Investigative reporting with dedication.

শ্ৰমিক স্পেচিয়েল ৰে’লৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনা নকৰাকৈ কোনো ৰে’ল চলাব নোৱাৰিব ৰে’ল মন্ত্ৰালয়ে। ৰে’লত উঠা আৰু নমাৰ পাছত ল’বলগীয়া ব্যৱস্থাৰ তদাৰকীৰ কাম ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰা ন’ডেল অফিচাৰে পৰ্যবেক্ষণ কৰিব লাগিব ।লগতে এইটোও জনোৱা হয় যে ক’ৰোনাৰ কোনো উপসৰ্গ নথকা লোকসকলকহে কেৱল শ্ৰমিক স্পেচিয়েল ৰে’লত উঠাৰ অনুমতি প্ৰদান কৰিব।




