সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শুভ জন্মদিন, দেৱাংগনা কলিতা

[কভিড-১৯ মহামাৰীয়ে জুৰুলা কৰাৰ সময়তে ভাৰত চৰকাৰে দহ দিনৰ ভিতৰত চাৰিবাৰকৈ আটক কৰা দেৱাংগনা কলিতাৰ বন্ধু-বান্ধৱী আৰু মিৰাণ্ডা হাউছ কলেজৰ সহপাঠীয়ে তেওঁলৈ এইখন পত্ৰ লিখিছিল। জামিন পোৱাৰ পাছতো বাৰে বাৰে দেৱাংগনাক নতুন নতুন এজাহাৰৰ ভিত্তিত UAPA-কে ধৰি কেইবাখনো কঠোৰ আইনৰ আওতাত পুনৰাই আটক কৰি ৰাখিছে।চিঠিখন ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছে বিশ্বজিৎ বৰাই।]

 

মৰমৰ দেৱাংগনা,
এই মাহত তোমাৰ ৩১ বছৰ হ’ব আৰু এইবাৰ তোমাৰ জন্মদিন আগৰ দৰে নহয়, এক বিশেষ ধৰণেৰে পাৰ হৈ যাব। বাতৰি কাকতবোৰে তুমি কি পৰিস্থিতিৰ মোকাবিলা কৰিব লগীয়া হৈছে, তাৰ বিষয়ে বহু কথাই লিখিছে; আৰু দেশৰ বহুতো লোকেই এতিয়া তোমাৰ নামটো শুনিছে। কিন্তু তেওঁলোকে তোমাক আমি যেনেকৈ জানো, তেনেকৈ নাজানে।
আমি তোমাক কেইবাবছৰ ধৰি চিনি পাওঁ – অতি মৰমৰ বান্ধৱী হিচাপে, অনবৰতে সহায় কৰিবলৈ ইচ্ছুক ৰুমমেইট হিচাপে, উদাৰ সহকৰ্মী হিচাপে, লগৰে তাৰ্কিক হিচাপে, এগৰাকী উজ্জ্বল ছাত্ৰী হিচাপে, আৰু শিক্ষানুষ্ঠানৰ চৌহদ তথা তাৰ বাহিৰতো অন্যায় আৰু অসমতাৰ এগৰাকী আপোচবিহীন সমালোচক হিচাপে। আমাৰ মাজৰ বহুতৰে মনত আছে তুমি কিদৰে কাজলসনা চকুৰে স্কাৰ্ট পিন্ধি খিলখিলীয়া হাঁহিৰে উৰি ফুৰিছিলা, যেন তুমি এটা অনাবিল শক্তিৰ উঁহহে – যাৰ হাঁহিৰ প্ৰতিধ্বনি আমাৰ ছাত্ৰী আৱাসৰ ৰঙা ইটাৰ দেৱালত খুন্দা খাই বিয়পি পৰিছিল।
যদিও ছাত্ৰী আৱাসৰ এগৰাকী সাধাৰণ নিবাসীৰ দৰেই তুমিও কোনোমতেহে দৌৰাদৌৰিকৈ শ্ৰেণীকোঠাত উপস্থিত হৈছিলাগৈ, বিদ্যায়তনিক দিশত তুমি সদায়ে জিলিকি আছিলা – তোমাৰ সকলো শিক্ষাদাতায়েই তোমাক এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন উদীয়মান বিদ্যাৰ্থী বুলিয়েই জানিছিল। ইংৰাজী সাহিত্য আৰু পাছলৈ বুৰঞ্জীৰ ছাত্ৰী হিচাপে তুমি কল্প-সাহিত্য আৰু জীৱন, এই দুয়োক্ষেত্ৰতেই ক্ষমতাৰ ক্ৰিয়াকাণ্ড সূক্ষ্মাতিসূক্ষ্মকৈ বুজিবলৈ প্ৰয়াস কৰিছিলা। আনৰ দৃষ্টিভংগী বুজি পাবলৈ তুমি সদায়ে উৎসুক আছিলা আৰু তৰ্কৰ জৰিয়তে তুমি নিজৰ মতামত পৰ্যালোচনা কৰিবলৈ বা পুনৰাই বিবেচনা কৰিবলৈও সাজু আছিলা। আৰু এতিয়াও তুমি একেই আছা। এটা গোচৰত তোমাক অন্তৰ্বৰ্তীকালীন জামিন দিওঁতে দণ্ডাধীশে কৈছিল যে পদকীয়া (অৰ্থাৎ তুমি) হৈছে সু-শিক্ষিত আৰু সমাজৰ সৈতে দৃঢ়ভাৱে জড়িত।
মহিলা বিকাশ কোষ (Women’s Development Cell)-ত তুমি প্ৰচণ্ডভাৱে সক্ৰিয় আছিলা আৰু কলেজ তথা ছাত্ৰী আৱাস কিয় আৰু কিদৰে মুক্ত চিন্তাৰ প্ৰতিভূ, স্বাধীন উদীয়মান মহিলাৰ জন্ম দিবলৈ সক্ষম হ’ব লাগে, সেই বিষয়ে সদায়ে মাত মাতিছিলা। আমাৰ মনত আছে প্ৰত্যেক প্ৰতিষ্ঠানতে এক সক্ৰিয় লিংগ কোষ (Gender Cell) আৰু আভ্যন্তৰীণ অভিযোগ সমিতি (Internal Complaints Committee) থকাৰ সপক্ষে আৰু ‘বিশাখা নিয়মাৱলী’ৰ কাৰ্যকৰীকৰণৰ কাৰণে গোটেই বিশ্ববিদ্যালয় জুৰি চলা আন্দোলনত তুমি কিদৰে অংশগ্ৰহণ কৰিছিলা। দিল্লী বিশ্ববিদ্যালয়ৰ বাট-পথ আৰু মহানগৰখনত অধিক ষ্ট্ৰীটলাইটৰ কাৰণে জনোৱা দাবীৰ পৰা আৰম্ভ কৰি সাৰ্বজনীন যাতায়াত ব্যৱস্থা সুলভ আৰু বিকশিত কৰাৰ দাবী, সক্ৰিয় হেল্পলাইন নম্বৰৰ দাবী তথা ছাত্ৰীৰ কাৰণে নিৰাপদ ছাত্ৰীনিবাস আৰু পেয়িং গেষ্ট ব্যৱস্থাৰ দাবী জনোৱালৈকে তুমি সম্ভৱপৰ সকলো প্ৰয়াস কৰিছিলা।
আমি যিসকল তোমাৰ লগত কলেজত আছিলো, আমাৰ মনত আছে ২০০৮-০৯ বৰ্ষত ছাত্ৰী একতা সভাৰ উপ-সভানেত্ৰী পদৰ বাবে তোমাৰ প্ৰচাৰ অভিযানৰ কথা। আমি বহুতেই দিনে-ৰাতিয়ে স্বেচ্ছাই কাম কৰিছিলো তোমাৰ কাৰণে, কিয়নো তোমাৰ ওপৰত আমাৰ সঁচাকৈয়ে আন্তৰিক বিশ্বাস আছিল। ছাত্ৰ-ছাত্ৰীৰ ৰাজনৈতিক সক্ৰিয়তাক সাধাৰণতে শিক্ষাৰ বিপৰীত বুলি গণ্য কৰা হয় আৰু তুচ্ছ গুণ্ডাগিৰিৰ লগত তুলনা কৰা হয়। নিজকে এগৰাকী সৎ, দক্ষ, অমায়িক, আৰু দায়িত্বশীল প্ৰতিনিধি হিচাপে বাৰে বাৰে প্ৰমাণ কৰি তুমি সেই ষ্টেৰিঅ’টাইপ ভাঙিবলৈ সমৰ্থ হৈছিলা।
আমি জানো যে তোমাৰ চৌপাশৰ পৃথিৱীখন বুজিবলৈ আৰু শুধৰাবলৈ তোমাৰ যি যাত্ৰা, সেই যাত্ৰাত অধ্যয়ন আৰু সক্ৰিয় সমাজ-কৰ্ম দুয়োটাই অপৰিহাৰ্য আৰু ইটো সিটোৰ পৰিপূৰক। কাৰোবাৰ সফলতা কেৱল ধনৰ টোপোলা আৰু মেধাৰ মাপকাঠীৰে জোখা এই সমাজত তুমি অৰ্থনৈতিকভাৱে লোভনীয় কেইবাটাও সুবিধাক নেওচা‌ দিছা, যাতে তুমি মহিলাৰ অধিকাৰৰ কাৰণে তথা সামাজিক ন্যায় আৰু সমতাৰ কাৰণে বাধাহীন, আপোচবিহীনভাৱে যুঁজি যাব পাৰা।
ছাত্ৰী আৱাসত থাকোতে তুমি নিজৰ আনন্দৰ কাৰণে ছবি আঁকিছিলা, তোমাৰ সকলো নাৰীবাদী সপোনক ৰঙীন আৰু সাকাৰ কৰি তুলিবলৈ। আমাৰ মনত আছে ছাত্ৰী আৱাসৰ দেৱাল শুৱনি কৰা উজ্জ্বল ৰঙৰ তুমি অঁকা ছবিয়ে আমাক মনোমোহা কৰিছিল। আমি ভাবিবও নোৱাৰো, তুমি এতিয়া য’ত আছা, সেইখন এনে এখন ঠাই য’ত স্বাধীনতা নিজেই ব্যৰ্থ। আমি তোমাক যেনেকৈ জানো, আমি ভাবো তুমি বোধহয় তোমাৰ চৌপাশৰ সেই দেৱালকেইখনতো তোমাৰ মনৰ উজ্জ্বল ৰং নসনাকৈ থকা নাই।
শুভ জন্মদিন, দেৱাংগনা। আমি আশা কৰো, আমাৰ এই চিঠিখনে তোমাৰ মনলৈ এক আনন্দৰ ঢৌ কঢ়িয়াই আনিব আৰু তোমাক এই কথা সোঁৱৰাব যে আমি, তোমাৰ বন্ধু-বান্ধৱীবোৰে তোমাক সঁচাই কেনেদৰে চাওঁ। এইটো এক চিৰন্তন সত্য যে এটা বন্ধ বাকচত পৃথিৱীৰ সমস্ত পোহৰ ভৰাই ৰাখিলে বাকচটোৰ বাহিৰফালহে অন্ধকাৰত থাকে। আমি যদি তোমাৰ হকে তোমাৰ জন্মদিনত কিবা অভিলাষ কৰিব পাৰো, তেন্তে সেয়া হ’ব আমাৰ বহুতেই যাতে তোমাৰ দৰে হ’বলৈ সমৰ্থ হওঁ।
মৰমেৰে,
তোমাৰ বান্ধৱী আৰু সহপাঠীসকল

- Donation -

Leave A Reply

Your email address will not be published.