সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হনুমানৰ ওপৰত গধুৰ দায়িত্ব বিজেপিৰ !

কৰ্ণাটকৰ নিৰ্বাচন অনুষ্ঠিত হ’ব অহা বুধবাৰে।সোমবাৰে নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন৷কৰ্ণাটকৰ নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই যুদ্ধকালীন ক্ষিপ্ৰতাৰে প্ৰচাৰ অভিযানত নামি পৰিছে।দুয়োটা দলৰ নেতাৰ মাজত চলিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ।কংগ্ৰেছে দলটোৰ ইস্তাহাৰত মুঠ ৫ টা গেৰাণ্টীৰ লগতে PFI ৰ দৰে সাম্প্ৰদায়িক শক্তি যেনে বজৰং দলকো নিষিদ্ধ কৰা হ’ব বুলি ঘোষণা কৰিছিল।কংগ্ৰেছৰ এই প্ৰতিশ্ৰুতিৰ পিছতেই বজৰং দলে সমগ্ৰ দেশতেই কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহেও কংগ্ৰেছে বজৰং দলক নিষিদ্ধ কৰিব বুলি অযথা হৈ চৈ কৰি ভোটাৰৰ মাজত বিভাজন আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। প্ৰতিটো ভাষণতেই বজৰংবলীৰ কথা কৈ ভোট ভিক্ষা কৰিছে মোডী-শ্বাহে।এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ বিৰুদ্ধে সৰৱ হৈছে প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰম।তেওঁ বজৰং দলক ‘বজৰংবলী’লৈ পৰিবৰ্তন কৰা বিষয়টো সম্পৰ্কত প্ৰশ্ন কৰে বিজেপিক।তেওঁ লগতে কয় যে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত কানাড়া জনতাই কেতিয়াও ভুল সিদ্ধান্ত নলয়।কৰ্ণাটকবাসীৰ বাবে এই নিৰ্বাচন উদাৰ,গণতান্ত্ৰিক,উন্নযনশীল আৰু অসহনশীল,দমনমূলক চৰকাৰৰ মাজত কোনখন চৰকাৰ বিচাৰে সেই সিদ্ধান্ত গ্ৰহণৰ সময়।মণিপুৰত বিজেপি চৰকাৰ থকাৰ পিছতো ৰাজ্যখনত জাতি-জনগোষ্ঠীৰ মাজত বিভাজন আনি হিংসা বিয়পাব বিচৰা হৈছে।ভাতৃঘাটী সংঘৰ্ষত প্ৰায় ৬০ জন লোক নিহত হৈছে মণিপুৰত৷অথচ ডাবল ইঞ্জিন চৰকাৰৰ মূল ইঞ্জিনৰ ভ্ৰুক্ষেপেই নাই বিষয়টোত৷সকলো ব্যস্ত কৰ্ণাটক নিৰ্বাচনক লৈহে।
বিজেপিয়ে কৰ্ণাটকত ইউনিফৰ্ম চিভিল ক’ড আৰু নেশ্যনেল ৰেজিষ্টাৰ অব চিটিজেনচৰ প্ৰয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে কয় যে UCC আৰু NRC সমাজত প্ৰয়োগ কৰিলে বিভাজন হ’ব সমাজত।কংগ্ৰেছ দলে কোনো কাৰণতে বজৰং দলক নিষিদ্ধ কৰাৰ কথা কোৱা নাই বৰঞ্চ সমাজত সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰা শক্তিক নিষিদ্ধ কৰাৰ কথাহে ঘোষণা কৰিছিল।চিদাম্বৰমে কয় ‘ কংগ্ৰেছ দলৰ ইস্তাহাৰৰ বাক্য দুটা পুনৰ পঢ়ক৷তাত কেবল ঘৃণা বিয়পোৱা শক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথাহে কোৱা হৈছে।’অহা ১০ মে’ত কৰ্ণাটকৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷১৩মে’ত নিৰ্বাচনৰ ফলাফল ওলাব৷বিভিন্ন সংস্থাই চলোৱা সমীক্ষাত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ ইংগিত পোৱা গৈছে।প্ৰতিষ্ঠানবিৰোধী ঢৌ,৪০% কমিচন,দুৰ্নীতি আদিৰ বাবে কানাড়া জনতা শাসক দলৰ ওপৰত খড়্গহস্ত হৈছে।আনকি বিৰোধী দল কংগ্ৰেছৰ সভাতকৈ শাসক দলৰ সভাত জনসমাগম কম। শেষ নিশাৰ খেলত সিদ্ধহস্ত বিজেপিয়ে যদি কিবা খেল দেখুৱায় তেন্তে সকলো সমীক্ষাই মিছা প্ৰমাণিত হ’ব !অৱশ্যে ১৩ মে’তহে এই সকলো বিষয় স্পষ্ট হ’ব

Leave A Reply

Your email address will not be published.