প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ গৃহ ৰাজ্যত যথেষ্ট পৰিমাণে হোৱা নাই ক’ৰোনা টেষ্টিং

Share This Article

ক’ৰোনাৰ সৈতে যুঁজিবলৈ ৰেপিড টেষ্টিং যে নিতান্তই প্ৰয়োজনীয়, সেই কথা বহুসময়ত ভিন্ন লোকে দাবী উত্থাপন কৰি আহিছে। অসমতো ব্যতিক্ৰম নহয়। শেহতীয়াকৈ পশ্চিমবংগৰ বিজেপিৰ কৰ্মীসকলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধেও এনে অভিযোগ তুলি ধৰি কয় যে টেষ্টিঙৰ সংখ্যা বৃদ্ধি কৰিলেই কোভিড-১৯ পজিটিভত আক্ৰান্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাব। সেয়ে পশ্চিমবংগ চৰকাৰে এইক্ষেত্ৰত পিছু হুহুকিছে।
কিন্তু একেসময়তেই দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ নিজৰ গৃহ ৰাজ্যৰ ক্ষেত্ৰতো একেই প্ৰশ্নই উত্থাপিত হৈছে। বহুতেই যুক্তি প্ৰদৰ্শন কৰিছে এইক্ষেত্ৰত। গুজৰাটত ক’ৰোনা টেষ্টিং ভালদৰে সম্পন্ন হ’লে ৭০শতাংশই পজিটিভ কেছ ধৰা পৰাৰ সম্ভাৱনা আছে । ক’ৰোনা সংক্ৰমিত হোৱা সংখ্যাৰ তালিকাত মহাৰাষ্ট্ৰ-তামিলনাডুৰ পিছতেই আছে গুজৰাটৰ স্থান। গুজৰাটত এইপৰ্যন্ত ৮৫৮ জনৰ মৃত্যু ঘটিছে। দেওবাৰে ২৯জন লোকৰ মৃত্যু ঘটিছিল। ইয়াৰ ভিতৰত ২৮জনেই আহমেদাবাদৰ আছিল। কিন্তু তাৰপিছতো আহমেদাবাদত যথেষ্টসংখ্যক নমুনাৰ পৰীক্ষণ কৰা হোৱা নাই। প্ৰকাশিত বাতৰি অনুসৰি সেই সন্দৰ্ভত আহমেদাবাদৰ হাস্পতাল আৰু নাৰ্ছিং হোমসমূহেও প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে লগতে কয় যে, যদিহে স্বাস্থ্য সচিবক এই সন্দৰ্ভত নমুনা পৰীক্ষণৰ অনুমতি বিচাৰে-তেন্তে দুই-তিনিদিন পিছতহে উত্তৰ দিয়ে। তদুপৰি কেৱল ১০ৰ পৰা ২০শতাংশকহে এই অনুমতি প্ৰদান কৰিছে। সেয়ে হাস্পতাল আৰু নাৰ্ছিং হোম সমূহে তত্কালেই এই নিয়ম সলনি কৰাৰ আহ্বান জনাইছে চৰকাৰক। এই দাবী হাইকৰ্ট পৰ্যন্ত পাইছেগৈ। গুজৰাট চৰকাৰৰ এডভোকেট জেনেৰেল কমল ত্ৰিবেদীয়ে নিজেই প্ৰকাশ কৰিছে যে ক’ৰোনা টেষ্ট ইচ্ছাকৃতভাৱেই কমকৈ কৰা হৈছে। গুজৰাট হাইকৰ্টে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পৰিকাঠামোৰ লগতে আহমেদাবাদৰ চিকিত্সাসেৱাক তীব্ৰ সমালোচনাও কৰিছে। উল্লেখ্য যে আহমেদাবাদৰ অধিকাংশ গৃহমন্ত্ৰী অমিত শ্বাহৰ সংসদীয় সমষ্টি গান্ধীনগৰৰ ভিতৰত পৰে। সেয়ে গুজৰাট মডেলক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ দলে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.