সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাগৰত শুই গ’ল ৰেলৱে ট্ৰেকত, প্ৰাণ গ’ল ১৪ শ্ৰমিকৰ

এফালে ক’ৰোনা ,আনফালে লকডাউনে যেন চেপি খুন্দি আনিছে খাটি খোৱা লোকৰ জীৱন৷জীৱিকাৰ তাড়নাত বহি:ৰাজ্যলৈ যোৱা বহু শ্ৰমিক এতিয়া পদব্ৰজে উভটিছে নিজৰ ঘৰলৈ৷ ঘৰলৈ ওভতাৰ পথতে আজি মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত সংঘটিত হ’ল এটা অত্যন্ত শোকাৱহ ঘটনা৷ ৰাজ্যখনৰ ভুছৱাল নামৰ ঠাইৰ পৰা জালনালৈ শ্ৰমিকৰ দুটা দল খোজকাঢ়ি ৰাওনা হৈছিল ৷ লক্ষ্য আছিল মধ্যপ্ৰদেশৰ নিজৰ গাঁৱলৈ বুলি এখন শ্ৰমিক স্পেচিয়েল ট্ৰেইনত উঠা৷ দীঘলীয়া সময় ধৰি প্ৰায় ৪৫ কিলোমিটাৰ খোজকঢ়াৰ ফলত তেওঁলোকৰ ভাগৰ লাগে আৰু ৰেলৱে ট্ৰেকৰ ওপৰতে শুই পৰে৷ নন্দেদ সংমণ্ডলৰ বদনাপুৰ আৰু কাৰমাদ ৰেলৱে ষ্টেচনত মাজত শ্ৰমিককেইজন শুই থকাৰ সময়তে তেওঁলোকৰ গাৰ ওপৰেদি পাৰ হৈ যায় এখন খালী মালবাহী ৰেল৷এই ঘটনাত ১৪ গৰাকী শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়৷ ৰাতিপুৱা প্ৰায় ৫.১৫ বজাত এই দুৰ্ঘটনা সংঘটিত হয় ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰমিক কেইজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.