সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনা:অসমত নতুনকৈ আক্ৰান্ত ৮ জন ৷কোন ৰাজ্যত সৰ্বাধিক ?

বিগত ২৪ ঘন্টাত দেশত ৩হাজাৰতকৈ অধিক লোকৰ দেহলৈ ক’ৰোনা ভাইৰাছ সংক্ৰমিত হৈছে৷ইয়াৰ ভিতৰত অসমত কালিৰ দিনটোত আক্ৰান্ত হোৱা ৮ জন লোকো আছে ৷বৰ্তমান ভাৰতত ক’ৰোনা আক্ৰান্ত মুঠ লোকৰ সংখ্যা হ’ল ৫৬,৩৪২ গৰাকী৷ইয়াৰে ১৬ হাজাৰতকৈ অধিক ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে আৰু ১৮৮৬ গৰাকীৰ মৃত্যু হৈছে৷কালি মহাৰাষ্ট্ৰত সৰ্বাধিক ১২০০ লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে দিল্লীত ৪৪৮ টা নতুন পজিটিভ কেছ পোহৰলৈ আহে৷
• মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে সৰ্বাধিক লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ৰাজ্যখনত ১৭,৯৭৪ গৰাকী লোক ন’ভেল ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ৬৯৮ গৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে৷
• ক’ৰোনা সংক্ৰমিত ৰাজ্যৰ তালিকাত দ্বিতীয় স্থানত আছে গুজৰাট৷ গুজৰাটত ৭০১২ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৪২৫ গৰাকীৰ মৃত্যু হৈছে৷
• তামিলনাডুত এতিয়ালৈকে ৫,৪০৯ গৰাকী লোকলৈ ক’ৰোনাৰ সংক্ৰমন হৈছে৷
• অসমত এই সময়লৈ ৫৩ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ইয়াৰে ৩৪ গৰাকী ইতিমধ্যে সুস্থ হৈ উঠিছে আৰু এজনৰ মৃত্যু হৈছে৷কালি ক’ৰোনাত আক্ৰান্ত হোৱা ৮ জন লোকৰ ভিতৰত ২ গৰাকী চিকিৎসকো আছে৷ইয়াৰে এগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ৷এই ঘটনাৰ পাছতে জি এম চি এইচ পুনৰ নতুন ৰোগীৰ বাবে বন্ধ কৰি দিয়া হৈছে ৷বৰ্তমান ভৰ্তি হৈ থকা ৰোগীসকলক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ’ব৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.