সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ পক্ষত বাৰে বাৰে কিয় ড’নাল্ড ট্ৰাম্প!

ক’ৰোনাৰ প্ৰতিষেধক হিচাপে হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ সপক্ষে যুক্ত দি আহিছে ড’নাল্ড ট্ৰাম্পে। কেতিয়াবা যদি সেই ঔষধক ভগৱানৰ দান, কেতিয়াবা গেম চেঞ্জাৰ হিচাপেও অভিহিত কৰিছে। বিগত সপ্তাহত ট্ৰাম্পে প্ৰকাশ কৰিছিল যে তেওঁ নিয়মিত হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ ব্যৱহাৰ কৰি আহিছে। কিন্তু ৰবিবাৰে এক সাক্ষাত্কাৰত ট্ৰাম্পে কয়- “সদ্যহতে মই এই কোৰ্চ শেষ কৰিছো। আৰু আপোনালোকে চাওক-মই আজি ইয়াত আছো।” কিন্তু শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই জনাই যে হাইড্ৰ’ক্সিক্ল’ৰ’কুইনৰ ব্যৱহাৰ বৰ্তমানে বন্ধ ৰখা হৈছে। লগতে সংস্থাটোৱে কয় যে যিসকলৰ ক্ষেত্ৰত হাইড্ৰ’ক্সিক্ল’ৰ’কুইন ব্যৱহাৰ কৰা হৈছিল চিকিত্সাৰ বাবে, তেওঁলোকৰে মৃত্যুৰ হাৰ অধিক।
উল্লেখ্য যে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসন (FDA)-এ বৰ্তমানলৈকে এই ঔষধ ব্যৱহাৰৰ সেউজ সংকেত প্ৰদান কৰা নাই। কিন্তু মেলেৰীয়াৰ প্ৰতিষেধকৰ বিষয়ে এক প্ৰশ্নৰ উত্তৰত তেওঁ ট্ৰাম্পে কয় –“মোৰ ওচৰত অধিক তথ্য আছে এই ঔষধৰ বিষয়ে। বহুতেই দেখিছে এই ঔষধে বহুতৰ জীৱন বচোৱাৰ কথা। চিকিত্সকসকলেও এই ৰিপৰ্টসমূহ দাঙি ধৰিছে। ফ্ৰান্স আৰু ইটালীত অবিশ্বাস্যভাৱে পৰীক্ষণ সম্পন্ন হৈছে।”
কিন্তু ৰবিবাৰে এি মন্তব্য কৰাৰ পিছতে সোমবাৰে ঘটনাই নতুন মোৰ লয়। বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ সকলো দেশতে এই ঔষধ ব্যৱহাৰত সাময়িকভাৱে স্থগিত ৰখা হৈছে বুলি ঘোষণা কৰে। সংস্থাৰ প্ৰমুখ এডনাম ঘেব্ৰিয়েছে কয় যে এই ঔষধৰ ব্যৱহাৰে মানুহৰ জীৱনলৈ সংকট কঢ়িয়াই আনিছে। ই মানুহৰ হৃদৰোগৰ বাবে অতি ভয়ানক। এই সন্দৰ্ভত চিকিত্সাবিজ্ঞান সংক্ৰান্তীয় পত্ৰিকা- ল্যানছেটত এখন গৱেষণা পত্ৰও প্ৰকাশ পাইছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.