সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সীমা সংঘাতৰ মুখলৈ ভাৰত নেপাল

পুনৰ ভাৰতৰ ভূমি নিজৰ বুলি দাবী কৰিলে নেপালে ৷ ভাৰতৰ কালাপানী , লিপুলেখ আৰু লিমপিয়াধৰা অঞ্চলক নিজৰ মানচিত্ৰত অন্তঃৰ্ভুক্ত কৰিছে নেপালে ৷ মন্ত্ৰীসভাৰ এক বৈঠকৰ পাছত নেপাল চৰকাৰৰ মুখপাত্ৰ আৰু যুৱৰাজ খাটিৱানাদাই জনাইছে এই এই দাবী অনতিপলমে কাৰ্যকৰী কৰা হ’ব ৷ ভাৰতৰ লগত কূটনৈতিক সংঘাত বৃদ্ধি কৰি মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতৰ দখলত থকা নেপালৰ কালাপানী , লিপুলেখ আৰু লিমপিয়াধৰা অঞ্চল নেপালক ঘূৰাই দিব লাগে বুলি নেপালৰ সংসদত প্ৰস্তাৱ গ্ৰহণ কৰিছে নেপালৰ শাসকীয় দল নেপাল কমিউনিষ্ট পাৰ্টিয়ে ৷উল্লেখযোগ্য যে মানস সৰোবৰ পৰ্যন্ত তীৰ্থযাত্ৰা সুগম কৰিবলৈ উত্তৰাখণ্ডৰ পৰা লিপুলেখ পাছলৈকে ৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথনিৰ্মাণ কৰাক লৈ ক্ষুব্ধ নেপাল ৷নেপালৰ মতে এই পথে নেপালৰ সাৰ্বভৌমত্বত আঘাত হানিছে ৷ আনহাতে ভাৰতৰ মতে এই পথ নিৰ্মাণ কৰা হৈছে ভাৰতৰ ভূমিত ৷ ৰাজনৈতিক বিশ্লেষক সকলৰ মতে বৰ্তমান নেপাল চৰকাৰত গুৰুত্ব বাঢ়িছে নেপাল কমিউনিষ্ট পাৰ্টিৰ প্ৰধান পুস্পকমল দাহাল ওৰফে প্ৰচণ্ডৰ ৷দাহালৰ উদ্গনিত বেইজিং মহলৰ মন্ত্ৰণাত ভাৰতৰ বিৰুদ্ধে কূটনৈতিক সংঘাতৰ পথ বাছি লৈছে নেপাল চৰকাৰে ৷

Leave A Reply

Your email address will not be published.