য়েডুৰাপ্পাৰ ‘অসহযোগে’ বিপদ আনিব বিজেপিৰ !

Share This Article

সমাগত কৰ্ণাটক নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ সোমবাৰে বিয়লি অন্ত পৰাৰ কথা। নিৰ্বাচনত জয়লাভৰ বাবে সকলো প্ৰচেষ্টাই হাতত লৈছে শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছে।ঘাইকৈ শাসক দল বিজেপিৰ বাবে এই নিৰ্বাচন লিটমাচৰ টেষ্টৰ দৰে।কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচনে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ এক আগজাননী দিব,সেয়ে চিন্তিত বিজেপি।কিয়নো ২০১৪ চনৰ পৰা কেন্দ্ৰত শাসনত অধীনষ্ঠ হোৱা বিজেপিয়ে বিগত ৯ টা বছৰত গৰিষ্ঠসংখ্যক ৰাজ্যতেই পদুম ফুল ফুলাবলৈ সক্ষম হোৱাৰ বিপৰীতে কেৱল দক্ষিণ ভাৰতত দলটো বিফল হৈ আহিছে।দক্ষিণ ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত কৰ্ণাটকতেই দলটোৱে ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে৷সেয়ে কোনোমতে এখন ৰাজ্য দখল কৰাৰ ক্ষমতাৰ হেঁপাহ এৰিব পৰা নাই বিজেপিয়ে।বিগত ৭ দিনত ১৭ খন ৰেলীত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰধানমন্ত্ৰী মোডীক যিকোনো প্ৰকাৰে কৰ্ণাটক লাগে৷বিগত ৯ টা দিনৰ মাত্ৰ ২ টা দিন দিল্লীত কটাইছে নৰেন্দ্ৰ মোডীয়ে।প্ৰধানমন্ত্ৰী মোডীৰ লক্ষ্য হ’ল ১৯৮৫ চনৰ পৰা চলি অহা কৰ্ণাটকৰ এক ৰেকৰ্ড ভংগ কৰা।উল্লেখ্য যে ১৯৮৫ চনৰ পৰা কৰ্ণাটকত কোনো এটা দলেই একেলেথাৰিয়ে দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিব পৰা নাই।মোডীয়ে এই ৰেকৰ্ড ভংগ কৰি পুনৰবাৰ বিজেপিৰ শাসনলৈ কৰ্ণাটক অহাটো বিচাৰিছে।তদুপৰি এই নিৰ্বাচনী যুঁজ আন এক কাৰণতো গুৰুত্বপূৰ্ণ৷কিয়নো এই নিৰ্বাচনত বি এছ য়েডুৰাপ্পাৰ দৰে দলৰ জ্যেষ্ঠ নেতাই নেতৃত্ব লোৱা নাই।উল্লেখ্য যে এই য়েডুৰাপ্পাই ২০০৮ আৰু ২০১৯ চনৰ নিৰ্বাচনত বিজেপি দলে কৰ্ণাটকত ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল।অৱশ্যে সেই দুয়ো বাৰেই দলটোৱে কৰ্ণাটকত সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল।উল্লেখ্য যে কৰ্ণাটকত ক্ষমতা দখলৰ বাবে ১১৩ খন আসনৰ প্ৰয়োজন আৰু ২০০৮ চনত দলটোৱে ১১০ আৰু ২০১৮ চনত ১০৪ খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছিল ।দলটোৰ আসন কম হোৱাৰ পিছতো কেৱল য়েডুৰাপ্পাৰ নেতৃত্ব আৰু সক্ৰিয়তাৰ বাবে দলটোৱে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল দুয়ো বাৰেই।তদুপৰি ভূতৰ ওপৰত দানহ পৰাদি বিজেপিৰ সন্মুখত দেখা দিয়া আন এক সমস্যা হৈছে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সমস্যা৷ইতিমধ্যে বিৰোধী দলবোৰে বিজেপিক ৪০% কমিছন খোৱা দল বুলি ঢাকঢোল পিতি ৰাজহুৱা কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্য খনত বিগত ২৯ এপ্ৰিলৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাইছিল।কংগ্ৰেছে প্ৰধানমন্ত্ৰীক ‘বিষাক্ত সাপ’ বুলি উল্লেখ কৰা বিষয়টো উত্থাপন কৰি জনতাৰ সহানুভূতি আদায়ৰো চেষ্টা চলায় প্ৰধানমন্ত্ৰীয়ে।তদুপৰি মোডীয়ে নিৰ্বাচনী প্ৰচাৰত কেৱল বজৰং দলক নিষিদ্ধ ঘোষণা কৰিব বুলি কংগ্ৰেছে ঘোষণা কৰা বুলি উল্লেখ কৰি ধৰ্মৰ ভিত্তিত বিভাজন অনাৰ চেষ্টা চলায়।ৰাজনৈতিক বিশ্লেষক তথা প্ৰফেচৰ সন্দীপ শাস্ত্ৰীয়ে কৰ্ণাটকৰ নিৰ্বাচনী গতিবিধি খুব সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আছে ৷তেওঁ পৰ্যবেক্ষণৰ অন্তত কয় ‘ বিজেপিৰ নেতা সকলৰ মাজত আত্মবিশ্বাস কম দেখা গৈছে। ‘

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.