সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মহামাৰীৰ মাজত নতুন জীৱন: ভাৰতত জন্ম হ’ব ২.১০ কৌটি শিশু

মহামাৰীৰ সংঘাতৰ মাজতে আহিছে নতুন জীৱনৰ খবৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে চলিত বছৰৰ মাৰ্চ মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত সমগ্ৰ বিশ্বত ১১ কৌটি ৬০ লাখ শিশুৰ জন্ম হ’ব৷ আৰু জন্মৰ তালিকাৰ শীৰ্ষস্থানত থাকিব ভাৰত৷ সংস্থাটোৰ মতে ভাৰতত এই সময়ছোৱাত জন্ম হ’ব ২ কৌটি ১০ লাখ শিশুৰ৷ ভাৰতৰ পিছতেই আছে চীন৷ চীনত মাৰ্চৰ পৰা ডিচেম্বৰৰ ভিতৰত ১ কৌটি ৩৫ লাখ শিশুৰ জন্ম হ’ব৷ ৬৪ লাখ শিশুৰ জন্মৰ সম্ভাৱনাৰে তালিকাৰ তৃতীয় স্থানত আছে নাইজেৰিয়া৷ পাকিস্তান আৰু ইণ্ডোনেছিয়াত ডিচেম্বৰ পৰ্যন্ত ক্ৰমে ৫০ আৰু ৪০ লাখ শিশুৰ জন্মৰ সম্ভাৱনা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ইফালে আমেৰিকাত এই সময়ছোৱাত ৩৩ লাখ শিশুৰ জন্ম হ’ব৷ নতুন জীৱনৰ আগমনৰ সম্ভাৱনাৰ মাজতো চিন্তিত হৈ পৰিছে ইউনিচেফ৷ কাৰণ ,জন্মৰ সম্ভাৱনাৰ তালিকাত থকা প্ৰথম পাঁচখন দেশত নৱজাতকৰ মৃত্যুৰ হাৰ বেছি৷ ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই হাৰ বৃদ্ধি পাব পাৰে বুলিও ইউনিচেফে আশংকা ব্যক্ত কৰিছে৷ ইউনিচেফৰ প্ৰশাসনিক প্ৰধান হেনৰিয়েটা ফোৰে কয়,’লক্ষ লক্ষ মাতৃৰে যেতিয়া তেওলোকৰ মাতৃত্বৰ যাত্ৰা আৰম্ভ কৰিছিল সেয়া আছিল বেলেগ এখন পৃথিৱী আৰু তেওঁলোকে নিজৰ সন্তান জন্ম দিব অন্য এখন পৃথিৱী৷’

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.