গুৱাহাটী প্ৰেছ ক্লাৱত সংঘাত জৰ্জৰিত মণিপুৰত শান্তিৰ আহ্বানেৰে অনুষ্ঠিত হয় নাগৰিক সভা

Share This Article

বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত যোৱা কিছুদিনধৰি মণিপুৰত কুকী-মেইটেই জনগোষ্ঠীৰ মাজত হৈ থকা নৃগোষ্ঠীয় সংঘাটক লৈ শান্তিৰ আহ্বানেৰে এখন নাগৰিক সভা অনুষ্ঠিত হয়। মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা কৰে আয়োজক অংকুৰ তামুলী ফুকনে। দিল্লীৰ দি ৱ্যায়াৰৰ সাংবাদিক সংগীতা বৰুৱা পিছ’ৰাটিয়ে সংঘাত জৰ্জৰিত মণিপুৰ ভ্ৰমণৰ অভিজ্ঞতা আৰু এই সংঘাতত ৰাষ্ট্ৰৰ ভূমিকা সম্পৰ্কে আলোচনা কৰে। গুৱাহাটী আই আই টিৰ অধ্যাপক প্ৰফেচৰ কিপজেনে সংঘাতৰ কাৰণৰ লগতে কুকীসকলক লৈ চলা বিভিন্ন উৰাবাতৰি সম্পৰ্কে বাখ্যা কৰে। NSGU ৰ প্ৰতিনিধি উপস্থিত থকা সভাখনত সকলো পক্ষকে হিংসা পৰিহাৰ কৰি আলোচনাৰ মাজেৰে সংঘাত মৰিষণৰ আহ্বান জনায়। আলফা আলোচনীপন্থী গোটৰ নেতা অনুপ চেতিয়াই উত্তৰ পূৱৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত শান্তিৰ বাবে ৰাষ্টৰ লগতে জনসাধাৰণৰ অংগ্ৰহণৰ কথা উনুকিয়াই। অধিবক্তা কিশোৰ কলিতাই ভূমি সমস্যা আৰু সংঘাট, হৰেশ্বৰ বৰ্মনে বিভিন্ন সংঘাট আৰু ৰাষ্ট্ৰৰ ভূমিকাৰ লগতে শান্তিৰ আহ্বান জনায়। কেইবাটাও সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা সভাখনত অধিবক্তা, বিশিষ্ট নাগৰিক, ছাত্ৰ- ছাত্ৰী উপস্থিত থাকে। বিভিন্ন বক্তাই সকলো পক্ষকে হিংসা পৰিহাৰ কৰি আলোচনাৰ মাজেৰে সমস্যা সমাধানৰ আহ্বান জনায়। সভাৰ শেষত সভাই মণিপুৰত শান্তিৰ আহ্বান জনায় আৰু কিছু প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই এই সংঘাটৰ চৰকাৰৰ ভূমিকাক লয়ো খেদ প্ৰকাশ কৰাৰ লগতে এক অনুসন্ধানৰ দাবী জনায়। তাৰোপৰি সকলো জনগোষ্ঠীকে শান্তিৰ বাতাবৰণ ৰক্ষা কৰিবলৈ আহ্বান জনায়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.