সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মকছুদুল হকৰ সতে অতীতৰ সোঁৱৰণী আৰু পুৰণি বন্ধুত্বৰ নতুন গাঁঠি: বনজিৎ হুছেইন

গুৱাহাটীৰ শিল্পগ্ৰামত শতাধিক দৰ্শকৰ সন্মুখত এজন বাংলাদেশী ৰকষ্টাৰে নিভাঁজ অসমীয়াত ক’লে, “মই ষোল্ল বছৰৰ পাছত ঘৰলৈ আহিছো।” তেওঁৰ ব্লকবাষ্টাৰ হিট গানেৰে দৰ্শকসকলক মুগ্ধ কৰি শেষত তেওঁ এজন দাৰ্শনিকৰ দৰে ক’লে, “চৈতন্য দেৱ আৰু লালন ফকিৰৰ দেশৰ পৰা মই গীত লৈ আনিছো শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকিৰৰ এই দেশলৈ, আৰু এইসকল গুৰুৱে আমাক যি শিকাই গৈছে, তাৰ মূলতে আছে মানৱতাৰ প্ৰতি প্ৰেম, যাক কোনো সীমান্ততে বান্ধি ৰাখিব নোৱাৰি।”

মকছুদুল হকৰ সতে অতীতৰ সোঁৱৰণী আৰু পুৰণি বন্ধুত্বৰ নতুন গাঁঠি

- Donation -

মূল: বনজিৎ হুছেইন
অনুবাদ: বিশ্বজিৎ বৰা

(ক)
এজন বাংলাদেশী ৰকষ্টাৰ…
২০১২ চনৰ নৱেম্বৰ মাহৰ এটি মধুৰ সন্ধিয়া। গুৱাহাটীৰ শিল্পগ্ৰামত শতাধিক দৰ্শকৰ সন্মুখত এজন বাংলাদেশী ৰকষ্টাৰে নিভাঁজ অসমীয়াত ক’লে, “মই ষোল্ল বছৰৰ পাছত ঘৰলৈ আহিছো।” তেওঁৰ ব্লকবাষ্টাৰ হিট গানেৰে দৰ্শকসকলক মুগ্ধ কৰি শেষত তেওঁ এজন দাৰ্শনিকৰ দৰে ক’লে, “চৈতন্য দেৱ আৰু লালন ফকিৰৰ দেশৰ পৰা মই গীত লৈ আনিছো শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকিৰৰ এই দেশলৈ, আৰু এইসকল গুৰুৱে আমাক যি শিকাই গৈছে, তাৰ মূলতে আছে মানৱতাৰ প্ৰতি প্ৰেম, যাক কোনো সীমান্ততে বান্ধি ৰাখিব নোৱাৰি।” ২০১৫ চনৰ বসন্তত চান্দমাৰি খেলপথাৰত গুৱাহাটী গ্ৰন্থমেলাত সেইজন বাংলাদেশী ৰকষ্টাৰেই আকৌ গুৱাহাটীলৈ আহিছিল, আন এচাম উৎসাহী দৰ্শকক মুগ্ধ কৰিবলৈ। তেতিয়াৰে পৰা অসমত তেওঁৰ অনুৰাগীৰ সংখ্যা বৃহৎ মাত্ৰাত বৃদ্ধি পাইছে।
এইজন ৰকষ্টাৰ হৈছে মকছুদুল হক – বা, তেওঁৰ সহস্ৰাধিক বাংলাদেশী অনুৰাগীৰ ভাষাত, মেক। বাংলাদেশত বাংলা পপ-ৰক সংগীতৰ অগ্ৰদূত মেক আৰু তেওঁৰ ১৯৮০ৰ দশকৰ পুৰণি বেণ্ড ‘ফীডবেক’ হৈছে বাংলা সংগীতৰ ইতিহাসৰ কিংবদন্তিস্বৰূপ। তেওঁৰ ‘উল্লাস’ আৰু ‘মেলা’ এলবামে বাংলাদেশৰ এলবাম সংগীতক ন-ৰূপ দিয়াই নহয়, ‘মেলা’ এলবামৰ শীৰ্ষক গীত ‘মেলাই যাই ৰে’ – যিটো হৈছে পহিলা বৈশাখ বা অসমীয়া বহাগ বিহুৰ প্ৰতি তেঁওৰ পপ শ্ৰদ্ধাঞ্জলি – এটি ব্লকবাষ্টাৰ হিট হোৱাৰ লগতে গীতটিৰ এটি কলি – ‘বাসন্তি ৰং সৰি পৰে, ললনাৰে হেতে যায়’ – বৰ্তমান প্ৰায় অমৰ হৈ পৰিছে।
১৯৯০ৰ দশকৰ পৰা বাউল দৰ্শনক কেন্দ্ৰত ৰাখি মেকৰ গীত লাহে লাহে অধিক ৰাজনৈতিক আৰু প্ৰায় প্ৰতিষ্ঠান-বিৰোধী হৈ পৰে। ৯০ৰ দশকত বাংলাদেশৰ ৰাষ্ট্ৰশক্তিৰ বিৰুদ্ধে গোৱা তেওঁৰ কিছুমান গীত নিষিদ্ধ ঘোষিত কৰা হৈছিল।

(খ)
ভগাই লোৱা ইতিহাসক সুঁৱৰি…
আগষ্ট ২০১৭, উত্তৰা, ঢাকা। এখন সস্তীয়া হোটেলৰ কোঠালি এটাত বহি জ্যোষ্ঠ অসমীয়া সাংবাদিক হাইদৰ হুছেইন পুনৰবাৰ নিশ্চিত হ’ব খুজিছিল আমি গুৱাহাটীৰ পৰা বাংলাদেশলৈ পথযাত্ৰা কৰোঁতে তেওঁৰ সকলোবোৰ ঔষধ-পাতি লগত অনা হ’লনে নাই বুলি। মই মোৰ স্মাৰ্টফোনত ব্যস্ত আছিলো টুইটাৰ বা ফেইচবুকত মেক হকক বিচাৰি পাওঁ বুলি। ফেইচবুকত বিচাৰি পাই মই তেওঁক মেছেজ কৰিলো, আৰু দুঘণ্টামানৰ পিছত মোৰ ফোনত বাৰ্তা আহিল মেক হকৰ ৰিপ্লাইৰ: “মই কাইলৈ গোটেই দিনটো খালী আছো, মই তোমাক লগ পালে ভাল পাম। এইটো মোৰ নম্বৰ, ফোন কৰিবা।”
মই নম্বৰটোত ফোন কৰিলো আৰু মোৰ ভঙা ভঙা বাংলাত কথা পাতিবলৈ আৰম্ভ কৰিলো, আৰু ক্ষন্তেক পাছত ফোনটো হাইদৰ হুছেইনক দিলো, কিন্তু মেকে খাটি শিৱসাগৰীয়া থাঁচত অসমীয়াত কথা পাতিবলৈ আৰম্ভ কৰিলে। আমি অবাক হৈ পৰিলো। এটা ভাষাত মাইক্ৰ’ফোনত কেইষাৰমান কথা কোৱা আৰু বাৰ্তালাপ কৰাটো একেই কথা নহয়।
দ্বিতীয় দিনা পুৱা মেকে আমাক নমস্কাৰেৰে সম্ভাষণ জনালে তেওঁৰ মীৰপুৰস্থিত আৱাসগৃহ ‘বাউলিয়ানা’ত। তেওঁৰ ‘ঘৰ’—অসম—ৰ পৰা অহা দুজন অচিনাকি ব্যক্তিক আদৰিবলৈ পাই মেক প্ৰকাশ্যে সুখী হৈছিল। পাছত তেওঁ ক’লে, “মই সদায়ে অসমৰ পৰা অহা অতিথিক আতিথ্য জনাবলৈ সুযোগ নাপাওঁ।” চিত্ৰ, কলাসুলভ পোষ্টাৰৰ লগতে শৰাই, বতা আৰু বানবাতিৰে সজাই-পৰাই ৰখা চ’ৰাঘৰত বহি মেকক আমি প্ৰথমেই সুধিলো তেওঁৰ সাৱলীল অসমীয়াৰ বিষয়ে। “এয়া মোৰ মা-দেউতাৰ কাৰণে। মই আৰু মোৰ ভনী ডাঙৰ হওঁতে আমাৰ দেউতাই কঠোৰ নিয়ম বান্ধি দিছিল – ঘৰত থাকোতে অসমীয়াত কথা পাতিব লাগিব নহ’লে বেতৰ কোব খাব লাগিব।”
মেক বাংলাদেশত থকা এজন দ্বিতীয় প্ৰজন্মৰ গৰ্বিত অসমীয়া যাৰ ৰাষ্ট্ৰীয়তা (nationality) বাংলাদেশী কিন্তু জাতীয়তা (ethnicity) অসমীয়া। বাংলাদেশ আৰু অসমৰ প্ৰতি থকা তেওঁৰ প্ৰেমে আমাৰ ইতিহাসৰ সূক্ষ্ম প্ৰভেদ তথা জটিলতাৰ বহুতো কথাই সোঁৱৰায়। অসমত ‘বাংলাদেশী’ শব্দটোৱেই চুড়ান্ত ক্ষোভৰ উদ্ৰেক কৰে – ‘অবৈধ’ অনুপ্ৰৱেশ আৰু তথাকথিত জনস্ফীতি ইত্যাদি সমস্যাৰ কাৰণে আমি বাংলাদেশক সন্দেহৰ দৃষ্টিৰে চাওঁ – কিন্তু মেকৰ পৰিয়ালৰ ইতিহাসে বিভাজন আৰু প্ৰব্ৰজনৰ কাহিনীৰ এক অস্বীকৃত অধ্যায় পোহৰলৈ আনে, ইতিহাসৰ এনে কাহিনী যি আমি নাজানো বা জ্ঞাতে-অজ্ঞাতে আওকাণ কৰো।
মেকৰ বংশ হৈছে আহোম ৰজাৰ ৰাজ-দৰবাৰৰ প্ৰভাৱশালী ‘ফাৰ্চি পাৰা’ বা পাৰ্ছী পাঠকৰ কুলৰ। তেওঁৰ পিতৃ তথা ব্ৰিটিছ ভাৰতীয় নৌ-সেনাৰ এজন স্বনামধন্য নাবিক জাইওল হকে ১৯৫২ চনত অসমৰ যোৰহাটৰ ৰজাবাৰীস্থিত পৈতৃক গৃহৰ পৰা পূব পাকিস্তানলৈ প্ৰব্ৰজন কৰে। কেৱল এজনৰ বাহিৰে তেওঁৰ আটাইকেইজন খুৰাকেও জাইওল হকৰ পথকে লয় আৰু পূব পাকিস্তানলৈ প্ৰব্ৰজন কৰে। ঢাকাৰ পৰা ২০ কিলোমিটাৰ দূৰৈৰ এক মূখ্য নদী বন্দৰ নাৰায়ণগঞ্জত থিতাপি লৈ জাইওল হকে চেণ্ডোজ ডাইজ এণ্ড কেমিকেল লিমিটেড নামৰ চুইজাৰলেণ্ডকৰ এটা কোম্পানীত সোমায়। আৰু এই নাৰায়ণগঞ্জতে ১৯৫৭ চনত মেক হকৰ জন্ম হয়।
বিভাজনৰ পাছত যোৰহাট, নগাওঁ, শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ কেইশমান অসমীয়া মুছলমানে পূব পাকিস্তানলৈ প্ৰব্ৰজন কৰিবলৈ সিদ্ধান্ত লৈছিল। তেওঁলোক সকলোৱেই হকৰ পৰিয়ালৰ দৰে প্ৰতিপত্তিশালী উচ্চ মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালৰ আছিল। বিভাজনৰ সময়ত অসমীয়া মুছলমানসকল নিৰ্যাতিত হোৱা নাছিল বা কোনো ধৰণৰ অনিৰাপত্তাৰ কলীয়া ডাৱৰো নাছিল। গতিকে মই ভাবিছিলো প্ৰব্ৰজনৰ এই বিশেষ সোঁতটোৰ কাৰণ কি। মেকে আমাক জনালে: “এয়া কোনোধৰণৰ ভগন বা exodus নাছিল, এয়া আছিল কোনো-কিছুৱে নিজৰ পছন্দমতে কৰা প্ৰব্ৰজন। অসমীয়া মুছলমানসকলে ভাবিছিল যে তেতিয়াৰ পূব পাকিস্তান – বৰ্তমানৰ বাংলাদেশ – হৈছে এখন সুযোগ-সুবিধাৰ দেশ, য’ত তেওঁলোকে ভাবিছিল যে অসামৰিক সেৱা, ৰেলসেৱা আৰু সশস্ত্ৰ বাহিনীত তেওঁলোকে নিজৰ আৰ্জিত দক্ষতাৰে বৃত্তিগত জীৱন উন্নত কৰিবলৈ সুযোগ পাব।”
মেকে আৰু উনুকিয়াইছিল যে বিভাজনৰ ঠিক পাছতে পূব পাকিস্তানলৈ প্ৰব্ৰজন কৰিবলৈ সিদ্ধান্ত লোৱা অসমীয়া মুছলমানসকলৰ কাৰণে এইটো একো কঠিন সিদ্ধান্ত নাছিল, কিয়নো তেওঁলোক অন্ততঃ নিজৰ ঘৰ আৰু আপোনসকলৰ পৰা মাত্ৰ কেইশমান কিলোমিটাৰ দূৰৈতে থাকিব। ১৯৫০ৰ দশকৰ শেষৰ ফাললৈকে পাৰপত্ৰৰ ভূত ওলোৱা নাছিল আৰু ভাৰত আৰু পাকিস্তানৰ মাজৰ ভিজা ব্যৱস্থাও চালুকীয়া অৱস্থাতে আছিল। ঢাকা বা চিটাগঙৰ পৰা ৰেলত উঠি গোলাঘাটৰ ফৰকাটিং জংচন পাবলৈ ২৪ ঘণ্টাতকৈও কম সময় লাগিছিল। প্ৰব্ৰজনকাৰী পৰিয়ালবোৰৰ মাজত পূব পাকিস্তানৰ পৰা বা পূব পাকিস্তানলৈ সঘনাই অহা-যোৱা কৰাতো নিতান্তই স্বাভাৱিক আছিল।

(গ)
এখন যুদ্ধ আৰু পথৰ কণ্টক…
১৯৬৫ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধই সকলো সলনি কৰিলে। কঠোৰ ভিজা ব্যৱস্থাৰ বাবে সীমান্ত অতিক্ৰমি অহা-যোৱা কৰাতো পৰিয়ালবোৰৰ কাৰণে প্ৰায় অসম্ভৱ হৈ পৰিল। তদুপৰি সীমান্তৰ দুয়োপাৰে ৰাষ্ট্ৰৰ প্ৰতি থকা আনুগত্যৰো পৰীক্ষণ আৰম্ভ হ’ল। বিমলা প্ৰসাদ চলিহা নেতৃত্বাধীন অসম চৰকাৰে অসমত থাকি যোৱা মেকৰ একমাত্ৰ আৰু সবাতোকৈ ডাঙৰজন খুৰাকক পাকিস্তানী এজেণ্ট বুলি গ্ৰেপ্তাৰ কৰিছিল আৰু কেইবামাহৰ কাৰণে যোৰহাট কাৰাগাৰত ৰাখিছিল।
অস্পষ্ট হ’লেও নিজৰ শৈশৱকালৰ অসম ভ্ৰমণৰ সুমধুৰ স্মৃতি আছে মেকৰ। মই সুধিলো শৈশৱৰ কোনটো অসম ভ্ৰমণ তেওঁৰ স্মৃতিত খোদিত হৈ আছে। ১৯৭২ চনৰ অসম ভ্ৰমণ তেওঁৰ কাৰণে বিশেষভাৱে প্ৰিয়, কিন্তু এই ভ্ৰমণৰ আঁৰত আছে এক কাহিনী – কায়ক্লেশ, সাহস তথা আশ্ৰয় আৰু ‘ঘৰ’ৰ প্ৰতি থকা এক তীব্ৰ আকাংক্ষাৰ কাহিনী – বাংলাদেশ আৰু অসমৰ।
১৯৭১ চনৰ মাৰ্চ মাহত বাংলাদেশৰ মুক্তিযুদ্ধ আৰম্ভ হোৱাৰ পাছত সহস্ৰাধিক বঙালী ভাৰতলৈ গুচি আহিছিল। কিন্তু প্ৰায় তিনিশমান অসমীয়া একগোট হৈ ন মাহ লুকাই আছিল জীয়াই থকাৰ তাড়নাত। কিছুসংখ্যকে মুক্তি বাহিনীত যোগ দি পাকিস্তানী সেনাবাহিনীৰ বিৰুদ্ধে যুদ্ধও কৰিছিল। মেকে আমাক ক’লে যে বাবলু ৰছিদ নামৰ এজন দ্বিতীয় প্ৰজন্মৰ অসমীয়া পাকিস্তানী সেনাবাহিনীৰ উৎপীড়নৰ বলি হৈ শ্বহীদ হৈছিল আৰু ফাৰুক আহমেদ নামৰ আন এজন অসমীয়া মুক্তি বাহিনীৰ নামজ্বলা গেৰিলা যুদ্ধা আছিল।
কিন্তু মুক্তিযুদ্ধৰ সময়ত মেকৰ নিজৰ পৰিয়াল কৰাচীত ফচি আছিল। ১৯৭২ চনৰ ফেব্ৰুৱাৰী মাহত মেকৰ দেউতাক জাইওল হকৰ হৃদযন্ত্ৰজনিত ৰোগৰ কাৰণে পৰিয়ালটোৱে আফগানিস্তান হৈ পাকিস্তানৰ পৰা পলাই আহিবলৈ প্ৰথম প্ৰয়াস কৰিছিল। কিন্তু বালুচিস্তানৰ কুৱেটাৰ ওচৰত সীমান্ত পহৰাদাৰী সেনাই তেওঁলোকক ধৰা পেলাইছিল। একে চনৰে ডিচেম্বৰ মাহত শ্বেইখ মুজিবুৰ ৰহমান আৰু আৱামী লীগৰ সৈতে সম্পৰ্ক থকা নাজেৰ আহমেদ খান নামৰ এজন ৰাজনীতিবিদৰ সহায়ত তেওঁলোকে পলাবলৈ দ্বিতীয়বাৰ প্ৰয়াস কৰে আৰু অৱশেষত সাত দিনৰ যাত্ৰাৰ অন্তত কাবুলত উপস্থিত হয়গৈ।
বৰফেৰে আবৃত কাবুলত যেতিয়া ঘোষণা কৰা হ’ল যে বিমানত প্ৰথমে বাংলাদেশী শৰণাৰ্থীক উঠিবলৈ দিয়া হ’ব, মেকে গৰ্বেৰে স্মৃতি ৰোমন্থন কৰি কয় যে তেওঁ ‘জয় বাংলা’ বুলি চিঞৰি উঠিছিল আৰু লগে লগে শতাধিক লোকে তেওঁৰ লগত একেলগে চিঞৰিছিল।
অসমত থকা তেওঁৰ আত্মীয়ই ভাবি লৈছিল যে মুক্তিযুদ্ধত জাইওল হক আৰু তেওঁৰ পৰিয়ালৰ মৃত্যু হৈছে বুলি। তেওঁলোক জীয়াই থকা বুলি আৰু পাকিস্তানৰ পৰা কাবুল হৈ পলাই আহিছে বুলি জানিব পাৰি মেকৰ খুৰাক চাফিকুৰ ৰহমান হোংকাৰে তেওঁলোকক দিল্লী বিমানবন্দৰত লগ ঘৰি একেলগে যোৰহাটলৈ উৰা মাৰে। যোৰহাটৰ বৰহোলাত দহ দিন থকাৰ পাছত তেওঁলোকে অৱশেষত কলিকতাৰ পৰা নিজৰ ন-কৈ স্বাধীন হোৱা মাতৃভূমিলৈ উৰা মাৰে। ঢাকাৰ তেজগাওঁ বিমানবন্দৰত নামি জাইওল হকে তেওঁৰ পুতেকক এইবুলি শপত খোৱাই যে তেওঁলোকে আৰু কেতিয়াও বাংলাদেশ এৰি নাযায়। মেকৰ ভাষাত, “বাহিৰত থিতাপি লোৱাৰ বহুত সুযোগ পোৱা সত্বেও মই এতিয়াও এই শপতক সন্মান জনাওঁ আৰু আশা কৰো যে মই জীয়াই থকা পৰ্যন্ত এই শপত ৰাখিব পাৰিম।”

(ঘ)
পুৰণি বন্ধুত্বক নতুনকৈ গাঁঠি দি…
পুৱাৰ বেছিভাগ সময় আমি মেকৰ পৰিয়াল, প্ৰব্ৰজনৰ ইতিহাস আৰু বাংলাদেশৰ অসমীয়া সম্প্ৰদায়ৰ বিষয়ে কথা পাতিয়েই কটালো। আমি বাংলাদেশ আৰু অসমৰ বৰ্তমানৰ ৰাজনৈতিক সমস্যাৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰো মানে ইতিমধ্যে আমাৰ কেইজনমান বাংলাদেশী মানৱ অধিকাৰ কৰ্মীৰ সৈতে সাক্ষাৎ হোৱাৰ কাৰণে পলমেই হৈছিল। মেকে সুধিলে, “আপোনালোক কাইলৈও বাংলাদেশত থাকিবনেকি? আপোনালোকে কমৰেড মানস চৌধুৰীক লগ ধৰিবই লাগিব। মই তেওঁক ফোন কৰিছো ৰ’ব।” “কথা হ’ল। কাইলৈৰ ৰাতিৰ সাজ ইয়াতে। মানসো আমাৰ লগত থাকিব।” গতিকে পৰৱৰ্তী দিনা সন্ধিয়া আমি পুনৰ বাউলিয়ানাত লগ হ’লো। এইবাৰ আমাৰ লগত আছিল এখন ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ নৃতত্ব বিভাগৰ যুৱ অধ্যাপক কমৰেড প্ৰফেছাৰ মানস চৌধুৰী আৰু মেকৰ উকীল তথা সমাজকৰ্মী জীৱনসংগী লিৰা এছ. হক।
আমাৰ সাক্ষাৎ এক মুকলি ৰাজনৈতিক আড্ডা হৈ পৰিল। আমি ঢাকাত আলফা নেতৃবৃন্দৰ আশ্ৰয়ৰ পৰা আৰম্ভ কৰি উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱৰ্তিত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন বা চমুকৈ আফচপা (AFSPA) তথা বাংলাদেশত দেশখনৰ সেনাবাহিনীৰ ব্যৱসায়িক স্বাৰ্থ, দক্ষিণ এছিয়াত বাওঁপন্থী আন্দোলনৰ স্থিতি, সংখ্যালঘু ৰাজনীতি আৰু অসম তথা বাংলাদেশত সংখ্যালঘুৰ ওপৰত কৰা ৰাজনীতি আৰু অসম আৰু বাংলাদেশৰ সাম্প্ৰদায়িক আৰু ভাষিক জাতীয়তাবাদৰ ওপৰত আলোচনা কৰিছিলো।
বঙালী জাতীয়তাবাদৰ সৰৱ সমালোচক মানসে ক’লে, “বঙালী জাতীয়তাবাদ হৈছে ক্ষমতাত থকাসকলৰ কাৰণে স্থিতাৱস্থা বজাই ৰখাৰ এক অস্ত্ৰ, যাতে ৰাজনৈতিক সমালোচনা বংগবন্ধু-ৰবীন্দ্ৰনাথ-নজৰুল-সোণাৰ বাংলাৰ উৰ্দ্ধত যাব নোৱাৰে আৰু তেওঁলোকে যাতে শাসনৰ বাঘজৰী নিজৰ হাততে ৰাখিব পাৰে।” দুষ্টামিৰ হাঁহি মাৰি মেকে ক’লে, “লালন ফকিৰক পাহৰি যাব নালাগে, যদিও বঙালী জাতীয়তাবাদৰ আলোচনাত আমাৰ অংশগ্ৰহণ একেবাৰে শেহতীয়া।”
এই আলোচনাৰ পাকতে মানসে উল্লেখ কৰিলে যে ৰবীন্দ্ৰনাথ ঠাকুৰক সাংগীতিকভাৱে পুনৰ্ব্যাখ্যা কৰিবলৈ অত্যুৎসাহ কৰাৰ কাৰণে কমৰেড মেকক গ্ৰেপ্তাৰ কৰা হৈছিল। মেক আৰু তেওঁৰ নতুন বেণ্ড, মকছুড অ’ ঢাকাই ‘অ’গ’ ভালোবাসা’ নামেৰে এটা এলবাম মুক্তি দিছিল যিটো হৈছে বাংলাদেশৰ প্ৰথমটো জেঝ-ৰক ফিউজন এলবাম। নবেল বঁটা বিজয়ী ৰবীন্দ্ৰনাথৰ এটা সংগীত সমন্বিত এইটো আছিল বঙালী ভাষাত ব্লুজ, জেঝ আৰু ফিউজন সংগীতৰ লগতে জেঝ আৰু ধ্ৰূপদী বঙালী সংগীতৰ ফিউজনৰ এটা পৰীক্ষামূলক এলবাম। তাকে লৈ ৰক্ষণশীল বঙালী সাংস্কৃতিক শুদ্ধতাবাদীসকলে হৈ-চৈ কৰাত মেকক গ্ৰেপ্তাৰ কৰি তিনি দিনৰ কাৰণে ঢাকা কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছিল। আনহাতে সংবাদ মাধ্যমে মেকৰ গ্ৰেপ্তাৰৰ মনেসজা ভুৱা কাৰণ প্ৰচাৰ কৰিবলৈ ধৰিলে। ফলত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰাৰ কাৰণে ৱাৰেণ্ট জাৰী হ’ল। মেকে জনালে যে ই তেওঁক এনে মানসিক আঘাত দিলে যাৰ কাৰণে তেওঁৰ পত্নী, পুত্ৰ আৰু বন্ধুবৰ্গই তেওঁক এখন গোপন ক্লিনিকত প্ৰায় এবছৰমান ৰাখিছিল।
লিৰাই আমাক ভদ্ৰভাৱে সোঁৱৰালে যে আমি খোৱা মেজৰ ফালেও চকু দিব লাগে। ৰাতিৰ সাজত আছিল ভাত, কুকুৰা মাংসৰ জোল আৰু খাওঁতাৰ কাৰণে ভজা গৰু মাংস।
খাই থাকোতে মই মেকক ২০১৩ চনৰ ঢাকাৰ শ্বাহবাগ আন্দোলনৰ বিষয়ে সুধিলো য’ত শত-সহস্ৰ যুৱ বাংলাদেশীয়ে সংসদীয় ৰাজনীতিৰ পৰা ধৰ্মক সম্পূৰ্ণৰূপে পৃথক কৰিবলৈ দাবী জনাইছিল। মই ইতিমধ্যে জানিছিলো যে শ্বাহবাগ আন্দোলনত আগভাগ লোৱা শিল্পী-সমাজকৰ্মীৰ ভিতৰত মেক হকো অন্যতম আছিল। মেকে গৰ্জি উঠি উত্তৰ দিলে, “আমি মোল্লাবোৰক ভালকৈয়ে এসেকা দিলো।”
ইতিমধ্যে প্ৰায় মাজৰাতি হৈছিল। চাদত চিগাৰেট হুঁপি হুঁপি কৰা চমু আলাপৰ পাছত হাইদৰ হুছেইন, মেক হক আৰু মানস চৌধুৰী চ’ৰাঘৰলৈ উভতি আহিল আৰু প্ৰায় একেস্বৰে তেওঁলোকে কৈ উঠিল, “হয়, অসম আৰু বাংলাদেশ সন্দৰ্ভত বহুতো ভুল বুজাবুজি আৰু মিছা সন্দেহ আছে।” অদূৰ ভৱিষ্যতে গুৱাহাটীত এখন দুদিনীয়া অসম-বাংলাদেশ নাগৰিক সমাজ আলোচনাচক্ৰ তথা সাংস্কৃতিক সন্মিলন অনুষ্ঠিত কৰাৰ বিষয়ে কথা পাতি আমি আমাৰ বাৰ্তালাপৰ মোখনি মাৰিলো।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.