্হস্থ্য হিংসাৰ বলি হৈ প্ৰাণ হেৰুৱাবলগীয়াত পৰিছিল। কেৱল এয়াই নহয়, ২০১৮ বৰ্ষত ৰেড কাৰ্পেটৰ চিৰিত থিয় হৈ বিশ্বৰ ৮২ গৰাকী প্ৰসিদ্ধ শিল্পীয়ে কৰিছিল প্ৰতিবাদ৷ কাঁ চলচ্চিত্ৰ মহোৎসৱত নাৰীৰ প্ৰতি কৰা বৈষম্যৰ বিৰুদ্ধে ২০১৮ বৰ্ষত কৰা এই শিল্পীৰ প্ৰতিবাদ আছিল যথেষ্ট গণমুখী।
২০১৮ বর্ষতেই কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত হিলছ খুলি প্ৰতিবাদ কৰিছিল জনপ্ৰিয় অভিনেত্ৰী ক্ৰিষ্টেন ষ্টিৱাৰ্টে৷ব ৰেড কাৰ্পেটত থিয় হৈ ফটোৰ বাবে প’জৰ সময়ত হিলছ খুলি কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ব্যয়বহুল ড্ৰেচ কোডৰ বিৰুদ্ধে এনেকৈয়েই বিদ্ৰোহী হৈ উঠিছিল ক্ৰিষ্টেন ষ্টিৱাৰ্ট। আৰু এনেকৈয়েই কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট হৈ উঠিছে বিদ্ৰোহৰ অন্য এক নাম। ৰেড কাৰ্পেট হৈ উঠিছে প্ৰতিবাদী শ্লোগানেৰ এক অভিনৱ মঞ্চ। এইবাৰো মহা ধুমধামেৰে আয়োজন হৈছে কাঁ চলচ্চিত্ৰ মহোৎসৱ। ২০২৩ বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱ ১৬ মে’ৰ পৰা ২৭ মে’লৈ চলিব। বিশ্বৰ বিভিন্ন শিল্পীৰ সমান্তৰালকৈ ভাৰতৰ কেইবাগৰাকী অভিনেত্ৰীয়েও এইবাৰ খোজ দিছে ৰেড কাৰ্পেটত। বিলাসী, ব্যয়বহুল, গ্লেমাৰাছ পোচাকেৰে প’জ দিছে হাজাৰ-হাজাৰ কেমেৰাৰ সন্মুখত। কিন্ত এইবর্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত এইমুহূৰ্তলৈ কোনো প্ৰতিবাদী কাৰ্যসূচী যদিও দেখিবলৈ পোৱা নাই যদিও সম্ভাৱনা নুই কৰিব নোৱাৰি। এক কথাত ক’বলৈ গ’লে গ্লেমাৰক কঢ়িয়াই কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট ক্ৰমাৎ হৈ উঠিছে প্ৰতিবাদী ভাষা, বিদ্ৰোহৰ দাবানলৰ অন্য এক খোলা মঞ্চ। গতিকে আপুনি হয়তো অনুমান কৰিব পাৰিছে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ আটাইতকৈ গ্লেমাৰাছ কোন? ৰেড কাৰ্পেট খনেই নহয় জানো?

Leave A Reply

Your email address will not be published.