সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

যুদ্ধৰ বাবে সাজু হোৱা- সেনাক নিৰ্দেশ চীনৰ ৰাষ্ট্ৰপতিৰ

ক’ৰোনাৰ পৰা ক্ৰমাৎ সুস্থ হৈ উঠাৰ পিছত চীন এইবাৰ নামি পৰিছে যুদ্ধৰ প্ৰস্তুতিত ৷ দেশখনে ভাৰতৰ লাডাখ আৰু উত্তৰ ছিকিম সীমান্তত ব্যাপক সমৰসজ্জা তৈয়াৰ কৰা দেখা গৈছে ৷ চীনৰ ৰণচালি দেখি ভাৰতেও চীন সীমান্তত সমহাৰত সৈনিক মোতায়েনৰ নিৰ্দেশ দিছে ৷কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল আৰু চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটৰ সৈতে চীনৰ শেহতীয়া গতিবিধি সন্দৰ্ভত দীঘলীয়া সময় আলোচনা কৰে ৷ কিন্তু তাৰ মাজতে চীনৰ পৰা আহিছে আন এক ভাবুকি ভৰা খবৰ ৷ চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে দেশখনৰ সেনাবাহিনীক আটাইতকৈ বেয়া পৰিস্থিতিৰ কথা ভাবি যুদ্ধৰ বাবে প্ৰস্তুত হোৱাৰ নিৰ্দেশ দিছে ৷ মঙলবাৰে জিনপিঙে পিপুলছ লিবাৰেশ্যন আৰ্মি আৰু পিপুলছ আৰ্মড পুলিছ ফ’ৰ্চৰ প্ৰতিনিধিৰ লগত বৈঠক অনুষ্ঠিত কৰি এই নিৰ্দেশ দিয়ে ৷ চীনৰ চৰকাৰী সংবাদ সংস্থাৰ খবৰ অনুসৰি জিনপিঙে সেনাবাহিনীক উদ্দেশ্যি এইদৰে কয় যে সেনাজোৱান সকলে সন্মুখত আটাইতকৈ বেয়া পৰিস্থিতিৰ কথা কল্পনা কৰক আৰু যুদ্ধৰ বাবে প্ৰশিক্ষণ আৰু প্ৰস্তুতি শীঘ্ৰে আৰম্ভ কৰক ৷ লগতে নিজ দেশৰ সুৰক্ষা অক্ষুন্ন ৰাখিবৰ বাবে দায়বদ্ধ হওক৷ উল্লেখ্য যে যোৱা প্ৰায় ২০ দিন ধৰি ভাৰত-চীন সীমান্তত এল এ চিৰ দুয়োপাৰে উত্তেজনা অব্যাহত আছে ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.